Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 2 December, 2023 2:06 PM IST

অসম চৰকাৰে ভাৰত চৰকাৰৰদ্বাৰা প্ৰতি কুইণ্টল ধান নিৰ্ধাৰিত ২১৮৩/- টকা ন্যূনতম সমৰ্থন মূল্যত কৃষকৰপৰা ধান ক্ৰয়ৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অংশৰূপে শুকুৰবাৰ যোৰহাট জিলাত অসম চৰকাৰৰ কোম্পানী 'অসম খাদ্য আৰু যোগান নিগম পৰিসীমিত'ৰ অধীনত চাৰিটা ধান ক্ৰয় কেন্দ্ৰ ক্ৰমে ঢেকৰগঢ়া, তিতাবৰ, মাধপুৰ, নকছাৰী আৰু অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ অধীনত টীয়ক(চেনিজান)ত এটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়। জিলাখনত চলিত বৰ্ষৰ প্ৰথমটো ধান ক্ৰয় কেন্দ্ৰ পুৱা ১০-৩০ বজাত ঢেকৰগঢ়াত মুকলি কৰে যোৰহাট জিলা আয়ুক্ত পুলক মহন্তই। তাৰ পৰৱৰ্তী সময়ত তিতাবৰ আৰু মাধপুৰস্থিত দুটা ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্ৰসাদ তাছাই আৰু নকছাৰী ধান ক্ৰয় কেন্দ্ৰ আৰু টীয়ক (চেনিজান) ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰে ক্ৰমে বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু টীয়ক বিধান সভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি বিকাশ শইকীয়াই।

যোৰহাট জিলা আয়ুক্ত পুলক মহন্তই ঢেকৰগঢ়া ধান ক্ৰয় কেন্দ্ৰ আৰু ধান ক্ৰয় অনুষ্ঠানৰ শুভাৰম্ভ কৰি ধান বিক্ৰীৰ বাবে ধান জমা দিয়া ছয়জন কৃষকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ সকলো কৃষকক এই ধান ক্ৰয় প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে অসম চৰকাৰে ভাৰত চৰকাৰৰদ্বাৰা নিৰ্ধাৰিত প্ৰতি কুইণ্টলত ২১৮৩/- টকা ন্যূনতম সমৰ্থন মূল্যত যোৰহাট জিলা প্ৰশাসন আৰু কৃষি বিভাগে জিলাখনৰ কৃষক ৰাইজৰপৰা নিৰ্ধাৰিত গুণগত মানদণ্ড সাপেক্ষে চলিত বৰ্ষৰ আজিৰপৰা ধান ক্ৰয় কৰিবলৈ সাজু হৈছে। তেওঁ ধান বিক্ৰী কৰিব বিচৰা ইচ্ছুক কৃষকক স্থানীয় কৃষি উন্নয়ন বিষয়া অথবা কৃষি সম্প্ৰসাৰণ সহায়কৰ ওচৰত নাম পঞ্জীয়নৰ জৰিয়তে ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ সংগ্ৰহ কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে Assam Paddy and Rice Procurement (Levy and Licensing) Permanent Order, 1995 অনুসৰি খাদ্য আৰু অসামৰিক যোগান বিভাগত পঞ্জীয়নভুক্ত ব্যৱসায়ীয়েহে ধানৰ ব্যৱসায় কৰিব পাৰিব। অন্যথা আইনমতে দণ্ডনীয় হ'ব। চৰকাৰী ন্যূনতম সমৰ্থন মূল্যতকৈ (২১৮৩/- টকা) কম মূল্যত কৃষকৰপৰা কোনো লোকে ধান সংগ্ৰহ কৰিলে আইনগত ব্যৱস্থা লোৱাৰ কথা সদৰি কৰে আৰু এই ক্ষেত্রত জিলাখনত ১৪৪ ধাৰা জাৰি কৰা বুলি জানিবলৈ দিয়ে। ঢেকৰগঢ়াৰ ধান ক্ৰয় কেন্দ্ৰটোৰ শুভাৰম্ভণি অনুষ্ঠানটিত অতিৰিক্ত আয়ুক্ত মনজিত বৰকাকতি, পশ্চিম যোৰহাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দেৱাহুতি ডেকা (ভাৰপ্ৰাপ্ত), আঞ্চলিক পঞ্চায়তৰ সভাপতি জিতুমণি বৰা, খাদ্য আৰু যোগান বিভাগৰ অধীক্ষক বিকাশ দাস, মহকুমা কৃষি বিষয়া ৰূপম কাকতি, ধান ক্ৰয় কেন্দ্ৰৰ পৰিচালক কেশৱ চন্দ্ৰ বৰা, কৃষি উন্নয়ন বিষয়া ক্ৰমে উৎপলজ্যোতি ভূঞা (ঢেকৰগঢ়া), হৃষিকেশ হাজৰিকা (এলেংমৰা), হেপী ভৰালী (দহোটীয়া), জিলা মেডিয়া বিশেষজ্ঞ আভা ভৰালী, কৃষি সম্প্ৰসাৰণ সহায়ক ক্ৰমে তহিদুৰ ৰহমান নেওগ, পূজিত বৰঠাকুৰ, অমৰ শৰ্মা, দিগন্ত শৰ্মা, ভাস্কৰজ্যোতি বৰা, গিৰিন্দ্ৰ ভূঞা, জিলা প্ৰশাসন, জিলা কৃষি বিভাগ আৰু অসামৰিক খাদ্য আৰু যোগান বিভাগৰ বিষয়া-কৰ্মচাৰী, অঞ্চলটোৰ প্ৰগতিশীল কৃষকসকল উপস্থিত থাকে। ঢেকৰগঢ়াৰ ধান ক্ৰয় কেন্দ্ৰটোৰ শুভাৰম্ভণি অনুষ্ঠানৰ পাছত জিলা আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্ত উত্তৰ-পশ্চিম যোৰহাট ফাৰ্মাছ প্ৰডিউচিং কোম্পানীৰ শ্ৰীভূমি মিঠাতেল উদ্যোগ আৰু মিলেট প্ৰক্ৰিয়াকৰণ উদ্যোগ পৰিদৰ্শন কৰে। জিলা আয়ুক্তগৰাকীয়ে লগতে 'মৰমৰ যোৰহাট' প্ৰকল্পৰ 'হালধীয়া যোৰহাট' পদক্ষেপৰ অধীনৰ কলবাৰী আদৰ্শ গাঁৱত প্ৰগতিশীল কৃষক জগত দলে আৰু বিজয় দলেৰ উদ্যোগত কৰা ৩৫ বিঘা মাটিৰ সৰিয়হ খেতি আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছনৰ অধীনত কৰা মাটি মাহ খেতিও পৰিদৰ্শন কৰে।

লগতে পঢ়ক- 

Assam Vs Israel-Palestine war : অসম বনাম ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ

 

আনহাতে টীয়ক (চেনিজান) ধান ক্ৰয় কেন্দ্ৰটো মুকলি কৰে টীয়ক বিধান সভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি বিকাশ শইকীয়াই। উদ্বোধনী অনুষ্ঠানটোত টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বেদান্ত বৰুৱা, কৃষি মহকুমা বিষয়া (সদৰ) মহিম কুমাৰ শইকীয়া, টীয়কৰ কৃষি উন্নয়ন বিষয়া সৌৰভ শৰ্মা, চিপাহীখোলাৰ কৃষি উন্নয়ন বিষয়া ময়ূৰকৃষ্ণা ৰাজখোৱা, কৃষি পৰিদৰ্শক নগেন কলিতা, সহকাৰী কৃষি পৰিদৰ্শক বিপুল শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক নুৰজামাল হুছেইন, ধান ক্ৰয় কেন্দ্ৰৰ পৰিচালক অবন বৰা, ধান বিক্ৰীৰ বাবে ধান জমা দিয়া তিনিজন কৃষক ক্ৰমে মণ্টু বৰুৱা, মৌচম বৰা, মোহন বৰা আৰু অঞ্চলটোৰ ভালেমান প্ৰগতিশীল কৃষক উপস্থিত থাকে।

শলগুৰিস্থিত মাধপুৰৰ ধান ক্ৰয় কেন্দ্ৰটো মুকলি কৰে ৰাজ্য সভাৰ সাংসদ কামাখ্যাপ্ৰসাদ তাছাই। অনুষ্ঠানটোত তিতাবৰ মহকুমাৰ মহকুমাধিপতি দীপময় ঠাকুৰীয়া, তিতাবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পপী ফুকন, জিলা কৃষি বিষয়া তনয়জ্যোতি গগৈ, সহকাৰী কৃষি সঞ্চালক ড° নিতুমণি গগৈ, অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানী ড° প্ৰদীপ দে আৰু ড° সঞ্জীৱ বৰা, মাধপুৰৰ কৃষি উন্নয়ন বিষয়া ৰাণী আমচি কছাৰী, কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী, অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা পৰিচালক, ধান ক্ৰয় কেন্দ্ৰৰ পৰিচালক নিখিল বৰা আৰু ধান বিক্ৰীৰ বাবে আগ্ৰহী কৃষক উপস্থিত থাকে। অনুষ্ঠানত কামাখ্যাপ্ৰসাদ তাছাই চাৰিগৰাকী উদ্যোগী কৃষকক সম্বৰ্ধনা জনায়।

তিতাবৰ ধান ক্ৰয় কেন্দ্ৰটো মুকলি কৰে ৰাজ্য সভাৰ সাংসদ কামাখ্যাপ্ৰসাদ তাছাই। অনুষ্ঠানটোত যোৰহাট জিলাৰ সহকাৰী আয়ুক্ত প্ৰিয়ব্ৰত হাজৰিকা, জিলা কৃষি বিষয়া তনয়জ্যোতি গগৈ, সহকাৰী কৃষি সঞ্চালক ড° নিতুমণি গগৈ, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া প্ৰণীতা তালুকদাৰ, কৃষি উন্নয়ন বিষয়া ক্ৰমে মৃগাংক মৌচম শৰ্মা (তিতাবৰ) আৰু গাৰ্গী কাশ্যপ (বাঘছোং), সহকাৰী কৃষি পৰিদৰ্শক, কৃষি সম্প্ৰসাৰণ সহায়ক, ধান ক্ৰয় কেন্দ্ৰৰ পৰিচালক নিখিল বৰা আৰু ধান বিক্ৰীৰ বাবে আগ্ৰহী কৃষকসকল উপস্থিত থাকে। কেন্দ্ৰ দুটা মুকলি কৰি ৰাজ্য সভাৰ সাংসদ কামাখ্যাপ্ৰসাদ তাছাই ভাষণ প্ৰসংগত কৃষকসকলক চৰকাৰী ধান ক্ৰয় কেন্দ্ৰত উচিত মূল্যত ধান বিক্ৰী কৰিবলৈ আহ্বান জনায়।

নকছাৰী ধান ক্ৰয় কেন্দ্ৰটো মুকলি কৰে মৰিয়নি বিধান সভা সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। অনুষ্ঠানটোত মৰিয়নি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কুইন গগৈ, তিতাবৰৰ কৃষি মহকুমা বিষয়া ৰুবুল বৰগোহাঁই, কৃষি উন্নয়ন বিষয়া ক্ৰমে অনন্যা বৰুৱা (মৰিয়নি) আৰু প্ৰিয়াংকু মজুমদাৰ (নকছাৰী), সহকাৰী কৃষি পৰিদৰ্শক ক্ৰমে দিগন্ত শইকীয়া আৰু ললিত টাইড আৰু ধান ক্ৰয় কেন্দ্ৰৰ পৰিচালক কেশৱ চন্দ্ৰ বৰা উপস্থিত থাকে। নকছাৰী ধান ক্ৰয় কেন্দ্ৰটো মুকলি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ধান ক্ৰয় কেন্দ্ৰত উচিত মূল্যত ধান বিক্ৰীৰ সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ বাবে জিলাখনৰ কৃষকৰপৰা ধান ক্ৰয়ৰ বাবে আজি মুকলি কৰা ধান ক্ৰয় কেন্দ্ৰ পাঁচটাত কৃষকে প্ৰথম দিনটোতে প্ৰায় ২০০ কুইণ্টল ধান বিক্ৰীৰ বাবে জমা কৰে।

উৎস : District Agriculture Office, Jorhat

লগতে পঢ়ক- 

শ্যামকানু মহন্তৰ এটা ফেচবুক পোষ্ট আৰু তাপস চাহনিৰ এটা কমেন্ট

English Summary: Section 144 for Paddy sale in Jorhat
Published on: 02 December 2023, 12:55 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now