Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 11 April, 2023 11:20 AM IST
এপিয়লা

এপিয়লা চাহ, ভাগৰুৱা জীৱনৰ উৎসাহ- এনে এক দূৰন্ত টেগলাইন লিখা টি ছাৰ্ট পিন্ধি কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ  নিজৰ চাহৰ বিপণীখনতে পুৱাৰ পৰা গধূলিলৈ ব্যস্ত থকা যুৱতীগৰাকীৰ নাম উপাসনা দাস।  ঘৰ গুৱাহাটীৰ খাৰঘূলিত।নিবনুৱা সমস্যাৰে ভাৰাক্রান্ত অসমৰ অনেক যুৱক-যুৱতীৰ দৰে কেৱল চৰকাৰী চাকৰি এটাৰ বাবে আশাপালি জীবনটোক অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়াৰ সলনি উপাসনাই বাছি গৈছে আত্মনিৰ্ভৰশীলতাৰ আলোকোজ্জ্বল পথ। তাৰেই আঁত ধৰি কটনৰ সন্মুখত পথৰ দাঁতিত আজি উজলি ৰৈছে তেওঁৰ 'এপিয়লা" নামৰ বিপণীখনত।

উদয়াস্ত ব্যস্ততা উপাসনাৰ। আকাৰত সৰু হ'লেও তেওঁৰ বিপণীখনত লুকাই থকা শৈল্পিক ৰূপটোৱে সকলোকে আকর্ষণ কৰে। লোহাৰ ফ্ৰেমৰ ওপৰত বাঁহ ব্যৱহাৰ কৰি এটা বিশাল টী-পৰ্টৰ আৰ্হিত সজা হৈছে বিপণীখন।। ৰংটোও সেউজীয়া... ঠিক যেন চাহপাতৰ সেউজীয়া ৰংটো। উপাসনাৰ বিপণীত এপিয়লা মচলা চাহৰ সোৱাদ ল'বলৈ গ্ৰাহকৰ ভিৰ সততে দেখা যায়। সৃষ্টিশীল মানসিকতাৰ যুৱতীগৰাকীয়ে নিজৰ বিপণীখনৰ বাবে সৃষ্টি কৰিছে সেই আবেগপূর্ণ টেগলাইন 'এপিয়লা চাহ, ভাগৰুৱা জীৱনৰ উৎসাহ।' অবশ্যে কেবল চাহেই নহয়, উপাসনাৰ ব্যবসায়িক ক্ষেত্র ক্রমে বিস্তাৰিত হৈছে অনলাইন বাণিজ্যলৈকে। কটনৰ সন্মুখৰ এপিয়লাৰ লগতে উপাসনাই শ্ৰীজা নামেৰে জৈৱিক সামগ্ৰীৰ বিক্ৰিৰ বাবে অনলাইন ব্যৱসায়ো আৰম্ভ কৰিছে।

লগতে পঢ়ক- 

থলুৱা খাদ্যক বজাৰ উপযোগী কৰি স্বাৱলম্বী গৌৰীসাগৰৰ পৰী ৰাজখোৱা

In Front of Cotton University

উপাসনা দাসে জীবনত কি কৰা নাই বুলি প্রশ্ন কৰিলে বহু উত্তৰেই পোৱা যাব। ছিকিম মণিপাল বিশ্ববিদ্যালয়ৰপৰা ২০০৭ চনত সাংবাদিকতাৰ স্নাতক উপাসনা দাসে পৰৱর্তী সময়ত তেজপুৰ বিশ্ববিদ্যালয়ত সাংবাদিকতাৰ স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। তেজপুৰ বিশ্ববিদ্যালয়ত জনসম্পর্কৰক্ষী বিষয়া হিচাপেও তেওঁ কাম কৰিছিল। ২০১০-২০১১ নিউজ টাইম অসম, ডি ৱাই ৩৬৫, ছেন্টিনেল কাকতৰ ডিজিটেল বিভাগ, আলোচনী আদি ক'ত কি কাম কৰা নাছিল উপাসনা দাসে। আনকি অসম প্রশাসনীয় সেৱা পৰীক্ষাত তেওঁ দুবাৰকৈ অৱতীৰ্ণ হৈ প্ৰথম পৰ্যায়ত উত্তীর্ণও হৈছিল। কিন্তু নিজেই কিবা এটা কৰাৰ আগ্ৰহেৰে উপাসনাই অনলাইন ব্যবসায়ত মনোনিবেশ কৰিছিল।

এপিয়লাৰ সন্মুখত গ্ৰাহকৰ সৈতে উপাসনা

তেওঁ কয়- শ্রীজা অৰগেনিক প্রাইভেট লিমিটেড' নামৰ অনলাইন ব্যবসায় ক'ৰনাৰ সময়তে আৰম্ভ কৰিছিলো। অনলাইন যোগে বিক্ৰী কৰিবৰ বাবে নিজেই জৈবিক চাবোন তৈয়াৰ কৰিছিলোঁ। চাবনৰ বাবে কেঁচামাল ক্রয় কৰি জৈবিক চাবন তৈয়াৰ কৰি অনলাইনযোগে বিক্ৰী কৰি থকা হৈছে। উপাসনাই আৰু কয়-  অনলাইন যোগে চাহপাত, হালধি, খাঁটী সৰিয়হৰ মিঠাতেল বিক্ৰী কৰা হয়। গ্রাহকে বিচাৰিলে চকলেটো তৈয়াৰ কৰা হয়। ২০২০ চনৰপৰা অনলাইনৰ এই ব্যবসায় অব্যাহত ৰখা হৈছে। এই কামৰ উপৰি ব্যতিক্রমী অন্য এক কাম কৰিবলৈ চিন্তা কৰি আছিলোঁ। অৱশেষত 2022 চনত ডাঃ দেবজানী দাসৰ লগত কথা পাতি কটন বিশ্ববিদ্যালয়ৰ সন্মুখত 'এপিয়লা' প্রতিষ্ঠান স্থাপন কৰিলোঁ।

এপিয়লাৰ গ্ৰাহক

উল্লেখ্য যে তেজপুৰ বিশ্ববিদ্যালয়ত জনসম্পর্ক বিভাগৰ চাকৰি ত্যাগ কৰি উপাসনাই নিজৰ চিন্তানেই উপার্জন কৰা কামত গুৰুত্ব দিছিলো। তেওঁ আৰু কয়— 'কটন বিশ্ববিদ্যালয়ৰ সন্মুখত বাহেৰে নিৰ্মাণ কৰা এটা কাপৰ আৰ্হিত 'এপিয়লা' নামৰ চাহ দোকানখন প্রতিষ্ঠা কৰা হৈছে। যাতে দূৰৰপৰাই মানুহৰ চাহৰ প্ৰতি থকা হাবিয়াসক আকৰ্ষণ কৰিব পৰা যায়। পুৱা ১০ বজাৰপৰা নিশা ৮.৩০ বজালৈ 'এপিয়ালা' প্রতিষ্ঠানত গ্রাহকৰ ভিৰ হয় বাবে উপার্জনো ভাল হয়। উপাসনাই কয়- 'দিনব ভাগত কৰ্মচাৰীৰ জৰিয়তে ব্যৱসায়ৰ কাম চলোৱা হয়। আমি আবেলিৰ পৰাহে 'এপিয়লা" প্রতিষ্ঠানত চাহ বিক্ৰী কৰোঁ। কাৰণ, দিনৰ ভাগত মেনেজমেন্ট প্রতিষ্ঠান এখনত পাঠদান কৰোঁ। লক্ষণীয় যে ব্যক্তিগত কলেজ এখনত অধ্যাপনা, অনলাইন ব্যবসায় আৰু আবেলিৰ পৰা কটন বিশ্ববিদ্যালয়ৰ সন্মুখত চাহ বিক্ৰী কৰালৈকে উপাসনাই সকলো কাম নিয়াৰিকৈ কৰি গৈছে। আত্মবিশ্বাসেৰে কাম কৰাৰ বাবেই উচ্চ শিক্ষিত উপাসনাই সফলো হৈছে। উচ্চ শিক্ষিত হোৱাৰ বাবেই চৰকাৰী বা উচ্চ শিক্ষাৰ বেচৰকাৰী প্ৰতিষ্ঠানত কাম কৰিবই লাগিব, তেনে ভাব তেওঁ লোৱা নাই। হাতে কামে আৰু পৰিকল্পনাৰে সকলো কামত যে সফল হ'ব পৰা যায় তাৰো আদর্শ দেখুৱাইছে উপাসনাই।

লেখক- জিতেন্দ্ৰ কুমাৰ চৌধুৰী

বি:দ্ৰ:- লেখাটো দৈনিক জনমভূমি কাকতত পূৰ্বে প্ৰকাশিত

লগতে পঢ়ক- 

২০০৮ চনত স্বামীক হেৰুৱাই কণিকা তালুকদাৰে ছমহীয়া কন্যা সন্তানক বুকুত লৈ আৰম্ভ কৰে এই যাত্ৰা...

English Summary: Tea shop in front of Cotton University by Higher Educated
Published on: 11 April 2023, 11:18 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now