
অসমৰ এক উল্লেখনীয় শস্যৰ ভৰাঁল হিচাপে জনাজাত গোলাঘাটৰ শগুণপাৰাত দৈয়াংনদীৰ পাৰত কৰা জিকা খেতিত অচিন বেমাৰ আৰম্ভ হোৱাত কৃষকৰ মাজত চিন্তাৰ বিষয় হৈছে ৷ জানিবপৰা মতে, খগেন ছেত্ৰী নামৰ কৃষকজনে বিভিন্ন ৰবিশস্যৰ লগতে এবিঘা মাটিত উন্নত প্ৰজাতিৰ জিকা খেটি কৰিছে ৷

প্ৰায় ডেৰমাহৰ পূৰ্বে গুটি দিয়াৰ পিছত গছবোৰ লহপহকৈ বাঢ়ি কিছূমান গছত ফুল ধৰিবলৈ আৰম্ভ কৰিছে ৷ কিন্তু এনে সময়তে জিকাগছসমূহৰ পাত মোজোৰা কৰা লগতে হালধীয়া বৰণ ধৰিছে আৰু গছ বোৰ চাঙত নবগোৱা পৰিলক্ষিত হৈছে ৷
কৃষক খগেন ছেত্ৰীয়ে বিভিন্ন ঔষধ -ভিটামিন চতিয়াইছে যদিও গছৰ উন্নতিৰ হোৱা নাই ৷ ইফালে জিলা কৃষি বিভাগত গ্ৰামসেৱকৰ সংখ্যা কম হোৱাৰ বাবে সেই এলেকাত নিয়ুক্ত গ্ৰামসেৱক জনে জিলা কায্যালয়ৰ পৰাই কামকাজ কৰিবলগীয়া হোৱা বুলি জানিবপৰা গৈছে ৷
লগতে পঢ়ক-
Zero tillage : ধান কটাৰ পাছতে খালি হৈ পৰা পথাৰত এই পদ্ধতিৰে কৰক খেতি

বিভাগটোৰ এনে লাওলোৱা অৱস্থাৰ বাবে উপয়ুক্ত দিহা দিবলৈও কোনো নোহোৱাত খগেন ছেত্ৰীৰ লগতে আন কৃষকৰো কৃষিৰ প্ৰতি অনিহা আহিছে।
লগতে পঢ়ক-
Share your comments