1. News

শিৱসাগৰ বনিয়াবাৰীত ধান ক্ৰয় কেন্দ্ৰ মুকলি পৰিমল শুক্লবৈদ্যৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Parimal Suklabaidya opens paddy procurement centre at Baniabari in Sivasagar
Parimal Suklabaidya opens paddy procurement centre at Baniabari in Sivasagar

শিৱসাগৰ জিলাৰ শলগুৰিত আজি অসম চৰকাৰৰ পৰিবহণ, আবকাৰী আৰু মীন বিভাগৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এটা ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন কৰে ।এই কেন্দ্ৰ সমূহৰ জৰিয়তে কৃষকৰ পৰা প্ৰত্যক্ষ ভাবে ধান ক্ৰয় কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। কৃষকে নিজৰ উৎপাদিত ধান প্ৰতি কুইণ্টল ২০৪০ টকা দৰত বিক্ৰী কৰিব পাৰিব।

জিলাখনৰ ভিন্ন প্ৰান্তত এনে ৬ টা কেন্দ্ৰ স্থাপন কৰা হৈছে।চলিত বৰ্ষৰ জিলা খনত ১৩,০০০ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। শলগুৰি ধান ক্ৰয় কেন্দ্ৰ উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱ,শলগুৰি সমিতিৰ অধ্যক্ষ বিনয় তামুলীৰ উপৰিও বহুসংখ্যক কৃষক ৰাইজ উপস্থিত থাকে।  

লগতে পঢ়ক- 

Pig and Fish farming : গাহৰি আৰু মাছ একেলগে পোহাৰ সুবিধাসমূহ

উদ্বোধনী অনুষ্ঠানতে শলগুৰি ধান ক্ৰয় কেন্দ্ৰ দহ কুইণ্টল ধান কৃষকৰ পৰা ক্ৰয় কৰে । অনুষ্ঠানতে শিৱসাগৰ জিলাৰ ডিমৌত তিনিদিন পূৰ্বে অবৈধ ভাবে ধান সৰবৰাহ কৰা এখন ট্ৰাক ডিমৌ আৰক্ষীয়ে জব্দ কৰাৰ পাছত মধ্যভোগী সম্পৰ্কে মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে অসমত সাধাৰণ কৃষক লাভবান হ’ব পৰাকৈ চৰকাৰে সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

কোনো কোনো ঠাইত মধ্যভোগীৰ প্ৰসংগ আহিছে যদিও চৰকাৰ তথা বিভাগে তাক নিয়ন্ত্ৰণ কৰাৰ সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মন্ত্ৰী শুক্লবৈদ্যই প্ৰকাশ কৰে।

লগতে পঢ়ক- 

অসম আন্তৰ্জাতিক কৃষি উদ্যানশস্য মেলাৰ আজি দ্বিতীয়টো দিন

English Summary: Parimal Suklabaidya opens paddy procurement centre at Baniabari in Sivasagar

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.