Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 5 July, 2023 4:13 PM IST
গোলাঘাটত অচিন ৰোগ ধৰিছে জিকা গছত

অসমৰ এক উল্লেখনীয় শস্যৰ ভৰাঁল হিচাপে জনাজাত গোলাঘাটৰ শগুণপাৰাত দৈয়াংনদীৰ পাৰত কৰা জিকা খেতিত অচিন বেমাৰ আৰম্ভ হোৱাত কৃষকৰ মাজত চিন্তাৰ বিষয় হৈছে ৷ জানিবপৰা মতে,  খগেন ছেত্ৰী নামৰ কৃষকজনে  বিভিন্ন ৰবিশস্যৰ লগতে এবিঘা মাটিত উন্নত প্ৰজাতিৰ জিকা খেটি কৰিছে ৷

Ridge gourds unknown diseases in Golghat

প্ৰায় ডেৰমাহৰ পূৰ্বে গুটি দিয়াৰ পিছত গছবোৰ লহপহকৈ বাঢ়ি কিছূমান গছত ফুল ধৰিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু এনে সময়তে জিকাগছসমূহৰ পাত মোজোৰা কৰা লগতে হালধীয়া বৰণ ধৰিছে আৰু গছ বোৰ চাঙত নবগোৱা পৰিলক্ষিত হৈছে ৷

কৃষক খগেন ছেত্ৰীয়ে বিভিন্ন ঔষধ -ভিটামিন চতিয়াইছে যদিও গছৰ উন্নতিৰ হোৱা নাই ৷ ইফালে জিলা কৃষি বিভাগত গ্ৰামসেৱকৰ সংখ্যা কম হোৱাৰ বাবে সেই এলেকাত নিয়ুক্ত গ্ৰামসেৱক জনে জিলা কায্যালয়ৰ পৰাই কামকাজ কৰিবলগীয়া হোৱা বুলি জানিবপৰা গৈছে ৷

লগতে পঢ়ক- 

Zero tillage : ধান কটাৰ পাছতে খালি হৈ পৰা পথাৰত এই পদ্ধতিৰে কৰক খেতি

খগেন ছেত্ৰী

বিভাগটোৰ এনে লাওলোৱা অৱস্থাৰ বাবে উপয়ুক্ত দিহা দিবলৈও কোনো নোহোৱাত খগেন ছেত্ৰীৰ লগতে আন কৃষকৰো কৃষিৰ  প্ৰতি অনিহা আহিছে।

লগতে পঢ়ক- 

বজাৰত জুই ছাই দাম শাক-পাছলিৰ, অথচ উচিত মূল্য পোৱা নাই প্ৰকৃত কৃষকে

English Summary: Ridge gourds unknown diseases in Golghat
Published on: 05 July 2023, 04:13 IST