Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 24 November, 2022 11:19 AM IST
Sustainable Development Goals)

বহনক্ষম উন্নয়নৰ প্ৰথম সংজ্ঞাটো আহিছে ব্ৰাণ্টলেণ্ড ৰিপৰ্ট (১৯৮৭)ৰ পৰা য’ত ইয়াৰ ব্যাখ্যা দিয়া হৈছে “বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰিবৰ বাবে ভৱিষ্যত প্ৰজন্মৰ ক্ষমতাৰ আপোচ নকৰাকৈ নিজৰ প্ৰয়োজনীয়তাখিনি পূৰণ কৰাটোৱেই হৈছে উন্নয়ন।”ৰাষ্ট্ৰসংঘৰ বহনক্ষম উন্নয়নৰ লক্ষ্য (Sustainable Development Goals) বা গোলকীয় লক্ষ্য হৈছে "সকলোৰে বাবে এক উন্নত আৰু অধিক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰা"ৰ বাবে প্ৰস্তুত কৰা ১৭ টা আন্তঃসংযোজিত লক্ষ্যৰ এক সংগ্ৰহ। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সিদ্ধান্ত লৈ ১৭টা নতুন বহনক্ষম উন্নয়নৰ বিশ্বজোৰা লক্ষ্য বান্ধি দিছিল যিকেইটা ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে।

এই সিদ্ধান্ত মূলতে আছিল দৰিদ্ৰতা শেষ কৰিবলৈ, পৃথিৱীখন সুৰক্ষিত কৰিবলৈ আৰু ২০৩০ চনৰ ভিতৰত সকলো লোকে শান্তি আৰু সমৃদ্ধি উপভোগ কৰাটো নিশ্চিত কৰাৰ বাবে এক সৰ্বজনীন আহ্বান। ভাৰতত বহনক্ষম উন্নয়নৰ লক্ষ্যত সন্নিৱিষ্ট সমৃদ্ধ থকা জাতীয় সূচকসমূহৰ বিকাশৰ ভূমিকা, মন্ত্ৰালয়ৰ দ্বাৰা পৰিকল্পনাসমূহৰ ৰূপায়ণৰ তত্ত্বাৱধায়ন কৰা, উন্নয়নৰ লক্ষ্য সাৰ্থক কৰাৰ বাবে ৰাজ্যসমূহৰ লগত সমন্বয় স্থাপন কৰাৰ বাবে সংশ্লিষ্ট বিভাগক নিয়োগ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ এই নতুন কাৰ্যসূচীয়ে বহনক্ষম উন্নয়নৰ প্ৰথাগত তিনিটা মাত্ৰা অতিক্ৰম কৰি নিম্নোক্ত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

১। জনসাধাৰণ – দৰিদ্ৰতা আৰু ক্ষুধাৰ অৱসান ঘটোৱা।

২। গ্ৰহ – ধ্বংসৰ আশংকাৰ পৰা পৃথিৱীক ৰক্ষা কৰা।

৩। সমৃদ্ধি – সকলো মানুহে যাতে সমৃদ্ধিশালী এক সম্পূৰ্ণ জীৱন ভোগ কৰিব পাৰে তাক সুনিশ্চিত কৰা।

৪। শান্তি – মানৱ সমাজক ভয় আৰু হিংসাৰ পৰা মুক্ত কৰি শান্তি বজাই ৰখা।

৫। সহযোগ – সকলো ৰাষ্ট্ৰ, হিতাধিকাৰী আৰু বৃহত্তৰ মানৱ সমাজৰ অংশগ্ৰহণেৰে এটা পুনৰুজ্জ্বীৱিত বিশ্বব্যাপী সহযোগিতাৰ মধ্যমেৰে উল্লেখিত সংহতি বাস্তৱায়িত কৰা।

লগতে পঢ়ক- 

আমেৰিকান কৃষকসকল কিয় ভাৰতীয় কৃষকতকৈ কিয় আগবঢ়া? কাৰণটো জানক

সোতৰটা বহনক্ষম উন্নয়নৰ লক্ষ্য হৈছে:

১)দৰিদ্ৰতা নিৰ্মূল

২)ক্ষুধা নিবাৰণ

৩)সুস্বাস্থ্যৰ জৰিয়তে পৰিয়ালৰ কল্যাণ সাধন

৪)গুণগত শিক্ষা

৫)লিংগ সমতা ৰক্ষা

৬)বিশুদ্ধ খোৱাপানী আৰু অনাময় ব্যৱস্থা

৭)সুলভ আৰু স্বচ্ছ শক্তি

৮)ভাল কাৰ্যৰ জৰিয়তে অৰ্থনৈতিক বিকাশ সাধন

৯)উদ্যোগ, নতুনত্ব আৰু অভিনৱত্ব

১০)বহনক্ষম চহৰ আৰু সম্প্ৰদায়

১১)অসমানতা হ্ৰাস কৰা

১২)দায়িত্বশীল সেৱন আৰু উৎপাদন

১৩)জলবায়ু নিয়ন্ত্ৰণ

১৪)সাগৰীয় জীৱকূল

১৫)জীৱন আৰু ভূমি

১৬)শান্তি, ন্যায় আৰু শক্তিশালী সংস্থা

১৬)সমেত অংশীদাৰিত্ব আৰু বহনক্ষম লক্ষ্য

মুগা আৰু এৰী ৰেচম ক্ষেত্ৰ আৰু বহনক্ষম জীৱিকা উন্নয়ণ

এটা বহনক্ষম জীৱিকা উন্নয়ণৰ ক্ষেত্ৰত এই দুই ৰেচম শিল্পৰ বহুমুখী অৱদান অনস্বীকাৰ্য।দৰিদ্ৰতা নিৰ্মূল, ক্ষুধা নিবাৰণ, লিংগ সমতা ৰক্ষা,ভাল কাৰ্যৰ জৰিয়তে অৰ্থনৈতিক বিকাশ সাধন আৰু উদ্যোগ, নতুনত্ব আৰু অভিনৱত্ব এইকেইটা ক্ষেত্ৰত মুগা আৰু এৰী ৰেচম ক্ষেত্ৰৰ অৰিহনা উল্লেখযোগ্য। অসমৰ আৰ্থ সামাজিক ক্ষেত্ৰত পলু পালন তথা সূতা, বস্ত্ৰ আৰু পাৰ্শ্ব উৎপাদনৰ যোগেদি দৰিদ্ৰতা নিৰ্মূলকৰণত ৰেচম শিল্পই যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে। মুগা আৰু এৰী উভয়ৰে লেটা এটা পুষ্টিকৰ খাদ্য। এইদৰে লেটাই ক্ষুধা নিবাৰণতো বৰঙণি যোগাইছে। মুগা আৰু এৰী শিল্পৰ কৰ্ম ক্ষেত্ৰত মহিলাৰ যোগদান অনস্বীকাৰ্য্য। বিশেষকৈ এৰী ক্ষেত্ৰত শতকৰা ৯০ ভাগ কৰ্মত মহিলা জড়িত হৈ থাকে। গতিকে ৰাষ্ট্ৰসংঘৰ দ্বাৰা নিৰ্দ্ধাৰিত লিঙ্গ সমতাৰ লক্ষ্য নাৰী সৱলীকৰণৰ দ্বাৰা এই দুই শিল্পই পূৰণ কৰিব পাৰে। অসমৰ বহুত কৃষক পৰিয়াল ৰেচম ক্ষেত্ৰৰ যোগেদি অৰ্থনৈতিক ভাৱে টনকিয়াল হ'ব পাৰিছে । জীৱন নিৰ্বাহৰ এটা আহিলা হিচাপে ৰেচম ক্ষেত্ৰৰ অৱদান উল্লেখযোগ্য। গতিকে ৰেচম ক্ষেত্ৰৰ এনে শুভ কামৰ জড়িয়তে অৰ্থনৈতিক বিকাশ সম্ভৱপৰ হৈছে। নৱপ্ৰজন্মকে আদি কৰি পৰম্পৰাগত কৃষক সকলে ৰেচম পালন তথা উৎপাদনক সফলতাৰে উদ্যোগীকৰণ কৰিবলৈ সমৰ্থ হৈছে। নৱ নৱ উদ্ভাৱনৰ যোগেদি যোগান্তৰ আনিবলৈ সক্ষম হৈছে। পাৰ্শ্ব উৎপাদন তথা বস্ত্ৰ উৎপাদন ক্ষেত্ৰত বৈচিত্ৰময় উৎপাদন লক্ষণীয় ভাৱে বৃদ্ধি পাইছে। এইদৰে উদ্যোগ, নতুনত্ব আৰু অভিনৱত্বৰ লক্ষ্য মুগা আৰু এৰী শিল্পই সফলতাৰে পূৰণ কৰি দেশৰ জনতাৰ বহনক্ষম জীৱিকাৰ উন্নয়ন ক্ষেত্ৰত উল্লেখযোগ্য বৰঙনি আগবঢ়াই আহিছে।

লগতে পঢ়ক- 

Crop Diversification: শস্য প্ৰণালীৰ বৈচিত্ৰকৰণ

English Summary: The velvet and erie silk industry Sustainable Development Goals of United Nations
Published on: 24 November 2022, 11:14 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now