1. News

Natural farming : দুদিনীয়া কাৰ্যসূচীৰে খানাপাৰাত প্ৰাকৃতিক কৃষিৰ বিষয়ত কৰ্মশালা

KJ Staff
KJ Staff
Training on natural farming in Khanapara
Training on natural farming in Khanapara

অসম চৰকাৰৰ কৃষি বিভাগে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় প্ৰেক্ষাগৃহত ২৯ আৰু ৩০ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে প্ৰাকৃতিক কৃষিৰ বিষয়ত এখন কৰ্মশালা অনুষ্ঠিত কৰিছে।

কৰ্মশালাত 'Sri Sri Institute of Agricultural Sciences & Technology Trust' (SSIAST)ৰ প্ৰতিনিধি তথা বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰি প্ৰাকৃতিক কৃষি পদ্ধতিৰ বিভিন্ন দিশৰ বিষয়ে আলোচনা কৰে। তদুপৰি আজিৰ এই কাৰ্যসূচীত কৃষি বিভাগ আৰু এছএছআইএএছটিৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়।

Training on natural farming in Khanapara
Training on natural farming in Khanapara

অনুষ্ঠানত কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডাঃ আশিস কুমাৰ ভূটানী, কৃষি সঞ্চালক ভাস্কৰ পেগু, উদ্যান শস্য তথা পশুখাদ্য পৰামৰ্শদাতা খগেন শৰ্মা, এছএছআইএএছটিৰ অধ্যক্ষ ড° বন্দি প্ৰভাকৰ ৰাও, এছএছআইএএছটিৰ সম্প্ৰসাৰণ সঞ্চালক সবিতা ভূটানী, এৰিয়াছ ছ’চাইটীৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক বীৰেন্দ্ৰ মিত্তল, এছএছআইএএছটিৰ ট্ৰাষ্টী মেলকম চেশাদ্ৰী ৰংগৰাজ আৰু অৰ্চনা ঝা প্ৰমুখ্যে বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।

লগতে পঢ়ক-

কৃষকসকলে শীতল ঘৰত কৃষিজাত সামগ্ৰীসমূহ সংৰক্ষণৰ বাবে কেনেকৈ আবেদন কৰিব!

 

English Summary: Training on natural farming in Khanapara

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.