Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 24 January, 2025 4:18 PM IST
নতুন দিল্লীৰ গণৰাজ্য দিৱসলৈ নিৰ্বাচিত অসমৰ ১০ উদ্যমী

ৰাজ্যৰ উদ্যমীসকলৰ বাবে ভালখবৰ। নতুন দিল্লীত অনুষ্ঠিত গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচীলৈ নিৰ্বাচিত অসমৰ ১০ গৰাকী। ৭৬ সংখ্যক গণৰাজ্যৰ দিৱসৰ কুচকাৱাজত বিশেষ অতিথি হিচাপে উপস্থিত থাকিবৰ বাবে আমন্ত্ৰণ লাভ কৰিছে অসমৰ দহগৰাকী উদ্যমিয়ে। জানিব পৰা মতে, আজি সন্ধিয়া বিমানেৰে তেওঁলোক উপস্থিত হ’বহি নতুন দিল্লীত আৰু ২৬ জানুৱাৰিৰ দিনটোত গণতন্ত্ৰ দিৱস উপলক্ষ্যে কৰ্তব্যপথত অনুষ্ঠিত কুচকাৱাজত বিশেষ অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

নতুন দিল্লীৰ গণতন্ত্ৰৰ দিৱসৰ বিশেষ অতিথিৰ বাবে নিৰ্বাচিত অসমৰ এই ১০ উদ্যমী ক্ৰমে- ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউটী ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইৰিকা ডব্লিউ ডি ৱাগাম, ধেমাজিৰ জোনাইৰ অনিল পেণ্ড, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰৰ প্রিন্স ফুকন, মৰিগাঁৱৰ প্ৰণৱ সিং, কামৰূপ মহানগৰৰ ত্রিবেণী বৰগোহাঞি আৰু কামৰূপ মহানগৰৰ নিৰ্মল চৌধুৰী। উল্লেখ্য যে ধেমাজিৰ অনিল গগৈ এজন কাঠফুলাৰ খেতিয়ক আৰু ব্যৱসায়ী। জানিব পৰা মতে, তেওঁ দীৰ্ঘদিন ধৰি ঘৰতে কাঠফুলাৰ খেতি কৰি আহিছে আৰু নিজৰ ফাৰ্মত উতপাদন কৰা কাঠফুলা অৰুণাচলৰ বিভিন্নপ্ৰান্তত বিক্ৰি কৰি বছৰি এটা ভাল উপাৰ্জন কৰে।

শালগুৰিৰ মীনা মুছাহাৰীৰ কেইবাখনো তাঁতশাল আছে। তেওঁ বড়ো আৰু অসমীয়া পৰম্পৰাগত সাজ- পাৰৰ ব্যৱসায় কৰে। মুছাহাৰীয়ে কয় যে পৰম্পৰাগত সাজ-পাৰৰ পাইকাৰী ব্যৱসায়ত ভাল উপার্জন হয়। ধুবুৰীৰ নমিতা এম মাৰাকে প্রতি মাহে এক-ডেৰ লাখ টকাৰ কাপোৰ বিক্ৰী কৰে। মাৰাকে কয় যে তেওঁৰ কাপোৰৰ ব্যৱসায়ৰ লগতে বেকাৰী প্রতিষ্ঠানো আছে। লক্ষণীয় যে কেইবাখনো তাঁতশালৰ গৰাকী মাৰাকে বড়ো, গাৰো আৰু অসমীয়া পৰম্পৰাগত কাপোৰ প্ৰস্তুত কৰে।  গুৱাহাটীৰ পাণ্ডুৰ গোপাল কর্মকাৰে পাণবজাৰত মণি-মুকুতাৰ ব্যৱসায় কৰে।

লগতে পঢ়ক- 

Dhemaji Agriculture news: কানিবিলৰ পাৰত ৰবিশস্যৰ খেতি ধেমাজিৰ কৃষক অৰূপ লালুঙৰ

English Summary: Republic day 2025
Published on: 24 January 2025, 04:18 IST