1. News

বানপানীৰ পৰা হাত হাৰিবলৈ কৃষকসকলে এইটো কাম কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
What is PMFBY & its Benefit
What is PMFBY & its Benefit

আমাৰ যিসকল কৃষকৰ কৃষিভূমি বানপ্ৰবণ অঞ্চলত, সেইসকল কৃষকৰ বাবে লৈ আহিছো এটা আশাৰ বতৰা। বহু সময়ত আমাৰ কৃষকসকলে খেতি কৰে কিন্তু ৰুই অহা পাছৰদিনাই বা ৰুৱা ধানখিনি সেউজীয়া হৈ অহাৰ সময়তে বানপানীয়ে আহি মাৰি থৈ যায়। এই বানপানীৰ সমস্যাটোৱে আমাৰ কৃষকসকলক দিৰ্ঘদিন ধৰি সমস্যাত পেলাই আহিছে। এক কথাত অসমৰ কৃষক প্ৰতিবছৰে কামিহাড় ভাঙি আহিছে এই বানপানীয়ে। বানপানীৰ সমান্তৰালভাৱে অসমৰ ধান খেতিয়কসকলৰ মাজত খৰাঙৰ সমস্যাটোৱেও গাঢ় কৰি উঠিছে। আৰু শেহতীয়াকৈ পোকৰ আক্ৰমণৰো বলি হ’ব লগা হৈছে অসমৰ কৃষকসকল।

এই সমস্যাসমূহে কৃষকৰ কামিহাড় ভাঙিব নোৱৰা, কৃষকৰ বন্ধু হৈ থিয় দিব পৰা এখন আঁচনিৰ বিষয়ে আজি আপোনাক জনাম। এই আঁচনিখনে প্ৰাকৃতিক দুৰ্যোগত বিনষ্ট হোৱা ধান খেতিৰ ক্ষতিপূৰণ কৃষকজনক।প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিবলৈ প্ৰণয়ন কৰা এই আঁচনিখনৰ নাম প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা। এই আঁচনিখনৰ অধিনত দেশৰ কেইবাবিধ শস্যৰ বীমা কৰাব পাৰে। কৃষকসকলে জিলা কৃষি কাৰ্যালয় আৰু ষ্টেটবেংকৰ বিষয়াৰ লগত যোগাযোগ কৰি নিজৰ ধাননিপথাৰ বীমা কৰাব। বীমা কৰোৱাৰ অন্তত যদি কোনো প্ৰাকৃতিক কাৰণত খেতিডৰা নষ্ট হয় তেতিয়া কৃষকজনে খেতি-পথাৰত খৰচ কৰা ধনৰ ক্ষতিপুৰণ পাব।

লগতে পঢ়ক- 

G9 banana : একলাখ টকা খৰচ কৰক এবছৰতে ৫-৬ লাখ টকা উপাৰ্জন কৰক

শস্যৰ বীমা কৰিব কৰিবলৈ কৃষকজনক মাটিৰ প্ৰপত্ৰ, গাঁওবুঢ়াৰ প্ৰমাণ পত্ৰ, বেংক একাউন্ট, আধাৰ কাৰ্ড আদিৰ প্ৰয়োজন হ’ব।  ১ বিঘা মাটিত বীমা কৰোতে খুব বেছি ২০ টকা মান হ’ব। এই ২০ টকা খৰচ কৰাৰ ফলত আপোনাৰ যদি কোনো প্ৰাকৃতিক কাৰণত; যেনে- বানপানীত মৰিলে, খৰাঙৰ বাবে ধান ভাল নহ’লে, কীট-পতংগৰ আক্ৰমণত খেতি নষ্ট হ’লে আপুনি ক্ষতিপুৰণ পাব।

আমাৰ কৃষক বন্ধুসকলক জনাও, আমাৰ বেছিভাগ ধাননী পথাৰেই বানৰ কৱল পৰে। বহু কৃষকে দুই তিনিবাৰ পথাৰত ধান ৰুব লগা পৰিস্থিতি হয়। ফলত বাৰে বাৰে লোকচানৰ সন্মুখীন হয় কৃষকসকল। এই সমস্যাৰ পৰা আমাৰ কৃষকসকল লোকচানৰ সন্মুখীন নহ’বলৈ ফচল বীমা আঁচনিৰ অধিনত ধানৰ বীমা কৰি লওঁক আৰু নিৰ্ভয়ে থাকক।

লগতে পঢ়ক- 

কিয় ৯০ শতাংশ খাদ্যসামগ্ৰীৰ বাবেই বহি:ৰাজ্যৰ কৃষকৰ ওপৰত নিৰ্ভৰশীল আমি!

English Summary: What is PMFBY & its Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.