
কণ জলকীয়া (Bird Eye Chilly) অসমৰ থলুৱা জলকীয়া জাতসমূহৰ অন্যতম। অসমৰ ঠাই বিশেষ ইয়াৰ নাম অনেক। নামনি অসমত এই জলকীয়া বিধক ফিৰিঙি জলকীয়া বুলি জনা যায়। সাধাৰণতে দেখাত সৰু কাৰণেই কণ আৰু ইয়াৰ জলা বহুত বেছি বাবেই ফিৰিঙি জলকীয়া বুলি কয়। কোনোৱে আকৌ কণ জলকীয়াক উপমা হিচাপে ব্যৱহাৰ কৰি কোনো বস্তুৰ চৰিত্ৰ কথা কয় এনেদৰে- দেখিবলৈহে সৰু কিন্তু কণ জলকীয়া হয়।

কণজলকীয়াৰ ব্যৱহাৰ অন্য জলকীয়াৰ দৰেই। কিন্তু সোৱাদৰ বিশেষত্ব অনন্য। আলু পিটিকা, মাছৰ পিটিকা বা টেঙাক কণজলকীয়াই অনন্য সোৱাদ দিয়ে।

কণ জলকীয়া অসমীয়া মানুহে ব্যৱসায়িক ভিত্তিত নকৰে। কিন্তু ব্যৱসায়ভিত্তিত কৰিলে যথেষ্ট লাভ হোৱাৰ সম্ভাৱনা আছে। বজাৰত এমুঠি কণ জলকীয়াৰ দাম দহৰ পৰা পোন্ধৰ টকা। গাঁওবোৰত সাধাৰণতে ইনেই কেতিয়াবা গজে। চৰাইৰ বিষ্ঠাৰ পৰাই বহু হাবিতলীয়া ঠাইত কণ জলকীয়া হয়। গতিকে কণ জলকীয়াৰ ক্ষেত্ৰত অন্য জলকীয়াসমূহৰ দৰে বেমাৰ-আজাৰ বেছি নহয়।

ই যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰে। কণ জলকীয়াৰ বাবে পানী জমা নোহোৱা ওখ ঠাই উপযোগী। কোনো কৃষকে যদি কণজলকীয়াৰ খেতি কৰিব বিচাৰে তেনেহ’লে শাৰীৰ পৰা শাৰীৰ দূৰত্ব ১ মিটাৰ, পুলিৰ পৰা পুলিৰ দূৰত্ব ২ ফুট দি কৰিব পাৰে। গোৱৰেই কণজলকীয়াৰ বাবে উপযুক্ত। এবিঘা মাটিত কৰিব পাৰিলে কৃষকজন যথেষ্ট লাভাৱান হোৱাৰ স্থল আছে। কাৰণ কণজলকীয়া খাবলৈ ভাল লগতে ই অসমীয়া মানুহৰ আৱেগৰ লগতো জড়িত।
লগতে পঢ়ক-
ফচল বীমা আঁচনি কি! কৃষকক কেনেদৰে সহায় কৰে এই আঁচনিয়ে



কণ জলকীয়া শুকুৱাই বা পকা কণজলকীয়াৰ পৰা আচাৰ বনাই খাব পাৰি আৰু এনেদৰে বিক্ৰি কৰিবও পাৰি। বহু কৃষকে ঘৰতে এনেদৰে আচাৰ বনাই ব্যৱসায় কৰি আহিছে। উল্লেখ্য যে এই কণ জলকীয়া অসমৰ বাহিৰে বেলেগত পোৱা নাযায়। শেহতীয়াকৈ অসমৰ কণ জলকীয়াই বিদেশতো সমাদৰ লাভ কৰিছে।
( বিঃদ্ৰ- জৈৱিক কৃষিৰ সৈতে জড়িতসকলৰ বাবে সু-খবৰ। জৈৱিক কৃষিৰ সৰ্ব বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটীত। ছিকিম ষ্টেট কো-অপাৰেটিভ ছাপ্লাই এণ্ড মাৰ্কেটিং ফেডাৰেচন লিমিটেড (Sikkim State Cooperative Supply and Marketing Federation Ltd.) চমুকৈ ছিমফেড(SIMFED)এ অসম চৰকাৰৰ কৃষি বিভাগৰ সহযোগত এই মেলাৰ আয়োজন কৰিছে। ৩ ফেব্ৰুৱাৰীৰপৰা ৫ ফেব্ৰুৱাৰীলৈ আয়োজন কৰা এই বাণিজ্য মেলাত নলেজ পাৰ্টনাৰৰ ভূমিকা গ্ৰহণ কৰিব চিমফেডে। জৈৱিক ফচলৰ খেতি কৰা কৃষক বা উৎপাদকৰ সৈতে উপভোক্তাৰ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা হৈছে এই মেলাৰ। এই বিষয়ে অধিক জানিবলৈ এই লিংকত ক্লিক কৰক- https://asomiya.krishijagran.com/news/indias-biggest-expo-on-organic-to-be-held-in-guwahati/
যদিহে আপুনি এই মেলাত যোগদান কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক এই নম্বৰত- ৯৮৯১২২৩৩৪০)
লগতে পঢ়ক-
Share your comments