1. News

Pineapple : তামুলপুৰত অনাৰসৰ খেতিৰে স্বাৱলম্বণৰ পথ বাচি লৈছে কৃষকে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Pineapple Farming in Tamulpur
Pineapple Farming in Tamulpur

তামুলপুৰৰ বজাৰত উভৈনদী হৈছে থলুৱা ভাৱে উৎপাদিত বতৰৰ ফল আনাৰস। তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ মাৰিয়ামপুৰ, হৰতোলা, কালাঝাৰ আদি গাঁৱত উৎপাদিত বতৰৰ ফল আনাৰসে এতিয়া জিলাখনৰ বজাৰসমূহ উপচাই পেলাইছে।

বাৰিষা কালৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ ১৫/২০ গৰাকী কৃষকে এনেদৰে বাৰীৰ মাটিত বা তামোল বাৰীৰ তলতে সুন্দৰকৈ আনাৰসৰ খেতি কৰি দুপইচা অৰ্জন কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ জুন, জুলাই মাহত সু স্বাদু ফল বিধ পকিবলৈ ধৰে৷ কৃষকসকলে এই ফল বিক্ৰী কৰি আৰ্থিক ভাৱে স্বচল হোৱা দেখা গৈছে৷ কোনোবাই এক দুই বিঘা কোনোবাই আকৌ বেছি পৰিমাণৰ আনাৰসৰ খেতি কৰি ভাল উপাৰ্জনৰ দিহা কৰিবলৈ সক্ষম হৈছে।

আমি তেনে এগৰাকী খেতিয়ক লাইজুছ মুৰ্মুয়ে দুবিঘাত আনৰসৰ খেতি কৰিছে। বনৰীয়া হাতীয়ে এইবেলি কিছু আনাৰস নষ্ট কৰিছে। তেওঁ জনোৱা মতে ভাৰত ভূটান সীমান্তৰ হৰতোলা,কালঝাৰ, পাটকিজুলি ,মাৰিয়ামপুৰত উৎপাদিত আনাৰসৰ পৰা ফলৰ ৰস উৎপাদন কৰা সম্ভৱ ৷

উপযুক্ত সুবিধা দিলে মেচিন যোগান ধৰিলে নিশ্চয় কৃষক সকল উপকৃত হব বুলি কয় ৷ তামুলপুৰ ,কুমাৰীকাটা পাটকিজুলি বজাৰত আনাৰস বিক্ৰী কৰাৰ লগতে ঘৰৰ পৰাই ৫০/৫৫ টকা দৰত কিনি নিয়ে বেপাৰী সকলে৷ বজাৰত ৫৫/৬০/৭০/- টকা দৰত বিক্ৰী কৰি আহিছে সুস্বাদু আনাৰস  মহিলা ব্যৱসায়ী সকলে।

লগতে পঢ়ক- 

Rambutan : জানো আঁহক নতুন ফলবিধৰ কৃষি পদ্ধতি আৰু লাভালাভসমূহৰ বিষয়ে

তামুলপুৰৰ অনাৰসৰ বজাৰ
তামুলপুৰৰ অনাৰসৰ বজাৰ
অনাৰস খেতিয়ক লাইজুছ মুৰ্মু
অনাৰস খেতিয়ক লাইজুছ মুৰ্মু

এতিয়া ভূটান সীমান্তৰ পাটকিজুলি অঞ্চলত উৎপাদিত বতৰৰ ফল আনাৰসেৰে ভৰি পৰিছে তামুলপুৰৰ বজাৰ সমাৰ বজাৰ ৷ অৱশ্যে কৃষিবিভাগে আনাৰসৰ খেতিৰে কৃষক সকলক উৎসাহিত কৰিবলৈ সক্ষম হলে আনাৰসৰোখেতিয়ে এক জাগৰণ আনিব পাৰিব ৷

খাদ্য সংসাধনৰ জৰিয়তে আনাৰসৰ ফলৰ ৰস  উৎপাদন কৰি ফল মূল সংৰক্ষণ কৰিবলৈ  এটি ক্ষুদ্ৰ উদ্যোগ গঢ়ি এই ক্ষেত্ৰত কৃষক সকলক উৎসাহিত কৰিব পাৰে ৰাজ্য চৰকাৰ আৰু বিটিআৰৰ প্ৰশাসনে ৷

লগতে পঢ়ক-

মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই

 

English Summary: Farmers grow Pineapple Farming in Tamulpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.