1. News

Amazing Grafting Farming! টোমালু, একেটা গছতে বিলাহী আৰু আলু

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Amazing Grafting Farming : Tomalu Farming in Banladesh
Amazing Grafting Farming : Tomalu Farming in Banladesh

কৃষিৰ ক্ষেত্ৰত বাংলাদেশক বিশ্বৰ বহু দেশে অনুকৰণ কৰে। শেহতীয়াভাৱে দেশখনৰ বগুৰা জিলাত টোমালুৰ খেতিয়ে ব্যাপক সম্ভাৱনা সৃষ্টি কৰিছে। একেটা গছতে মাটিৰ তলত আলু গজিছে, আৰু মাটিৰ ওপৰত ডালত ওলমি আছে বিলাহী । এইটো কেনেকৈ সম্ভৱ?

বগুৰাৰ মোকমতলা অঞ্চলৰ এখন ব্যক্তিগত কৃষি পামে গ্ৰাফটিং পদ্ধতি অনুসৰণ কৰি আলু আৰু টমেটো খেতি কৰি এনে সফলতা লাভ কৰিছে। হাজাৰ হাজাৰ গছত পৰীক্ষামূলক খেতি কৰি সফল হৈছে।
বাংলাদেশৰ কৃষিপামত গ্ৰাফটিং পদ্ধতিৰে একেটা গছতে টমেটো আৰু আলু উৎপাদন কৰিছে। এই পদ্ধতিৰ নাম ‘টোমালু’।
টোমালু খেতিৰ সফল ৰূপকাৰ ৰুবেল মিঞা। তেওঁ জিলাখনৰ জয়পুৰহাটৰ কলাই উপজিলাৰ সহকাৰী কৃষি বিষয়া। অতি কম বয়সৰ পৰাই তেওঁ কৃষি আৰু কৃষিৰ সকলো দিশৰ লগত জড়িত হৈ আছে। যেতিয়া তেওঁ IUBAT ত কৃষি বিজ্ঞান অধ্যয়ন কৰিছিল। অধ্যয়ন সাং কৰাৰ পিচত তেওঁ কৃষি বিষয়ক গৱেষণাত জড়িত হয়। তেতিয়াৰ পৰাই তেওঁ বিভিন্ন কৃষি বিষয়ত পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰে।
মোকামতলাৰ চৌকিৰঘাট অঞ্চলৰ বাসিন্দা মিঞাই কৃষিবন্ধু এগ্ৰো ফাৰ্মে ঘাইপথৰ পূব দিশৰ পাঁচ বিঘা মাটিত এখন নাৰ্চাৰী নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কৃষি বিষয়া হিচাপে যোগদান কৰে।
অসম চৰকাৰৰ কৃষি বিভাগৰ প্ৰতিনিধি দলে মাজে মাজে বাংলাদেশ ভ্ৰমণ কৰে। এই নতুন প্ৰযুক্তি আমাৰ চৰকাৰে কেতিয়ালৈ আমদানি কৰিব?
লেখক- আব্দুল আলিম, সাংবাদিক
English Summary: Tamalu Farming in Banladesh : Amazing Grafting Farming

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.