1. News

PM Fasal Bima Yojana : শস্য বীমা আঁচনি ৰূপায়ণত অসমৰ সফলতা

PANKAJ KHANIKAR
PANKAJ KHANIKAR

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যান মন্ত্ৰনালয়ৰ অধীনত সমগ্ৰ দেশতে ৰূপায়িত হৈ থকা এখন ধ্বজাবাহী আঁচনি হ’ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা । বানপানী, খৰাং, গৰা খহনীয়া আদিৰ দৰে প্ৰাকৃতিক দুৰ্য্যোগ তথা অনিষ্টকাৰী পোক-পৰুৱা আৰু বেমাৰ আজাৰ আদিৰ পৰা সম্ভাব্য ক্ষয়-ক্ষতিৰ সকাহ দিবলৈ অসমতো ৰূপায়িত হৈ আছে আঁচনি।

চলিত বৰ্ষটোত শস্য বীমাকৰণৰ জৰিয়তে ইতিমধ্যে ৰাজ্যখনৰ বুজন সংখ্যক কৃষকে এই আঁচনিৰ অধীনত আৰ্থিক সকাহ লাভ কৰিছে।ৰাজ্যখনৰ বাবে সুখৰ বতৰা এই যে ২০২২ চনৰ খাৰিফ বতৰৰ বেলিকা আঁচনিখন ৰূপায়নৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাইছে।

এই পাৰদৰ্শিতাৰ বাবে অসমে দেশৰ A2 শ্ৰেণীভূক্ত প্ৰদেশসমূহৰ ভিতৰত প্ৰথম স্হান অধিকাৰ কৰিবলৈ সমৰ্থ হৈছে।

যোৱা ১৪ এপ্ৰিল তাৰিখে চট্টিশগড়ৰৰ ৰায়পুৰত অনুষ্ঠিত হৈ যোৱা প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অভিবৰ্তনত এই বটা প্ৰদান কৰা হয়। অসম চৰকাৰৰ হৈ এই বটা গ্ৰহণ কৰে নডেল বিষয়া মকিবুৰ ৰহমানে।

লগতে পঢ়ক- 

বৰপেটাত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰুষোত্তম ৰূপালা

English Summary: Success of Assam in implementation of Crop Insurance Scheme

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.