1. News

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই শোণিতপুৰ জিলা কৃষি বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ

PANKAJ KHANIKAR
PANKAJ KHANIKAR

ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাই শোণিতপুৰ জিলা কৃষি বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ । বিগত সময়চোৱাত জিলাখনৰ কৃষি খণ্ডৰ বাবে আগবঢ়োৱা উল্লেখনীয় পদক্ষেপ আৰু সামাজিক ক্ষেত্ৰখনিত বিশেষ অৱদানৰ যোগেদি বিভিন্ন স্থানত প্ৰশংসা বুটলাৰ লগতে সম্বর্ধনা লাভ কৰিবলৈ সক্ষম হোৱা শোণিতপুৰৰ ৭ গৰাকীকৈ প্ৰগতিশীল কৃষকক সম্বর্ধনা জ্ঞাপন কৰিলে জিলা কৃষি বিভাগে । জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়া, অৱসৰপ্ৰাপ্ত যুটীয়া কৃষি সঞ্চালক হৰেশ্বৰ দাস, সহকাৰী কৃষি সঞ্চালক মিজানুৰ ৰহমান চৌধুৰী, মহকুমা কৃষি বিষয়া প্ৰণৱ বৰা, অঞ্জুমণি ভাগৱতী,  ধীৰেন শৰ্মা, কৃষি উন্নয়ন বিষয়াসকল আৰু জিলা কৃষি বিভাগ, এপাৰ্ট- আত্মাৰ অন্যান্য বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতত জিলাখনৰ প্ৰগতিশীল কৃষক ঘনশ্যাম নাথ, শৰৎ বৰুৱা,  জিতুমনী কলিতা, জিতেন কুজুৰ, আব্দুল খালেক, সুভাষ সিং আৰু  কমল কুমাৰী বড়োক সম্বর্ধনা জ্ঞাপন কৰা হয় ।

অনুষ্ঠানতে যোৱা ১৬ৰ পৰা ১৮ ডিচেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ‘অসম আন্তর্জাতিক কৃষি-উদ্যান শস্য মেলা- ২০২৩' ত পশুপালন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যৰ ‘শ্রেষ্ঠ কৃষক’ৰ সন্মানেৰে সন্মানিত কৰা ডিপোটা কৃষি চক্ৰৰ অন্তৰ্গত দ-বেছেৰীয়াৰ ঘনশ্যাম নাথক সম্বর্ধনা জ্ঞাপন কৰা হয় । জিলা কৃষি বিভাগ আৰু আত্মাৰ সহযোগত গাহৰি, হাঁহ, ছাগলী ইত্যাদি ফাৰ্মৰ জড়িয়তে বছৰি কেইবা লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা নাথক আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা ২০২৩ তে শ্ৰেষ্ঠ কৃষকৰ বঁটাসহ, পঞ্চাশ হাজাৰ টকাৰ চেক প্রদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ।

লগতে পঢ়ক- 

Squash Farming Time : জানুৱাৰী-ফেব্ৰুৱাৰীতে আৰম্ভ কৰক স্কোৱাছৰ খেতি

অনুষ্ঠানতে সম্পূর্ণ প্ৰাকৃতিকভাৱে কৃষিকাৰ্য কৰি বহুজনৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা ২০২৩ ত প্ৰগতিশীল কৃষকৰ সন্মান লাভ কৰা চিলাবন্ধা কৃষি চক্ৰৰ অন্তৰ্গত আদৰ্শ কৃষক শৰৎ বৰুৱা, পশুপালনৰ জড়িয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে বহুজনক কৰ্ম সংস্হাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হোৱা ঢেকিয়াজুলি কৃষি চক্ৰৰ জিতুমনী কলিতা আৰু ৰঙাপাৰাৰ আদৰ্শ কৃষক জিতেন কুজুৰকো সম্বর্ধনা জ্ঞাপন কৰা হয় । 

আনহাতে তেজপুৰ লিচুৰ জৰিয়তে বিশ্বৰ বজাৰ দখল কৰিবলৈ সক্ষম হোৱা একমাত্র কৃষক উৎপাদক কোম্পানী ‘অগ্নিগড়' এফ পি চিৰ, বি অ ডি আব্দুল খালেককো সম্বর্ধনা জ্ঞাপন কৰা হয় । শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত উত্তৰ লক্ষীমপুৰস্থিত মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত আৰু লক্ষীমপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত ‘মাণ্ডলিক কৃষক সমাৰোহ ২০২৩' ত অসমৰ উদ্যান শস্যৰ বাবে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে খালেকক সম্বর্ধনা জ্ঞাপন কৰিছিল ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই । এই সমাৰোহতে সন্মান লাভ কৰা তেজপুৰ পৰোৱাৰ আন এজন কৃষক সুভাষ সিঙকো সম্বর্ধনা জ্ঞাপন কৰা হয় । কুহিয়াঁৰ খেতিৰ জৰিয়তে গুৰ উৎপাদন কৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে সুভাষে ।

ইয়াৰ উপৰিও নাৰী শক্তিৰ প্ৰতীক জয়মতী কৃষক উৎপাদক কোম্পানীটোক নেতৃত্ব দি কৃষি বিপ্লৱৰ সূচনা কৰা শ্ৰীমতি কমল কুমাৰী বড়োক সম্বর্ধনা জ্ঞাপন কৰিলে জিলা কৃষি বিষয়া পংকজ কুমাৰ শইকীয়াই । উল্লেখযোগ্য যে দেশৰ ভূতপূর্ব প্রধানমন্ত্রী, ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণত গঠিত অটল ফাউণ্ডেশ্যন’ৰ উদ্যোগত দেশৰ ৰাজধানী নতুন দিল্লীৰ ‘প্ৰধানমন্ত্ৰী সংগ্ৰহালয়’ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত সামাজিক উন্নয়ন আৰু দেশৰ বিকাশত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে প্ৰেৰণাদায়ক ‘অটল গৌৰৱ' সন্মানেৰে সন্মানিত হৈ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে কমল কুমাৰী বড়োৱে ।

লগতে পঢ়ক- 

অৱসৰপ্ৰাপ্ত চাকৰিয়াল আৰু গাঁৱতে থাকি স্বাৱলম্বী হ'ব বিচৰাসকলে লেখাটো পঢ়ক

English Summary: Exceptional initiative of Sonitpur District Agriculture Department

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.