Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 26 November, 2024 12:53 PM IST
Chief Guest of MFOI 2024

কৃষক বুলিলে আপোনাৰ মনলৈ কেনেকুৱা এখন আহে! বা আপুনি গোগলত কৃষক বুলি যেতিয়া অনুসন্ধান কৰে তেতিয়া কেনেকুৱা এখন ছবি আপোনাৰ আগত গোগলত দাঙি ধৰে! নিশ্চিতভাৱে এখন মলিয়ন ধুতি পিন্ধা, বোকা-পানী পানীৰে মুগা বৰণ হোৱা এটা চোলা পিন্ধা আৰু মূৰত পাগুৰি মৰা এজন ব্যক্তিৰ এখন ছবিয়েই মনলৈ আহে। বা গোগলত অনুসন্ধান কৰিলেও তেনে এজন কৃষকৰ এখন ছবিয়েই গোগলে আমাৰ আগত দাঙি ধৰে। সঁচা অৰ্থত ভাৰতবৰ্ষৰ অধিকাংশ কৃষকেই তেনেকুৱা এখন ছবিৰে গৰাকী। যাৰবাবে কৃষক বুলিলেই আমাৰ মনলৈ আহে দুখিয়া, দৰিদ্ৰ, নিষ্পেষিত, নিৰক্ষৰ বা প্ৰতিদিনে অভাৱ-অনাটনৰ সৈতে যুঁজি থকা এজন ব্যক্তি। কৃষক বুলিলে এনেকুৱা এখন ছবি মনলৈ অহাৰ বাবেই কৃষিক বৃত্তি হিচাপে ল’বলৈ আধুনিক শিক্ষাৰে শিক্ষিত ব্যক্তিসকলে ভয় কৰে, বা কৃষিবৃত্তিৰে জড়িত ব্যক্তিক অলপ হেয় দৃষ্টিৰে চোৱা হয়।

যাৰবাবে পিতৃয়ে নিজৰ বৃত্তিটোৰে পুত্ৰ জড়িত হৈ নপৰক বা পিতৃৰ বৃত্তিটো ল’বলৈ পুত্ৰই বহুসময়ত শংকা আৰু দ্বিধা অনুভৱ কৰে। কাৰণ পিতৃয়ে কৃষি বৃত্তিটোৰ লগত পুত্ৰক জড়িত হ’বলৈ নিদিয়াৰ মূলতে তেওঁ এজন কৃষক হৈ অভাৱ-অনাটনৰ লগত প্ৰতিদিনে যুঁজিব লগা হৈ আহিছে। সেই অভাৱ-অনাটনৰ সৈতে পুত্ৰই যুঁজিব লগা নহওঁক বুলি ভাৱে। বিকল্প বৃত্তি লওঁক বুলি ভাৱে। একেদৰে পুত্ৰই দেখিছে কৃষি বৃত্তিটোৰ লগত জড়িত হৈ দেউতাকে ঘৰখনৰ অভাৱবোৰ পূৰাবলৈ প্ৰতিদিনে যুঁজ দি থাকিব লগা হৈছে। তেনেক্ষেত্ৰত তেওঁ দেউতাকৰ বৃত্তিটো গ্ৰহণ কৰিবলৈ ভয় কৰে। কিজানি কৃষিবৃত্তিটোৰ জড়িত হৈ পৰিলে তেওঁৱো প্ৰতিদিনে অভাৱ-অনাটনৰ লগত যুঁজিব লগা হয়। কৃষিক্ষেত্ৰ, কৃষক, কৃষি বৃত্তিটোৰ প্ৰতি থকা এই ধাৰণাবোৰ যে এশ শতাংশ শুদ্ধ নহয় সেই কথা প্ৰমাণ কৰিবলৈ আহি আছে কৃষি জাগৰণ মিডিয়া গ্ৰুপ, ICAR আৰু মহিন্দ্ৰা টেক্টৰছে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰা মিলিয়নাৰ ফাৰ্মাৰ অৱ দা ইণ্ডিয়া এৱাৰ্ড ২০২৪ (Millionaire Farmer of India Award 2024)। কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈয়ো এজন ব্যক্তি লাখপতি বা কোটি হ’ব পাৰে, কৃষি বৃত্তিৰ লগত জড়িত হৈয়ো এজন ব্যক্তি প্ৰথন শ্ৰেণী চৰকাৰী চাকৰিয়ালৰ দৰে এক জীৱন কটাব পাৰে তাৰ এক উদাহৰণ দাঙি ধৰাৰ লগতে কৃষিক্ষেত্ৰখনত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ আগত দাঙি ধৰিব Millionaire Farmer of India Award 2024 য়ে।

লগতে পঢ়ক- 

কেইবাজনো Star Farmer Speaker উপস্থিত থাকিব MFOI 2024

কৃষিখণ্ডৰে জড়িত হৈ বছৰি এটা ভাল উপাৰ্জন কৰা কৃষকসকলক সন্মান প্ৰদৰ্শন কৰা হয় Millionaire Farmer of India Award অনুষ্ঠানটোৰ জৰিয়তে। ২০২৩ চনৰ পৰা ধাৰাবাহিকভাৱে কৃষি জাগৰণ মিডিয়া গ্ৰুপে এই অনুষ্ঠানটোৰ জৰিয়তে সন্মান প্ৰদৰ্শন কৰি আহিছে কৃষি জাগৰণে। দেশৰ প্ৰগতিশীল কৃষকসকলক সন্মান প্ৰদৰ্শন কৰা অচিলাৰে লোকচক্ষুৰ সন্মুখত দাঙি ধৰা হয় যে কৃষি বৃত্তিৰ লগত জড়িত হৈয়ো একোজন ব্যক্তি এক স্বচ্ছল জীৱন কটাব পাৰে! কৃষক মানেই দুখীয়া, দৰিদ্ৰ নহয়, কৃষক মানেই প্ৰতিদিনে অভাৱ অনাটনৰ যুঁজি থাকিব লগা নহয়। কৃষক সন্দৰ্ভত থকা আমাৰ পৰম্পৰাগত ধাৰণাটো সলনি কৰি দিব Millionaire Farmer of India Award 2024। এই কৃষক বঁটা অনুষ্ঠানটোত দেশৰ কৃষিখণ্ডৰ সমান্তৰাভভাৱে পশুপালন, দুগ্ধখণ্ড, মীনখণ্ডকে সামৰি আত্মসহায়ক গোট, FPO আদিকে ধৰি ৩০০ৰো অধিক শিতানত বঁটা প্ৰদান কৰিব। কৃষক বঁটা অনুষ্ঠানটোত দেশৰ কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় ঘাইপথ  আৰু পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী। ইফালে, অনুষ্ঠানটোত Star Farmer Speaker হিচাপে অংশগ্ৰহণ কৰিব কৃষিক্ষেত্ৰখনৰে জড়িত কেইবাজনো দেশ-বিদেশৰ ব্যক্তিয়ে। 

কৃষিক্ষেত্ৰখনৰ লগত জড়িত হৈয়ো Star Farmer Speakerৰ সকলে কেনেকৈ অবিশ্বাস্য সফলতা লাভ কৰিছে তাৰ আঁৰৰ কাহিনীবোৰ তেওঁলোকে Millionaire Farmer of India Award 2024 ত তৃণমূল পৰ্যায়ৰ কৃষকসকলৰ সৈতে মত-বিনিময় কৰিব। কেৱল ভাৰতবৰ্ষৰে নহয় বিশ্বৰ বিভিন্নপ্ৰান্তৰ Star Farmerসকলে Millionaire Farmer of India Award 2024 অংশগ্ৰহণ কৰিব। সেইসকলৰ ভিতৰত আছে- ষ্টিভ ৱেৰব্ল'। তেওঁ আন্ত:ৰাষ্ট্ৰীয় কৃষি সাংবাদিক ফেডাৰেচনৰ সভাপতি। উপস্থিত থাকিব য়ুচুফ আব্দুল ৰহমান,। য়ুচুফ আব্দুল ৰহমান চৌদি আৰৱৰ এজন সফল কৃষক। উপস্থিত থাকিব অভিজিত ঘূলে। তেওঁ Millionaire Farmer of India Award 2024 ত বায়ম টেকন’লজি সন্দৰ্ভত কৃষকসকলৰ সৈতে মত-বিনিময় কৰিব।  উল্লেখ্য যে কৃষক সন্দৰ্ভত থকা পৰম্পৰাগত ধাৰণাটো আৰু কৃষিক্ষেত্ৰখনত লুকাই থকা সম্ভাৱনাসমূহক দাঙি ধৰিবলৈ Millionaire Farmer of India Awardৰ অনুষ্ঠানটো আয়োজন কৰাৰ মূলতে আছে কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ স্বত্তাধিকাৰী তথা কৃষি জাগৰণৰ মুখ্য সম্পাদক এম চি ডমিনিক।

লগতে পঢ়ক- 

Tomato Disease and Farming Tips : বিলাহীৰ বেমাৰ-আজাৰ আৰু কৃষি পদ্ধতি

English Summary: Union Minister Nitin Gadkarn as a Chief Guest at MFOI 2024
Published on: 26 November 2024, 12:52 IST