 
            কৃষি কৰ্মৰ সৈতে গ্ৰাম্য পৰ্যটনৰ বিশাল সম্ভাৱনাক সংযোগ কৰি শিৱসাগৰ জিলাৰ প্ৰগতিশীল কৃষক মনোজ কোঁৱৰে কৃষি বাণিজ্যৰ জৰিয়তে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে কৃষি আৰু গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰত এক উল্লেখনীয় ৰূপান্তৰ সম্ভৱ কৰি তুলিছে। কৃষকৰ উৎপাদিত সেৱা আৰু সামগ্ৰীসমূহৰ বাবে এখন উপযুক্ত বজাৰৰ অভাৱ এই খণ্ডৰ সৈতে জড়িত প্রায় প্ৰতিজন কৃষি উদ্যোগীয়ে সদায়েই অনুভৱ কৰে।এই বজাৰৰ অভাৱক এক সুযোগ হিচাপে লৈ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ সৎ উদ্দেশ্যেলৈ শিৱসাগৰ জিলাৰ চেৰেকপাৰ খেলুৱা গাঁৱৰ প্ৰকৃত কৃষক মনোজ কোঁৱৰে প্ৰতিষ্ঠা কৰা "টি কিন বেন এগ্ৰ' টুৰিছিম "(TI KIN BAN AGRO TOURISM) প্ৰকল্পই এক নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে। শিৱসাগৰ নগৰৰ পৰা ৭ কিলোমিটাৰ নিলগত সম্পূৰ্ণ ভাবে কৃষিভূমিৰ বক্ষত প্ৰতিষ্ঠা কৰা এই এগ্ৰ টুৰিছিম ৰিচৰ্টৰ পৰিবেশ অতিশয় মনোমোহা আৰু দৃষ্টিনন্দন। ৬৫ বিঘা জোৰা বিশাল কৃষি ক্ষেত্ৰত গঢ়ি তোলা এই প্ৰকল্প নিভাঁজ গ্ৰাম্য পৰিবেশ ভাল পোৱাসকলৰ বাবে এক আদৰ্শ স্থান। একেদৰে প্ৰকৃতিৰ কোলাত নিৰিবিলিভাবে সময় অতিবাহিত কৰিব বিচৰাসকলৰ বাবেও এই এগ্ৰ টুৰিছিম ৰিচৰ্ট আকৰ্ষণৰ কেন্দ্ৰ।
 
    ৬৫ বিঘা ভূমিত খেতি বাতি, ফল মূলৰ বাগিচা, পুখুৰী,হাঁহ কুকুৰা পাম, শাক পাচলি বাৰী, ফল মূলৰ বাৰী, মৌ আদিকে ধৰি অনেক সমল আৰু সম্পদ আছে।২৭ বিঘা জোৰা এটা বিশাল আকাৰৰ পুখুৰীৰ পাৰত পুখুৰীটোক কেন্দ্ৰ কৰিয়েই কৃষক গৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰত্যক্ষ সহায়-সহযোগ আৰু পৰামৰ্শৰ ভিত্তিত এই অভিনৱ প্ৰকল্প গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা আৰম্ভ কৰিছে।এখন আদৰ্শ অসমীয়া গাঁৱৰ আৰ্হিত গঢ়ি তোলা এই কৃষি পাম খনৰ জৰিয়তে কৃষক মনোজে ৰূপান্তৰৰ আখৰা কৰিছে। ২৭ বিঘা ভূমিৰ বিশাল পুখুৰীত মীন পালন, ২০ বিঘা ভূমিত ধান খেতিৰ সমান্তৰাল ভাৱে কৃষক গৰাকীয়ে হাঁহ- কুকুৰা,গৰু ছাগলী,মুগা পালন কৰে।ইয়াৰ সমান্তৰাল ভাৱে কৃষক গৰাকীয়ে মিঠাতেল পেৰা মিল, মাছৰ পোনা, খলিহৈ, কেঁচুসাৰ উৎপাদন আদিকে ধৰি একাধিক কৰ্মত নিজকে নিয়োজিত কৰি বহুতে ভাবিব নোৱাৰা,কল্পনা কৰিব নোৱাৰা কিছুমান কাম একেধাৰে কৰি আছে।৮ গৰাকী কৰ্মচাৰীৰ জৰিয়তে কোঁৱৰে এই পাম পৰিচালনা কৰি বছৰি প্ৰায় ১৫ লাখ টকা উপাৰ্জন কৰে।কৰ্মচাৰী সকলৰ ভিতৰৰ তিনি গৰাকী মহিলা আৰু ৫ গৰাকী পুৰুষ।আটাই কেইগৰাকী স্থানীয়।পুৱাৰে পৰা নিশা এপৰৰ লৈকে এই পামৰ নামতে নিজকে উচৰ্গা কৰা কোঁৱৰৰ এই অভিনৱ এগ্ৰ টুৰিছিম ৰিচৰ্ট শেহতীয়াকৈ বহুতৰ বাবে এক আদৰ্শ আৰু অনুকৰণীয় এক সমল হৈছে।
লগতে পঢ়ক-
Mission Basundhara বাবে আবেদনৰ তাৰিখ ৩১ মাৰ্চলৈ বৃদ্ধি
 
    কৃষি কৰ্মৰ জৰিয়তে আহৰণ কৰা ধন আৰু বেংক ঋণৰ জৰিয়তে এধাপ এধাপ কৈ আগুৱাই যোৱাৰ পৰিকল্পনাঃ কৰা এই ৰিচৰ্ট সম্পূৰ্ণ হবলৈ কেইবা কোটি টকাৰ প্ৰয়োজন হব।বৰ্তমানৰ স্থিতি অব্যাহত থাকিলে খুব কম সময়ৰ ভিতৰতে "টি কিন বেন এগ্ৰ' টুৰিছিম "ৰিচৰ্ট সম্পূৰ্ণ হৈ উঠিব বুলি কোঁৱৰে আশা প্ৰকাশ কৰিছে।এই ৰিচৰ্ট সম্পূৰ্ণ হৈ উঠিলে আমি আমাৰ গাঁও বোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি কি দৰে ইয়াৰ পৰা ব্যৱসায়ৰ সুযোগ সৃষ্টি কৰিব পাৰিম সেই দিশত সঁচা অৰ্থত এক নিদৰ্শণৰ সৃষ্টি হব।আন্তঃগাঁথনিৰ কাম সম্পূৰ্ণ হবলৈ সময় আৰু ধনৰ প্ৰয়োজন আছে যদিও মনোজ থমকি ৰোৱা নাই।নিজা উপাৰ্জনৰ প্ৰতিটো পইচা অতি যত্নৰে তেওঁ "টি কিন বেন এগ্ৰ' টুৰিছিম " নামৰ সপোনটোত বিনিয়োগ কৰিছে।অতি সোনকালে তেওঁ এই ৰিচৰ্টত বৰশী বোৱা,নাও চলোৱা আদিৰ দৰে মনোৰঞ্জনৰ ব্যৱস্থাৰ লগতে হোম ষ্টে,শিশু উদ্যান গঢ়ি তুলিব বুলি জানিবলৈ দিছে।
 
    বিশাল পথাৰ এখনৰ বুকুত নিৰ্জন এটা দ্বীপৰ দৰে এই ৰিচৰ্ট অনাগত সময়ত যে এক আকৰ্ষণ হব সেই কথাত অলপো সন্দেহ নাই।বছৰৰ শেষত পৰিয়ালৰ সৈতে যদি কিছু উৎকৃষ্ট সময় অতিবাহিত কৰিব বিচাৰে তেন্তে এই "টি কিন বেন এগ্ৰ' টুৰিছিম ৰিচৰ্ট আপোনাৰ বাবে হব পাৰে এক আদৰ্শ স্থান।গ্ৰাম্য সৰলতা,গ্ৰাম্য জীৱন শৈলীক আধাৰ হিচাপে লৈ গঢ় দিয়া এই ৰিচৰ্টত আপুনি নিজে জাল মাৰি মাছ ধৰিব পাৰিব,নৌকা বিহাৰ কৰিব পাৰিব।আৰু খাব বিচাৰা মৌ,ফল-মূল,শাক পাঁচলি আপুনি নিজেই পামৰ পৰা সংগ্ৰহ কৰাৰ নিভাঁজ আনন্দ লব পাৰিব।বহুত সপোন আৰু অলেখ পৰিকল্পনাৰ ফচল "টি কিন বেন এগ্ৰ' টুৰিছিম "। এই প্ৰকল্পৰ আধাৰতে নিহত হৈ আছে গ্ৰাম্য পৰিৱৰ্তনৰ আমোঘ মন্ত্ৰ।
লেখক- মুজাহিদ আলি, শিৱসাগৰ
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments