Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 March, 2023 12:05 PM IST
Transform India Thali in to Millet

আপোনালোক সকলোৱে জ্ঞাত যে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ২০২৩ বৰ্ষটো ‘আন্তৰ্জাতিক মিলেট বৰ্ষ’ হিচাপে ঘোষণা কৰিছে। বিগত দশকত ভাৰত চৰকাৰে মিলেটৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ওপৰত যথেষট গুৰুত্ব আৰোপ কৰিছে। কৃষি উৎপাদনৰ ক্ষেত্ৰখনক নতুন মাত্ৰা প্ৰদান, দেশৰ ৰপ্তানিৰ চাহিদা পূৰণ, সুষম খাদ্য আৰু কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ অসমতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰিছে ‘অসম মিলেট মিছন’ (Assam Millet Mission)।

কিন্তু কেৱল ইয়াক এক উৎসৱ হিচাপে উদযাপন কৰি, আমি পুষ্টি, খাদ্য সুৰক্ষা আৰু কৃষি উন্নয়নৰ আমাৰ লক্ষ্য প্ৰাপ্ত কৰিব নোৱাৰো। ইয়াৰ বাবে, পৃথিৱীৰ আটাইতকৈ পুৰণি শস্য মিলেটক পুনৰ আমাৰ প্লেটৰ অংশ কৰাটো প্ৰয়োজনীয়। মিলেট হৈছে গ্লুটেন-মুক্ত শস্য আৰু খেতিৰ ক্ষেত্ৰত শুকান ভূমিৰ শস্যৰ বাবে উপযোগী, লগতে ঘেহু আৰু চাউলতকৈ কম পানীৰ প্ৰয়োজন। জলবায়ু পৰিৱৰ্তনৰ সময়ত মিলেট হৈছে সম্ভৱতঃ সেই শস্য যি ভৱিষ্যতৰ আমাৰ পুষ্টিগত খাদ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

ভাৰত চৰকাৰ এই বিষয়ে গুৰুত্বপূৰ্ণ আৰু প্ৰতিটো স্তৰত মিলেট পুনৰুজ্জীৱিত কৰিবলৈ চেষ্টা কৰি আছে। কিন্তু আমাৰ খাদ্যাভ্যাসলৈ মিলেট ঘূৰাই নিয়াটো কেৱল তেতিয়াহে সম্ভৱ হ'ব যেতিয়া সাধাৰণ মানুহে ঘেঁহু, চাউলতকৈ তেওঁলোকৰ খাদ্যত ইয়াক পছন্দ কৰিব। আমাৰ খাদ্যত মিলেট অন্তৰ্ভুক্ত কৰি, আমি কেৱল স্বাস্থ্যৰ লাভালাভহে লাভ নকৰোঁ, ইয়াৰ জৰিয়তে আমাৰ কৃষকসকল আৰ্থিকভাৱে শক্তিশালী হ'ব।

তথ্যৰ বাবে আমি আপোনাক কওঁ যে অসম মিলেট মিছনৰ অধীনত ৰাজ্যৰ প্ৰায় ৬৫ হাজাৰ হেক্টৰ কৃষিভূমি সামৰি লোৱা হ’ব। প্ৰটি হেক্টৰত মিলেটৰ উৎপাদন ৬০০ কিঃ গ্ৰামৰ পৰা ১২,০০ কিঃ গ্ৰাঃ লৈ বৃদ্ধিৰ পৰিকল্পনাৰে ৰাজ্যৰ প্ৰায় ৬০ হাজাৰ কৃষকক সামৰি মিলেটৰ কৃষি কাৰ্যৰ কৰা হ’ব। মিলেট শস্যক ভিত্তি কৰি ৩০ টা FPO গঠন  আৰু ৩০ টা সামূহীয়া সেৱা কেন্দ্ৰ (CSC) খোলাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। মিলেটৰ ২৮০০ টা সজাগতা অভিযানৰ লক্ষ্য হাতত লোৱা হৈছে।

অসম মিলেট মিছনে ৰাজ্যৰ ১৫ খন জিলা সামৰি লৈছে। সেইকেইখন হ’ল বঙাইগাওঁ, কোকৰাঝাৰ, ধুবুৰী, মৰিগাও, গোৱালপাৰা, বৰপেটা, বাক্সা, ওদালগুৰি, তিনিচুকীয়া, নগাওঁ, কাৰ্বি আংলং, কামৰুপ, শোণিতপূৰ, যোৰহাট আৰু গোলাঘাট। সেয়েহে, কৃষকসকলে সকলো সুবিধা প্ৰাপ্ত কৰিব লাগে যাতে তেওঁলোকে পুনৰ জোৱাৰ, বাজাৰ, ৰাগী বা মাণ্ডুৱা, সৰু বাজৰা যেনে কুটকি, চাৱা বা ঝাংগন, কাংনি বা কাকুন (ফক্সটেল বাজৰা), চীন (প্ৰচো বাজৰা), কোডো আৰু কোৰালে (মুগা বাজৰা)ৰ দৰে বাজৰাৰ খেতিলৈ যাব পাৰে।

স্বাস্হ্য উপকাৰিতাৰ ক্ষেত্ৰত মিলেট অনন্য। মিলেটত যথেষ্ট পৰিমাণে কেলচিয়াম আৰু জিংক থকাৰ লগতে কলেষ্টৰেল আৰু গ্লুটেন মুক্ত হয়। ইয়াত প্ৰ’টিন আৰু আঁহৰ পৰিমাণ বেছি থাকে। পুষ্টিহীনতা আৰু মেদবহুলতাক সমাধান কৰাৰ ক্ষেত্ৰতো মিলেট কাৰ্যকৰী। গতিকে আহক আমি সকলোৱে মিলেট পুনৰ গ্ৰহণ কৰি স্বাস্থ্যকৰ খাদ্য আৰু স্বাস্থ্যকৰ জীৱন-যাপন কৰাৰ সংকল্প লওঁ।

লগতে পঢ়ক- 

এইবাৰ কৃষকসকলে পৰীক্ষামূলকভাৱে ২-৩ বিঘামান মাটিত লাৱন্য ধানৰ খেতি কৰক

ৰাহুল আলী

চাব ইডিটৰ, কৃষি জাগৰণ অসম

English Summary: Transform India Thali in to Millet
Published on: 17 March 2023, 12:03 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now