1. News

SMAM Yojana : খানাপাৰাত 'কৃষি যান্ত্ৰিকীকৰণ উপ আচঁনিৰ সন্দৰ্ভত প্ৰশিক্ষণ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Training on SMAM  in Khanapara
Training on SMAM in Khanapara

গুৱাহাটী : কৃষি পদ্ধতিত ন ন প্ৰযুক্তি বিদ্যাৰ ব্যৱহাৰে এইক্ষেত্ৰৰ উৎপাদনশীলতা বৃদ্ধিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। তদুপৰি আধুনিক কৃষি ব্যৱস্থাই কৃষক ৰাইজক বিভিন্ন ক্ষেত্ৰত সকাহ প্ৰদান কৰাৰ লগতে কম সময়তে বহু কাম সম্ভৱপৰ কৰি তোলে। গ্ৰাম্য অৰ্থনীতিৰ শক্তিশালী ভেটি গঢ়িবলৈ কৃষি পদ্ধতিৰ আধুনিকীকৰণৰ বিষয়ত চৰকাৰেও গুৰুত্ব প্ৰদান কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ আঁচনি 'কৃষি যান্ত্ৰিকীকৰণৰ উপ আচঁনি (চাব মিছন অন এগ্ৰিকালছাৰ মেকানাইজেশ্যন- এছ এম এ এম)ৰ agri machinery.nic.in (ডিবিটি) প'ৰ্টেলৰ বিভিন্ন দিশ সন্দৰ্ভত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।

লগতে পঢ়ক- 

১৭ বছৰে ভেঞ্চাৰ স্কুলত বিনা বেতনে শিক্ষাদানৰ লগতে কৰি আহিছে খেতি

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয় তথা কৃষি আৰু কৃষক কল্যাণ বিভাগ (এম এণ্ড টি ডিভিজন)ৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচী ৩‍১ অক্টোবৰ আৰু ১ নৱেম্বৰ ২০২৩ তাৰিখে খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়।

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰপৰা প্ৰায় ১২৫গৰাকী অংশগ্ৰহণকাৰীয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীত যোগদান কৰি নিৰ্ধাৰিত বিষয় সন্দৰ্ভত আলোচনা কৰে। উক্ত কাৰ্যসূচীত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰ্যালয়ৰ এনআইচিৰ প্ৰ'গ্ৰামাৰ সঞ্জিত কুমাৰ, NERFMTTI, বিশ্বনাথ চাৰিআলিৰ সঞ্চালক ড° পি পি ৰাওৰ লগতে অন্যান্য বিষয়া-কৰ্মচাৰীসকল  উপস্থিত থাকে।

লগতে পঢ়ক- 

সময়, শ্ৰম, আয়-ব্যয়ৰ এক ইতিবাচক বাৰ্তাৰে আহিছে কৃষি যান্ত্ৰিকীকৰণে

English Summary: Training on agri machinery in Khanapara

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.