1. News

Workshop : IRRI ৰ উদ্যোগত গুৱাহাটীত বীজ উৎপাদন সন্দৰ্ভত কৰ্মশালা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
IRRI organizes workshop on seed production in Guwahati
IRRI organizes workshop on seed production in Guwahati

গুৱাহাটী : আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানে (IRRI) “Strenthening Seed Ecosystem, empowering seed entrepreneurs of Assam” বিষয়ত সোমবাৰে গুৱাহাটীত এক কৰ্মশালাৰ আয়োজন কৰে। এই কাৰ্যসূচীত ব্যক্তিগত বীজ উদ্যোগী, ব্যক্তিগত বীজ ফাৰ্ম আৰু কৃষক উৎপাদক কোম্পানীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

কৰ্মশালাত অংশগ্ৰহণ কৰি অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণ (ASOCA)ৰ সঞ্চালক মৌচম হাজৰিকাই অসমৰ সকলো উদীয়মান বীজ উদ্যোগীক প্ৰমাণিত বীজ উৎপাদনৰ বাবে সাথী প'ৰ্টেলত পঞ্জীয়ন কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক- 

Mustard : যোৰহাটত ৭৫ হাজাৰ বিঘা মাটিত সৰিয়হৰ খেতিৰ শুভাৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ড° মৃণাল শইকীয়াই উদ্যোগীসকলে বীজ ব্যৱসায়ৰ বাবে সু-পৰিকল্পনা কৰাৰ গুৰুত্বৰ বিষয়ত উল্লেখ কৰে।

ইয়াৰ লগতে অনুষ্ঠানটোত আইআৰআৰআই, অসমৰ আৱাসী সমন্বয়ক ড° বীৰেন্দ্ৰ যাদৱেও বিষয়বস্তুৰ বিভিন্ন দিশ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰে।

লগতে পঢ়ক- 

ওড়িষ্যাৰ বীজ উৎপাদন সম্পৰ্কীয় কৰ্মশালাত অসমৰ ৯ প্ৰতিনিধিৰ অংশগ্ৰহণ

English Summary: IRRI organizes workshop on seed production in Guwahati

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.