টোম বাঁহেৰে তৈয়াৰী এবিধা সঁজুলি। বাঁহৰ কাঠিৰে ইয়াক তৈয়াৰ কৰা হয়। অসমীয়া কৃষক ৰাইজে ঘৰত এই সঁজুলিবিধ তৈয়াৰ কৰি লয়। কোনোৱে আকৌ গাঁৱৰ বজাৰসমূহ টোম বনাই বিক্ৰিও কৰে। টোমৰ দ্বাৰা কি কৰা হয় কৰা হয় বৰ্তমানৰ অধিকাংশ যুৱক-যুৱতীয়ে নাজানে। কোনোৱো চিনিও নাপায়। ইয়াৰ মূলতে আজি-কালি টোমৰ ব্যৱহাৰ কৃষকসকলে কমকৈ কৰে। কৃষকসকলে ধানৰ বীজ সংৰক্ষণ কৰিবলৈ পূৰ্বতে ধানসমূহ এই টোমত ৰাখিছিল। কোনো আলু বা অন্যান্য শস্যসমূহ দীৰ্ঘদিনৰ বাবে সংৰক্ষণ কৰিবলৈ টোমত শস্যসমূহ ৰাখিছিল। বৰ্তমানেও গ্ৰাম্য কৃষকসকলে টোমৰ ব্যৱহাৰ কৰে। কিন্তু আজিকালি টোমৰ সলনি কৃষকসক শস্যৰ বীজসমূহ সংৰক্ষণ কৰিবলৈ শীতল ভঁৰালত থয়। অৱশ্যে এই শীতল ভঁৰাল এতিয়া সকলো কৃষকৰ বাবে সূলভ হৈ উঠা নাই। টোমটো বনোৱাৰ পাছতে চাৰিওকাষে এনেদৰে খেৰ দিয়া হয়। আৰু মাজত বীজ থৈ দিয়া। বীজখিনি টোমটোৰ ভিতৰত থৈ দিয়াৰ পাছতে এনেদৰে বায়ুসমূহ নোৱাৰাকৈ টোমটোৰ মুখখন বান্ধি দিয়া হয়। যিসকল কৃষকে বৰ্তমানেও বীজ সংৰক্ষণৰ বাবে কোনো শীতল ভঁৰালৰ সুবিধা লাভ কৰা নাই তেওঁলোকে এই টোম ব্যৱহাৰ কৰি বীজ সমূহ সংৰক্ষণ কৰিব পাৰে। লগতে কেতবোৰ খাদ্য টোমত থৈ খাদ্য সাঁচি ৰাখিব পাৰে বহু দিনলৈ।
Share your comments