 
            গাহৰি পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শণ দেখুৱাবলৈ সক্ষম হৈছে বাক্সাৰ নৱ দিহিৰাৰ চবিত্ৰ কুমাৰ ব্ৰহ্মই ৷ গাহৰি পালনেৰে বছৰি ছয় লাখ টকা উপাৰ্জন কৰে ব্ৰহ্মই ৷ ব্ৰহ্মই তেজপুৰৰ মনোজ বসুমতাৰী নামৰ এগৰাকী ব্যক্তিৰ পৰা Hampshire, Yorkshire আৰু Duroc প্ৰজাতিৰ গাহৰি আনি নিজৰ ঘৰতে গঢ়ি তুলিছে এখন ফাৰ্ম ৷
 
            ২০২০ চনৰ ডিচেম্বৰ মাহত "Global PRC" নামেৰে নিজৰ ঘৰৰ চৌহদতে ফাৰ্ম স্থাপন কৰি গাহৰি পালন কৰিছিল ৷ প্ৰথমাৱস্থাত গাহৰিৰ গঁৰাল কম আছিল যদিও পিছলৈ ইয়াৰ সংখ্যা বৃদ্ধি কৰে ৷ ফাৰ্মখনত খাহী গাহৰি, গাহৰিৰ পোৱালি, মাইকী গাহৰি আৰু মতা গাহৰিকে ধৰি সম্প্ৰতি মুঠ ২০০ টা গাহৰি আছে। ব্ৰহ্মই খাহী গাহৰিসমূহ প্ৰতি কিলোগ্ৰামত ১৮০/-টকা বা ১৯০/-টকা দৰত বজাৰত বিক্ৰী কৰি আহিছে ।
সেইদৰে ব্ৰহ্মই এটা খাহী গাহৰি ২০ হাজাৰোধিক টকাত বিক্ৰী কৰাৰ বিপৰীতে প্ৰতিটো পোৱালি গাহৰিত ৫ হাজাৰৰ পৰা ৭ হাজাৰ টকা পৰ্যন্তত বিক্ৰী কৰি আহিছে ৷ আনহাতে ব্ৰহ্মৰ ফাৰ্মৰ পৰা বাক্সা জিলাৰ বিভিন্ন স্থানলৈ পোৱালি গাহৰি প্ৰেৰণ কৰাৰ উপৰিও চিৰাং, কোকৰাঝাৰ, ওদালগুৰি আদি জিলালৈ প্ৰেৰণ কৰি আহিছে ।
সম্প্ৰতি চবিত্ৰ কুমাৰ ব্ৰহ্মই সমগ্ৰ এলেকাত এগৰাকী আদৰ্শ গাহৰি পালক হিচাপে পৰিগণিত হোৱাৰ সময়তেই তেওঁ নিবনুৱা সকলক চাকৰিৰ পিছে পিছে ঘূৰি নুফুৰি এনেধৰণৰ পথ নিৰ্বাচন কৰি নিজকে স্বাৱলম্বী হ'বলৈ আহ্বান জনায় ।
লগতে পঢ়ক- হাজোৰ আব্দুল আৰু সীমান্তই কৰিছে বিদেশীমূলৰ শাক-পাচলিৰ খেতি
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments