
শেহতীয়াকৈ খেতি আৰু কৃষক জীৱনৰ মাজত নিৰাপত্তা বিচাৰি পাইছে ৰাজ্যখনৰ একাংশ লোকে। কেইদিনমান পূৰ্বে তেনে এজন ব্যক্তিক লগ পাইছিলো। তেওঁ আছিল অসম গৌৰৱ পুৰস্কাৰপ্ৰাপ্ত কৃষক তিনিচুকীয়া জিলাৰ নিবাসী ৰাহুল গুপ্তা। তেওঁৰ লগত কথা-পাতোঁতে গম পাইছিলো। তেওঁ ইংলেণ্ডত MBA কৰি ভাৰতলৈ আহি ভাল দৰমহা পোৱা এটা মাল্টিনেশ্যনেল কোম্পানীত কাম কৰিছিল। কিন্তু সেই কাম মাজতে এৰি কৃষিক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হয়। অথচ বৃত্তিগতভাৱে তেওঁৰ পৰিয়ালৰ লগত কৃষিৰ কোনো সম্পৰ্ক নাছিল আৰু তেওঁৰ নিজৰ বৃত্তিৰ লগতো কৃষিৰ কোনো সম্পৰ্ক নাছিল। ইয়াৰ কাৰণ তেওঁক সোধাত তেওঁ কৈছিল- কৃষিৰ মাজত মই এক নিৰাপত্তা বিচাৰি পাইছিলো। যি নিৰাপত্তা মই চাকৰি জীৱনত পোৱা নাছিলো। লেখাটোৰ আৰম্ভণিতেই ৰাহুল গুপ্তাৰ কথা কোৱা হৈছে যদিয়ো অৱশ্যে আজিৰ এই লেখাটোৰ মুখ্য মানুহজন হ’ল, চিৰাং জিলাৰ প্ৰগতিশীল কৃষক আকবৰ আলি আহমেদ। কৃষক আকবৰ আলী আহমেদে তেওঁৰ লগত হোৱা কথা-বতৰাৰ সময়ত এষাৰ কথা কৈছিল- মানুহে মানুহক বিশ্বাসঘাতকতা কৰিব পাৰে! কিন্তু গছে, শস্যই মানুহক বিশ্বাসঘাটকতা নকৰে। মোৰ বোধেৰে MBA খেতিয়ক ৰাহুল গুপ্তাই কৃষক আকবৰ আলীৰ দৰেই এই কথাষাৰ তেওঁৱো অনুভৱ কৰিছিল। যাৰবাবে খেতিৰ মাজত এক নিৰাপত্তা বিচাৰি পাইছিল। গতিকে লেখাটোৰ আৰম্ভণিতে ৰাহুল গুপ্তাৰ কথা কোৱা হৈছিল।
বাৰু সেয়া যিকি নহওঁক। কৃষক আকবৰ আলীয়ে কৰ্ম জীৱনৰ আৰম্ভণিতে এখন সাৰৰ দোকান দিছিল। কিন্তু তাত তেওঁ সফল হ’ব নোৱাৰিলে। তাৰপাছতে তেওঁ এখন ভানত স্কুলৰ ছাত্ৰ-ছাত্ৰী অনা-নিয়া কাম আৰম্ভ কৰিলে। কিন্তু সেয়াও বেছিদিন কৰিব নোৱাৰিলে। পৰৱৰ্তী সময়তে তেওঁ নদীৰ বালি-শিলৰ ব্যৱসায়ত নামিল তাত ভাল উপাৰ্জনো হৈছিল। শিলৰ কোৱাৰিয়ো নিজাববীয়াকৈ হৈছিল কিন্তু তাত তেওঁ নিৰাপত্তা অনুভৱ কৰিব নোৱাৰিলে। আৰু সেই কাম এৰিলে। তেওঁ খেতিত ধৰিলে। প্ৰথমে এজন সাধাৰণ ব্যক্তিয়েই খেতি কৰাৰ দৰেই পৰম্পৰাগতভাৱে খেতি কৰিলে। লাভো হ’ল। আৰু নান্দনিক সুখো অনুভৱ কৰিলে। পৰৱৰ্তী সময়তে তেওঁ অসমত বা তেওঁ নিজৰ অঞ্চলত পূৰ্বতে নকৰা কিছুমান খেতি কৰাৰ পৰিকল্পনা কৰিলে। বহি:ৰাজ্যৰ পৰা মাল্টা টেঙা, ড্ৰেগন ফল, বগৰী আদিৰ ফলসমূহৰ পুলি আনি খেতি কৰিবলৈ ল’লে। এনে নতুন ফলসমূহৰ খেতি কৰি অভূতপূৰ্বভাৱে সফলতা লাভ কৰিলে। ১ কেজি ড্ৰেগন তেওঁ ৫০০ টকা পৰ্যন্ত পাবলৈ সক্ষম হ’ল। একেদৰে মাল্টা টেঙা, বগৰী খেতিৰ পৰাও ভাবিৱ নোৱৰাকৈ উপাৰ্জন কৰিবলৈ ধৰিলে। ৰাজ্য চৰকাৰৰ, লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বঁটা-বাহনো লাভ কৰিলে। আৰু কম দিনতে কৃষক হিচাপে নিজক প্ৰতিষ্ঠা কৰিলে। পৰৱৰ্তী সময়তে তেওঁ কৃষিক্ষেত্ৰখনত আগবঢ়া বাংলাদেশৰ কৃষকৰ লগত তেওঁ সম্পৰ্ক ৰক্ষা কৰিলে। আৰু বাংলাদেশৰ দেশৰ উন্নত ফল-মূলৰ পুলি আৰু তেওঁলোকৰ কৃষিপদ্ধতিৰে নিজৰ কৃষিফাৰ্মত খেতি কৰিবলৈ ল’লে। ফলত কম দিনতে তেওঁ উন্নতিৰ জখলাডাল বগাবলৈ আৰম্ভ কৰিলে পূৰ্বতকৈ তীব্ৰ গতিৰে। ইফালে, তেওঁৰ কৃষিফাৰ্মত লগা উন্নত প্ৰজাতিৰ ফল-মূলবোৰ ওচৰ-পাজৰ কৃষকসকলৰো চকুত পৰিল। সেই উন্নত প্ৰজাতি ফল-মূলৰ খেতি কৰিবলৈ মন মেলিলে। কিন্তু পুলি ক’ত পায়। কৃষকসকলৰ এই সমস্যাটোৰ প্ৰতি লক্ষ্য কৰি তেওঁ উন্নত প্ৰজাতিৰ উদ্যানশস্যৰ এখন নাৰ্চাৰী স্থাপন কৰিলে। বৰ্তমান তেওঁ খীদমাদ নাৰ্চাৰীখনৰ জড়িয়তে কৃষকসকলক দেশ-বিদেশৰ উন্নত জাতৰ উদ্যানশস্য যোগান ধৰি আছে। প্ৰতিদিনে তেওঁৰ নাৰ্চাৰীৰ পৰা কেইবা হাজাৰ উদ্যান শস্যৰ পুলি কৃষকৰ মাজলৈ যায় আৰু নাৰ্চাৰীখনৰ পৰা বছৰি এটা মোটা অংকৰ ধন উপাৰ্জন কৰে। বৰ্তমান অসমৰ প্ৰায়বোৰ জিলাৰ লগতে অৰুণাচল, মেঘালয় আৰু ভুটানৰ কৃষকেও নাৰ্চাৰীৰ পুলিৰে খেতি কৰিছে আৰু সফলতা লাভ কৰিছে। কৃষকক পুলি যোগান ধৰাতেই কৃষক আকবৰ আলীৰ দায়িত্ব সীমাৱদ্ধ নাৰাখি তেওঁ খেতিয়ক জনক শস্যবিধৰ খেতি কেনেকৈ কৰিব লাগে তাৰো পৰামৰ্শ সময়ে সময়ে কৃষকজনক আগবঢ়াই থাকে।
লগতে পঢ়ক-
Rich Farmer : সকলো কৃষকেই ধনী হ’ব পাৰিব! মাত্ৰ এইকেইটা কাম কৰক

ইফালে, খেতিৰ প্ৰতি, প্ৰকৃতিৰ প্ৰতি কোনো ব্যক্তিৰ এক তাড়না আছে, খেতি কৰাৰ মনো আছে, পইচাও আছে, কৃষিভূমিয়ো আছে। কিন্তু তেওঁৰ নাই মাত্ৰ সময়। তেনে ব্যক্তিসকলকো কৃষক আকবৰ আলাীয়ে কৃষিফাৰ্ম পাতি দিয়ে। চিৰাং আৰু কোকৰাঝাৰ জিলাত তেনেকৈ কেইবাজনো ধনাৰ্ঢ্য ব্যক্তিক মাল্টাৰ বাগান, ড্ৰেগন আৰু বগৰী আদিৰ বাগান পাতি দিছে। বৰ্তমান তেওঁ বিভিন্ন উৎসৰ পৰা উপাৰ্জন হয়। নাৰ্চাৰী পৰা, কৃষি ফাৰ্মৰ পৰা, আনক পাতি দিয়া কৃষিফাৰ্মসমূহৰ পৰা। ইফালে, তেওঁ খেতি কেৱল এবিধ শস্যৰ খেতিয়েই নকৰে। বগৰী, মাল্টা, ড্ৰেগন, আম আদি উদ্যান শস্যৰ লগতে তৰমূজ, মাকৈ, ধান আৰু ঋতুকালীন শস্যসমূহৰ খেতি কৰে। বৰ্তমান তেওঁৰ ৭ বিঘা মাটিত ড্ৰেগন ফল, ২০ বিঘাত বগৰী, নতুনকৈ এইবাৰ পুনৰ ১৫ বিঘা মাটিত বগৰী লগাইছে। ইফালে, দুজন বন্ধুৰ লগত মিলি বহুখিনি মাটিত বগৰী, লিচু, ড্ৰেগন ফলৰ খেতিৰ প্ৰস্তুতি চলাই আছে। এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব পাৰি যে অসমত কিছুমান শস্যৰ খেতি নহয় বুলি দীৰ্ঘদিন ধৰি এক ভুৱা প্ৰচাৰ চলি আছিল। যেনে- মাল্টা, ড্ৰেগন, বগৰী, গ্ৰাফটিং প্ৰজাতিৰ আম আদি। কিন্তু কৃষক আকবৰ আলীয়ে অসমত দীৰ্ঘদিনে চলি অহা ভুৱা প্ৰচাৰ বুলি নিজ হাতে-কামে দেখাই দিলে। নিজ হাতেৰে বগৰী, নিজ হাতেৰে মাল্টা, ড্ৰেগন ফল গছত লগাই।
কৃষক আকবৰ আলীয়ে কৃষিক্ষেত্ৰখনত প্ৰদৰ্শন কৰা সফলতাৰ বাবে ৰাজ্য চৰকাৰেও বিশেষ সুবিধা দিছে তেওঁৰ কৃষিকৰ্মক আগবঢ়াই নিবলৈ। বৰ্তমানলৈ সৌৰশক্তি চালিত ৩খন চ’লাৰ ৰাজসাহাৰ্যত লাভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ ফালৰ পৰাও উন্নত মানৰ এটা পলিহাউচ তেওঁ লাভ কৰিছে। এইবোৰৰ ওপৰি ৰাজসাহাৰ্যত লাভ কৰিছে ড্ৰিপ ইৰিগ্যেশ্বন, মালচিং পেপাৰ আদি।

এসময়ত এখন ভানেৰে স্কুলৰ ভাৰা মৰা আকবৰ আলীয়ে বৰ্তমান বলেৰ’ চলায়। দুই এদিনতে বলেৰ’ গাড়ীখন সলায় এখন স্ক’পিঅ’ ল’ব বুলি জানিবলৈ দিছে। কৃষিক্ষেত্ৰখনত জড়িত হৈ এজন ব্যক্তিয়ে কিমান সফল হ’ব পাৰে পাৰে তাৰ এক নিদৰ্শন হৈ থিয় দিছে। এক কথাত কৃষিক্ষেত্ৰখনত লুকাই থকা সম্ভাৱনাখিনি প্ৰকৃতাৰ্থত কৃষক আকবৰ আলীয়ে বিচাৰি পাইছে। কিন্তু অসমৰ অধিকাংশ কৃষকে অসমৰ কৃষিক্ষেত্ৰখনত লুকাই থকা সম্ভাৱনাখিনিক দেখি পাবলৈ এতিয়াও বহু দূৰত! যিদৰে অসম গৌৰৱ বঁটা বিজয়ী কৃষক ৰাহুল গুপ্তাই পাইছে, কৃষক ধনীৰাম চেতিয়াই পাইছে।
লগতে পঢ়ক-
Share your comments