Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 25 October, 2022 6:31 PM IST
শস্যৰ বৃদ্ধিত মাটিৰ অৱদান

মাটি হৈছে আমাৰ দেশৰ এক গুৰুত্বপূৰ্ণ সম্পদ। উৰ্বৰ মাটিয়ে আমাক বহুতো শস্য উৎপাদনত সহায় কৰে। মাটিৰ প্ৰাৰম্ভিক  শক্তিৰ অৰ্থ হৈছে শস্যৰ উৎপাদন বজাই ৰাখিবলৈ  আৰু সমৰ্থন কৰিবলৈ মাটিডৰা কিমান শক্তিশালী। মাটিৰ উৎপাদন নিশ্চিতভাৱে ভৌতিক ৰাসায়নিক আৰু জৈৱিক গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে। শস্যৰ উৎপাদনৰ ক্ষেত্ৰত মাটিৰ আন্তঃগাঠনি অধিক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিবেচনা কৰিব লাগে।

আজিকালি কৃষকসকলে যান্ত্ৰিক কৃষিৰ ফালে হৈছে যদিও সথিক মাটি প্ৰস্তুতকৰণ কৌশল প্ৰণালী জ্ঞানৰ অভাৱৰ বাবে  মাটি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াৰ ক্ৰমটো ভুল হৈ আছে। মাটি প্ৰস্তুতিৰ প্ৰক্ৰিয়াটো গভীৰ স্তৰৰ পৰা মাটিৰ ওপৰৰ স্তৰবোৰ ভাঙি দিয়াকে মুখ্য মাটি প্ৰস্তুতকৰণ বুলি কোৱা হয়। তাৰ পাছত সেইবোৰ হেৰো ব্যৱহাৰ কৰি মাটিৰ ডাঙৰ অংশবোৰ ভাঙি  উপযুক্ত মাটি প্ৰস্তুতকৰণ প্ৰক্ৰিয়াটোক গৌণ বুলি কোৱা হয়। সুক্ষ্ম বীদৰ বাবে মাটি ডৰা মিহি, মাটিৰ গভীৰতা ওপৰত নিৰ্ভৰ কৰে। আৰু ডাঙৰ বীজৰ বাবে সৰু বীজতকৈ বেছি গভীৰতা প্ৰয়োজন হয়। আজিকালি কৃষকসকলৰ জ্ঞানৰ অভাৱৰ বাবে, কৃষকসকলে সাধাৰণতে মাটি প্ৰস্তুতিৰ বাবে কেৱল ৰোটভেটৰ (গৌণ খেতিৰ সজুঁলি)ব্যৱহাৰ কৰি  দ্ৰুতগতিত মাটি প্ৰস্তুত কৰে।

যৰ ফলত কেৱল ওপৰৰ স্তৰৰ মাটি গুৰি কৰে যিটো খেতিৰ বাবে উপযোগী নহয়। শস্যৰ শিপা মাটিৰ নিৰ্দিষ্ট স্থানলৈ যাব নোৱৰাৰ বাবে শিপাই গভীৰৰ স্তৰৰ পৰা পুষ্টি, পানী শোষণ ক্ষমতা সীমিত কৰি শস্যৰ বৃদ্ধি আৰু বিকাশত বাধা প্ৰদান কৰে। গতিকে কৃষকসকলে শস্যৰ উৎপাদনশীলতা হ্ৰাস হোৱা, অপতৃণ বৃদ্ধি, শস্যৰ শক্তি হ্ৰাস আৰু বহুতো সমস্যাৰ সন্মুখীন হয়। মুখ্য মাটি প্ৰস্তুতকৰণ প্ৰণালী ব্যৱহাৰ কৰি  মাটিডৰা ভালদৰে মাটি ওলোটা কৰিলে অপতৃণ বৃদ্ধি ৰোধ কৰিব পাৰি। কাৰণ অপতৃণৰ বীজবোৰ মাটিৰ গভীৰতালৈ পুতি থোৱা হয়।

আমাৰ কৃষকসকলে শস্যৰ উৎপাদন হ্ৰাস পোৱাৰ মূল কাৰণটো মাটিৰ প্ৰস্তুতকৰণৰ বিপৰীতে শস্যৰ প্ৰকাৰৰ ওপৰত দোষাৰোপ কৰে। লগতে কৃষকসকলে নিজৰ বহুতো গুৰুত্বপূৰ্ণ শস্যৰ জাত হেৰুৱাইছে। থলুৱা খেতি নকৰাৰ বাবে অন্তনিৰ্হিত আনুবংশিক সামগ্ৰী হ্ৰাস হৈছে। মাটি প্ৰস্তুতকৰণৰ উপৰিও জলবায়ুৰ কাৰক বীজৰ মানদণ্ড, শস্যৰ বাবে প্ৰয়োজনীয় স্থান বাছনি কৰাটোৱে শস্যৰ উৎপাদন উচ্চস্তৰলৈ অনাত সমানে গুৰুত্ব বহন কৰে।

বন্তি গগৈ, বিষয়বস্তু বিশেষজ্ঞ, শস্য বিজ্ঞান বিভাগ

দ্বিপেন চন্দ্ৰ নাথ, বিষয়বস্তু বিশেষজ্ঞ, ভূমি বিজ্ঞান বিভাগ

কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁও

লগতে পঢ়ক- 

সৰ্বভাৰতীয় প্ৰেক্ষাপটত অসমৰ কৃষিখণ্ড পিছপৰি ৰোৱা কেইটামান কাৰণ

English Summary: SOIL POWER
Published on: 25 October 2022, 06:12 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now