1. News

সংস্থাপনহীনতাক প্ৰত্যাহ্বান জনাই বছৰি ৭০ লাখ টকা উপাৰ্জন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
সংস্থাপনহীনতাক প্ৰত্যাহ্বান  জনাই বছৰি ৭০ লাখ টকা উপাৰ্জন
সংস্থাপনহীনতাক প্ৰত্যাহ্বান জনাই বছৰি ৭০ লাখ টকা উপাৰ্জন

সংস্থাপনহীনতাক প্ৰত্যাহ্বান জনাই ৰঙিয়াৰ ৪৪৬ গৰাকী পুৰুষ-মহিলাই বছৰি উপাৰ্জন কৰিছে ৭০ লাখকৈ টকা। এনেদৰে এতিয়া চাকৰিক প্ৰত্যাহ্বান জনাই ৰঙিয়াৰ গোসাঁই শৌলমাৰীৰ উত্তৰণ কৃষি উৎপাদন কোম্পানী আদৰ্শ হৈ পৰিছে ৰাজ্যবাসীৰ বাবে। কৃষি উৎপাদন কোম্পানীটোৰ ৬০ বিঘা মাটিত আছে ১০ টা বৃহৎ বৃহৎ পুখুৰী। লগতে ফল, পাচলিৰ শস্য আৰু হাঁহ-কুকুৰা পালনেৰে ফাৰ্মখন অতি কম সময়ৰ ভিতৰত উৎপাদনমুখী হৈ পৰিছে । বিজ্ঞানসন্মত পদ্ধতিৰে পুখুৰীকেইটাত পালন কৰিছে বিভিন্ন প্ৰজাতিৰ মাছ । স্থানীয় মাছৰ তুলনাত অতি কম সময়ৰ ভিতৰতে এই মাছবোৰ বজাৰত মুকলি কৰি দিবলৈ সক্ষম হৈছে কামৰূপ, নলবাৰী, বৰপেটা, বাক্সা, মঙলদৈকে ধৰি অসমৰ বিভিন্ন ঠাইত যোগান ধৰা হয় মাছবোৰ । মহিলাসকলে পুখুৰীৰ সৰু সৰু মাছবোৰৰ পৰা আচাৰ বনাই বজাৰত বিক্ৰী কৰিও লাভাৱান হোৱা পৰিলক্ষিত হৈছে ।

কৃষি কৰ্মৰে স্বাৱলম্বী হৈছে ৰঙিয়াৰ গোসাঁই শৌলমাৰীৰ উত্তৰণ কৃষি উৎপাদন কোম্পানীয়ে। কোম্পানিত কৰ্মৰত হৈ আছে ৪৪৬ গৰাকী পুৰুষ-মহিলা । বছৰেকত উপাৰ্জন কৰিছে ৭০ লাখ টকা ৷ কৃষি উৎপাদন কোম্পানীটোৱে ৬০ বিঘা মাটিত খান্দি লৈছে ১০ টা বৃহৎ বৃহৎ পুখুৰী । মৎস্য পালনৰ লগতে ফল, পাচলিৰ শস্য আৰু হাঁহ-কুকুৰা পালনেৰে ফাৰ্মখন অতি কম সময়ৰ ভিতৰত উৎপাদনমুখী হৈ পৰিছে ।

বিজ্ঞানসন্মত পদ্ধতিৰে পুখুৰীকেইটাত পালন কৰিছে বিভিন্ন প্ৰজাতিৰ মাছ । স্থানীয় মাছৰ তুলনাত অতি কম সময়ৰ ভিতৰতে এই মাছবোৰ বজাৰত মুকলি কৰি দিবলৈ সক্ষম হৈছে (Fish farming at Rangia)। কামৰূপ, নলবাৰী, বৰপেটা, বাক্সা, মঙলদৈকে ধৰি অসমৰ বিভিন্ন ঠাইত যোগান ধৰা হয় মাছবোৰ । মহিলাসকলে পুখুৰীৰ সৰু সৰু মাছবোৰৰ পৰা আচাৰ বনাই বজাৰত বিক্ৰী কৰিও লাভাৱান হোৱা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ কৃষকসকলৰ কামৰ খতিয়ান ল’বলৈ উপস্থিত হৈছিল বিশ্ব বেংকৰ উপাধ্যক্ষ মাৰ্টিন ৰেইজাৰ, সঞ্চালক ড৹ আগষ্টি ট'ন, বিশ্ব বেংকৰ জ্যেষ্ঠ কৃষি বিশেষজ্ঞ ড৹ এণ্ড্ৰিউ (World Bank delegate at Rangia)। বিশ্ব বেংকৰ প্ৰতিনিধিৰ দলটোৱে প্ৰশংসা কৰিছিল ৪৪৬ গৰাকী মীন পালকক ।

উল্লেখ্য যে বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত অব্যৱহৃত হৈ থকা পিতনিত মৎস্য পালনৰ লক্ষ্যৰে কেইবছৰমান পূৰ্বে আগবাঢ়ি আহিছিল উত্তৰণ কৃষি উৎপাদন কোম্পানীটো । সেই পামটোত প্ৰত্যক্ষভাৱে জড়িত হৈছে ৪৪৬ গৰাকী পুৰুষ-মহিলাৰ লগতে পৰোক্ষভাৱে সহস্ৰাধিক লোক । শিক্ষিত উদ্যমী পুৰুষ আৰু মহিলাসকলৰ এই ফাৰ্মখন এক ইতিবাচক নিদৰ্শন দাঙি ধৰিছে ।

লগতে পঢ়ক- শোণিতপুৰৰ ন বিলত ৪০০ মহিলাৰ সেউজ বিপ্লৱৰ সুচনা

English Summary: Self depentdent youth

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.