 
    অসমীয়া মানুহৰ বাবে এতিয়া প্ৰতিটো মাহৰ ১০ তাৰিখটো এটা গুৰুত্বপূৰ্ণ দিন। এই দিনটোতে ৰাজ্যৰ হিতাধিকাৰীসকলৰ একাউন্টত সোমায় নগদ ধন। এই দিনটোতে হিতাধিকাৰীসকলে বেংক একাউণ্টযোগে লাভ কৰি আহিছে অৰুণোদয়, শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি আৰু ৰাষ্ট্ৰীয় দিব্যাংগ, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন।
আজি ফ্ৰেব্ৰুৱাৰী মাহৰ ১০ তাৰিখ। গতিকে আজিও অসমৰ হিতাধিকাৰীসকলৰ একাউন্টত সোমাইছে ধন। গতিকে হিতাধিকাৰীসকলৰ মাজত প্ৰতিমাহৰ ১০ তাৰিখটো এটা গুৰুত্বপূৰ্ণ দিনলৈ ৰূপান্তৰ হৈছে। কাৰণ এই দিনটোতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ মহিলাসকলে অৰুণোদয় ধন, বয়্যেজ্যেষ্ঠ পুৰুষসকলে সকলে শ্বহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আৰু মহিলাসকলে ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন লাভ কৰে।
লগতে পঢ়ক-
Bharat Ratna : স্বামীনাথন, চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাওলৈ ভাৰতৰত্ন
তদুপৰি এই দিনটোতে দিব্যাংগসকলে দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি আৰু ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনিৰ অধিনত শাৰীৰিকভাৱে সক্ষমসকলে ধন লাভ কৰে। গতিকে ১০ তাৰিখ দিনটো এটা আশাৰ আৰু এটা সম্ভাৱনাৰ দিন হিচাপে পৰিগণিত হৈছে।
উল্লেখ্য যে অৰুণোদয়ৰ দৰে আঁচনিয়ে অসমীয়া মানুহক কৰ্মবিমুখ কৰিছে বুলি এক সম্প্ৰতি এক বিতৰ্কৰ সৃষ্টি হৈছে। হাতত পইচা দিয়াৰ সলনি স্বাৱলম্বণৰ বাবে কোনো কোনো কাম দিয়াৰ পোষকতা কৰে এচাম লোকে। চৰকাৰে বিশ্ববেংক বা ৰাজহুৱা সম্প্ৰতিবোৰ বিক্ৰি কৰি, বস্তু মূল্য দাম বঢ়াই মাছৰ তেলে মাছ ভাজি থকা বুলি এচামে ক’ব খোজে।
লগতে পঢ়ক-
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments