1. News

Bharat Ratna : স্বামীনাথন, চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাওলৈ ভাৰতৰত্ন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Bharat Ratna Winner 2024
Bharat Ratna Winner 2024

ভাৰতৰত্নৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, সেউজ বিপ্লৱৰ জনক এম এছ স্বামীনাথন আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহৰ নাম। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন প্ৰবীন নেতা্ লাল কৃষ্ণ আদৱানি আৰু বিহাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্পূৰী ঠাকুৰৰ নাম ঘোষণা কৰিছিল

কৃষি আৰু কৃষকৰ কল্যাণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে আজি ভাৰত চৰকাৰে ড০ এম এছ স্বামীনাথনক ভাৰতৰত্নৰ বাবে নাম ঘোষণা কৰে। ১৯৬০ৰ দশকত ভাৰত আৰু পাকিস্তানক নিশ্চিত দুৰ্ভিক্ষসদৃশ পৰিস্থিতিৰ পৰা ৰক্ষা কৰিছিল এম এছ স্বামী নাথনে। দুৰ্ভিক্ষৰ সময়ত সেউজ বিপ্লৱৰ সূচনাৰে নিশ্চিত দুৰ্ভিক্ষৰ পৰা ৰক্ষা কৰিবলৈ পদক্ষেপ হাতত লৈছিল তেওঁ।

৬০ ৰ দশকত উচ্চ উৎপাদনক্ষম ঘেঁহু আৰু ধানৰ প্ৰজাতিৰ উদ্ভাৱন হৈছিল স্বামীনাথনৰ নেতৃত্বতেই আৰু কৃষকক সেই উচ্চ উতপাদনক্ষম জাতসমূহৰ খেতি কৰিবলৈ অনুপ্ৰাণিত কৰিছিল তেওঁ। যাৰবাবে এম এছ স্বামীনাথনক ভাৰতৰ সেউজ বিপ্লৱৰ মূল স্থপতি বুলি অভিহিত কৰা হয়। আৰু আজি তেওঁৰ সেই অৱদানৰ স্বীকৃতি হিচাপে আগবঢ়োৱা হৈছে ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটা।

ইফালে, আজি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমত ভাৰতৰত্নৰ বাবে নাম ঘোষণা কৰিলে কৃষক নেতা চৌধুৰী চৰণ সিঙৰো নাম। কৃষকৰ অধিকাৰ আৰু  কৃষকৰ কল্যানৰ বাবে সমগ্ৰ জীৱন উৰ্চগা কৰা আৰু জৰুৰীকালীন অৱস্থা বিৰুদ্ধে দৃঢ়তাৰে থিয় দিয়াৰ প্ৰতি লক্ষ্য ৰাখি মৰণোত্তৰভাৱে প্ৰদান কৰা কৰা ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন বঁটা।

লগতে পঢ়ক- 

Bharat Ratna : স্বামীনাথন, চৌধুৰী চৰণ সিং আৰু পি ভি নৰসিংহ ৰাওলৈ ভাৰতৰত্ন

 

English Summary: Bharat Ratna Winner 2024

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.