1. News

বোকাখাত জলবায়ুৰ লগত নিমিলা ৰবি শস্যৰ বীজ যোগান কৃষি বিভাগৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কৃষি বিভাগে ৰবিশস্যৰ বীজ যোগান ধৰাৰ দৃশ্য
কৃষি বিভাগে ৰবিশস্যৰ বীজ যোগান ধৰাৰ দৃশ্য

ৰাজ্যত আৰম্ভ হৈছে ৰবি শস্যৰ বতৰ। বানে ধান খেতি নষ্ট কৰাৰ পাছতে কৃষকসকলে সপোন দেখিছে ৰবি শস্যৰ পথাৰকখনলৈ। এইক্ষেত্ৰত কৃষি বিভাগেও কৃষকসকল ঠাই বিশেষে শস্যৰ বীজ যোগান ধৰিছে। শেহতীয়াকৈ কৃষি মন্ত্ৰীৰ সমষ্টি বোকাখাতৰ মহকুমা কৃষি বিভাগে ৰবি শস্যৰ বাবে যিবোৰ বীজ যোগান ধৰাৰ হৈছে সেয়া সমষ্টিটোৰ কৃষক ৰাইজৰ মতে মুঠেও সমষ্টিটোৰ মাটি আৰু পাৰিপাৰ্শ্বিকতাৰ বাবে উপযোগী নহয়।

কৃষি মন্ত্ৰী অতুল বৰাই বোকাখাতত দুটাকৈ কাৰ্যকাল দখল কৰাৰ পাছত হাস্যকৰ ভাবে বোকাখাতৰ কৃষকক মহকুমা কৃষি বিভাগৰ কাৰ্যালয়ৰ পৰা কৃষকক যোগান ধৰি থকা হৈছে বাদমৰ বীজ য'ত নেকি বোকাখাতৰ কৃষকে নকৰে বাদামৰ খেতি। উল্লেখযোগ্য এই বৰ্ষতো মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা ৯৮ কুইণ্টল বাদামৰ বীজ কৃষকক যোগান ধৰিবলৈ মজুত কৰা হৈছে। ইফালে কৃষি বিভাগৰ এই কাণ্ডক লৈ প্ৰশ্ন কৰিছে সমষ্টিবাসীয়ে- বোকাখাতৰ মাটি আৰু পাৰিপাৰ্শ্বিকতা চৰকাৰে যোগান ধৰা বীজৰ উৎপাদন মুঠেও সন্তোষজনক নহয়। তেনে হ'লে কিহৰ বাবে এনে বীজৰ যোগানৰ ব্যৱস্থা?

লগতে পঢ়ক- মন বেয়া লাগি থাকে নেকি? মানসিক প্ৰশান্তিৰ বাবে গঢ়ি তোলক এই অভ্যাস

ইফালে বিগত সময়চোৱাত বাদাম খেতি কৰি বোকাখাতৰ কৃষক উপকৃত হোৱাৰ কোনো নজিৰ নথকাৰ পৰিপ্ৰক্ষিতত কাক সন্তুষ্ট কৰিবলৈ কৃষি বিভাগে বাৰে বাৰে বাদামৰ বীজ ক্ৰয় কৰি কৰি কৃষকক যোগান ধৰাৰ ব্যৱস্থা কৰিছে ? মন্ত্ৰী অতুল বৰাৰ কৃষি বিভাগে আচলতে কোন বৃহৎ পুজিপতিক সন্তুষ্ট কৰিবলৈ এই ব্যৱস্থা কৰিছে? এয়া বোকাখাতৰ কৃষকৰ বাবে বৰ্তমান হৈ পৰিছে অবুজ সাথৰ...।ইফালে কৃষকৰ নামত অহা বাদামৰ বীজ বিগত বৰ্ষত কুইণ্টলে কুইণ্টলে কলা বজাৰত বিক্ৰি হোৱাৰো অভিযোগ আছে।

আনহাতে বোকাখাতৰ মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা শেহতীয়াকৈ কৃষকক দি থকা নহৰুৰ বীজৰ ক্ষেত্ৰটো চিন্তিত হৈছে কৃষক সমাজ। কৃষকৰ অভিযোগ অনুসৰি উক্ত বীজ বোকাখাত সমষ্টিৰ কৃষিভূমিৰ বাবে উপযোগী নহয়। উল্লেখযোগ্য যে, বোকাখাত সমষ্টিৰ বহু কৃষকৰ ভড়ালত বৰ্তমানেও হাজাৰ কুইণ্টল থলুৱা নহৰুৰ বীজ সংৰক্ষিত হৈ আছে যি বোৰ ৰবি শস্যৰ বীজৰ বজাৰত উপযুক্ত মূল্যৰ অভাৱত কৃষকে বিক্ৰি কৰিব পৰা নাই।

লগতে পঢ়ক- আজিয়েই এই অভ্যাস ত্যাগ কৰক, নহ’লে সমস্যা দুগুণে বৃদ্ধি পাব

English Summary: SEED CORRUPTION IN BOKAKHAT

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.