1. এগ্ৰিপেডিয়া

G9 banana : একলাখ টকা খৰচ কৰক এবছৰতে ৫-৬ লাখ টকা উপাৰ্জন কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Banana farming Time
Banana farming Time

সম্প্ৰতি কল খেতিয়ো এক লাভজনক খেতিলৈ ৰূপান্তৰ হৈছে। অসমৰ বহু কৃষকে এতিয়া কলৰ খেতি কৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ অসমৰ কৃষকে কৰিবলৈ লোৱা এটা হাইব্ৰীড প্ৰজাতিৰ কলৰ জাত হ’ল- G9। এই কল ফল হিচাপে খোৱাৰ উপৰি পাচলি হিচাপেও খাব পাৰি। আমি কাছকল যিদৰে পাচলি হিচাপে খাও। তেনেদৰে জি-৯ প্ৰজাতিৰ কলো পাচলি হিচাপে খাব পাৰি। জি-৯ প্ৰজাতিৰ কলৰ এই বৈশিষ্ট্যৰ বাবে কৃষকজনৰ সুবিধা হয়।

এই কলৰ খেতিৰ উপযুক্ত সময় জুন-জুলাই। আমাৰ কৃষকসকলে আগন্তুক জুন-জুলাই মাহত ইয়াৰ খেতি কৰিব পাৰে। পানী জমা নোহোৱা বালিয়া মাটি কল খেতিৰ বাবে উপযোগী। কলৰ খেতি ব্যৱসায়িকভাৱে আমাৰ কৃষকসকলে কৰিবলৈ হ’লে  পানীৰ ব্যৱস্থা কৰি ল’ব লাগে। বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি চলিলে লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। পৰাপক্ষত অধিক মাটিত ব্যৱসায়িকভাৱে খেতি কৰাৰ পূৰ্বে কৃষকজনে কৃষিভূমি খিনি কল খেতিৰ বাবে উপযোগী হয় নহয় পৰীক্ষা কৰি ল’ব লাগে। লগতে কৃষি বিজ্ঞানীসকলৰ পৰামৰ্শ লৈ কামবোৰ আগবঢ়াই নিব লাগে।

লগতে পঢ়ক- 

G9 Banana Farming : ধান নোহোৱা এবিঘা মাটিত এইবাৰ এই জাতৰ কলৰ খেতি কৰক

শেহতীয়াকৈ আমি হাৰিয়ানাৰ ফৰিদাবাদৰ কলৰ খেতিয়ক সটবীৰ সিঙৰ কলৰ বাগানাত উপস্থিত আছিলো। তেওঁ ৩ একৰ কৃষিভূমিত জি-৯ প্ৰজাতিৰ কলৰ খেতি কৰিছে। কলৰ বাগানখনত উপস্থিত হৈ আমি দেখিছিলো- কলৰ পুলিৰ পৰা পুলিৰ দূৰত্ব ৬ ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৬ ফুট কৈ ৰাখিছে। তেওঁ কয়- এক একৰ কৃষিভূমিত ১২০০ টা কলৰ পুলি ৰোপন কৰিব পাৰে। এক একৰ কৃষিভূমিত কলৰ খেতি কৰিবলৈ প্ৰায় ১ লাখ টকা খৰচ হয়। কিন্তু এবছৰতে এক একৰ কৃষিভূমিৰ পৰা এজন কৃষকে ৫ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে। তেওঁক সোধা এক প্ৰশ্নৰ উত্তৰত কয়-  কলৰ বাগানখনত থকা কলবোৰ দুবছৰতকৈ অধিক সময় থাকিব নিদিয়ে, কলবোৰ দুবছৰ হোৱাৰ পাছতে সেই ঠাইৰ পৰা কলবোৰ উঠাই অন্য খেতি কৰিব। তেওঁ কয়- দুবছৰৰ পাছৰ পৰা কলবোৰৰ উতপাদন কম হয়। কথা-বতৰাৰ মাজতে কৃষক টছবীৰ সিঙে কয়- কলৰ খেতি লাভ উঠাবলৈ কলৰ বজাৰখনৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। যি সময়ত কলৰ প্ৰয়োজন হয় সেই সময়ত কল পুৰঠ হোৱাকৈ কলৰ পুলি ৰোপন কৰিব লাগে।

অসমৰ কৃষিভূমিয়ো কল খেতিৰ বাবে উপযোগী। আৰু বহুজনে কলৰ খেতিৰে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈয়ো সক্ষম হৈছে। কল খেতিৰে অসমত বিশেষ সফলতা লাভ কৰাৰ কৃষকসকলৰ ভিতৰত গোৱালপাৰাৰ দেৱব্ৰত ৰাভা। তেওঁ বিগত দীৰ্ঘদিন ধৰি কলৰ খেতি কৰি আহিছে। অসমত বিভিন্ন ঠাইত খালি মাটি পৰি থাকে। সেই খালী মাটিসমূহত আামাৰ নিৱনুৱা যুৱক-যুৱতীসকলে পানীৰ সুব্যৱস্থা কৰি বিজ্ঞানসন্মতভাৱে কলৰ খেতি কৰিলে নিশ্চিতভাৱে আমাৰ কৃষকসকল উপকৃত হ’ব।

লগতে পঢ়ক- 

মিশ্ৰিত পদ্ধতিৰে ধান আৰু ড্ৰেগনৰ খেতিৰে কৰিছে Double Income ডিব্ৰুগড়ৰ দুলেন গগৈয়ে

English Summary: Invest 1 lakh, acquire 5 lakhs profit in One Year

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.