1. News

বৰপেটাত কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰুষোত্তম ৰূপালা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Union Minister  Purushottam Rupala in Barpeta
Union Minister Purushottam Rupala in Barpeta

দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে বৰপেটাত দেশৰ মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰষোত্তম ৰুপালা। প্ৰথমদিনৰ কাৰ্যসূচী অংশ হিচাপে ৰূপালাই বৰপেটা জিলাৰ কৰেৰতলত থকা মৎস্য উৎপাদক হেমন্ত ডেকাৰ উৎপাদন ক্ষেত্ৰ পৰিদৰ্শন কৰে। বিজ্ঞানসন্মত পদ্ধতিৰে ডেকাই কিদৰে মাছ উৎপাদন কৰি লাভৱান হৈছে, সেই বিষয়ে বুজ লোৱাৰ উপৰি চৰকাৰী আঁচনিৰ কি কি সুফল লাভ কৰিবলৈ সক্ষম হৈছে তাৰো বুজ লয়।

জিলাখনৰ বিভিন্ন ক্ষেত্ৰসমূহ পৰিদৰ্শন কৰি ৰূপালাই কয়- মাছ উৎপাদন, পশুপালন আৰু দুগ্ধ উৎপাদন অধিকৰ পৰা অধিকতৰ কৰাৰ যথেষ্ট সুযোগ আছে‌। কাৰণ জিলাখনৰ কৃষকসকলে যথেষ্ট কষ্ট কৰিব পাৰে। নিজৰ প্ৰচেষ্টাতে তেওঁলোকে বহু আগবাঢ়িবলৈ সক্ষম হৈছে। চৰকাৰী আঁচনিৰো সুবিধা তেওঁলোকে লাভ কৰিছে। অৱশ্যে তেওঁলোকক চৰকাৰীভাৱে অধিক সহায়ৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস কেন্দ্ৰীয় মন্ত্ৰীজনে দিয়ে। মাছ উৎপাদকসকলক প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ পৰা সৰ্বাধিক সুবিধা গ্ৰহণ কৰিবলৈ ৰুপালাই পৰামৰ্শ আগবঢ়ায়। ভ্ৰমণতে কেন্দ্ৰীয় মন্ত্ৰীজনে ছাগলী আৰু গাহৰিৰ ফাৰ্মো পৰিদৰ্শন কৰে।

লগতে পঢ়ক- 

King chili : মাজুলীৰ ভকত চাপৰিত চন্দ্ৰ ভৰালীৰ ভোট জলকীয়াৰ খেতি

ইফালে, কেন্দ্ৰীয় মন্ত্ৰীজনে বৰপেটা জিলাত  মীন, পশুপালন আৰু দুগ্ধ উৎপাদন ব্যৱস্থা কি পৰ্যায়ত আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবোৰৰ ৰূপায়ণ কিদৰে কৰা হৈছে আৰু তাৰ জৰিয়তে ক্ষেত্ৰকেইখনৰ লগত জড়িত লোকসকল  কিদৰে উপকৃত হৈছে তাৰ বুজ ল'বলৈ বৰপেটা জিলাৰ সংশ্লিষ্ট বিভাগবোৰৰ মুৰব্বী বিষয়াসকলৰ লগতো জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয়।

সাংবাদিকৰে হোৱা কথা-বতৰাত ৰূপালাই কয়- দিল্লীত গ্ৰহণ কৰা চৰকাৰী আঁচনিসমূহ দেশৰ দূৰদূৰণিৰ জিলাবোৰলৈ সম্প্ৰসাৰিত হৈছে। এই দুদিনীয়া বৰপেটা জিলা ভ্ৰমণত বিভাগবোৰৰ কাম-কাজ পৰিদৰ্শনত মই সেই কথা উপলব্ধি কৰিছো।

লগতে পঢ়ক- 

জিৰ’ বাজেট ফাৰ্মিং পদ্ধতিৰে খেতি কৰি কেনেদৰে লাভান্বিত হ’ব আপুনি!

English Summary: Union Minister Purushottam Rupala in Barpeta

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.