Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 5 September, 2022 4:54 PM IST
অসম কৃষি বিশ্ববিদ্যালয়ত শিক্ষক দিৱস

যোৰহাটৰ কৃষি মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ মুল চৌহদত সোমবাৰে পালন কৰা হয় শিক্ষক দিৱস। শিক্ষক দিৱসৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ মুল চৌহদত শতাধিক অৱসৰপ্ৰাপ্ত শিক্ষক – গৱেষক বিজ্ঞানীক সন্মানিত কৰা হয় । অসমৰ বিভিন্ন স্থানৰ কৃষি বিজ্ঞান কেন্দ্ৰ, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ সমুহতো গুৰু বন্দনাৰ কাৰ্যসূচীৰ জৰিয়তে দুই শতাধিক অৱসৰপ্ৰাপ্ত শিক্ষক–গৱেষক বিজ্ঞানীক সন্মানিত কৰা হয় অনুষ্ঠানত।

অনুষ্ঠানতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে শিক্ষাৰ দিশত সঠিক গৱেষণা আৰু উদ্ভাৱনী ধাৰণাৰে অনুপ্ৰাণিত কৰিব পৰাকৈ শিক্ষাদান কৰি শিক্ষাৰ্থীৰ সম্ভাৱনাক শক্তিলৈ পৰিবৰ্তিত কৰিব লাগিব । জ্ঞান হ’ল সংৰক্ষিত শক্তি আৰু সেই শক্তি আহৰণৰ দিশত সঠিক পদ্ধতিগত শিক্ষাৰে শিক্ষক সমাজে ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিব লাগিব। ভাষণতে তেওঁৰ জীৱনত গুৰুৰ অৱদানক সুৱৰি কয়- ‘গুৰু দক্ষিণা স্বৰূপে এই অনুষ্ঠানৰ জৰিয়তে আমিও আনন্দিত হৈছো ।

এই কাৰণেই যে আমাৰ গুৰুৰ ত্যাগৰ বাবেই আমি এই অৱস্থাত উপনীত হৈছো। প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি গুৰুৱে কেৱল শিক্ষা দিয়াই নহয় সঠিক পথ দেখুৱাই প্ৰকৃত মানৱ হিচাপে আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে । সেয়ে আমাৰ কৰ্তব্য হ’ল শিক্ষকক সন্মান কৰা আৰু গুৰুত্বপূৰ্ণ ভাৱধাৰাৰে নিজকে আগুৱাই নিয়া ।’’

বন্তি প্ৰজ্বলন আৰু সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিৰ আদৰণি ভাষণ আগবঢ়াই কৃষি বিজ্ঞানগুৰু ড° জয়ন্ত ডেকাই ।বিশ্ববিদ্যালয়ৰ যোৰহাটৰ মাধৱ চন্দ্ৰ দাস সোৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভৰালৰ চীফ লাইব্ৰেৰীয়াৰ ড° চন্দন হাজৰিকাৰ লগতে বিশ্ববিদ্যালয়ৰ বিজ্ঞানগুৰুসকল ,সঞ্চালকসকল, বিশেষ বিষয়াসকল , বিভাগীয় মুৰব্বীসকল ,অধ্যাপকসকল, গৱেষক বিজ্ঞানীসকল উপস্থিত থাকে ।

লগতে পঢ়ক- গৌৰৱময় ২৬ টা বছৰ সম্পূৰ্ণ কৰিলে কৃষি সংবাদ প্ৰতিষ্ঠান কৃষি জাগৰণে

English Summary: Teachers day Assam agri university
Published on: 05 September 2022, 04:54 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now