Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 15 October, 2023 12:35 PM IST
“Rabi Crop Workshop 2023” in Khanapara

অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত ১০ আৰু ১১ অক্টোবৰত দুদিনীয়াকৈ "ৰবি শস্যৰ কৰ্মশালা ২০২৩" আয়োজন কৰা হয়। কৰ্মশালাত অধ্যক্ষতা কৰে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি বিভাগৰ উৎপাদন আয়ুক্ত ডা°আশীষ কুমাৰ ভূটানীয়ে। কৰ্মশালাখনত অসম কৃষি আয়োগৰ অধ্যক্ষ ড°এইচ.এছ. গুপ্তাও উপস্থিত আছিল। কৰ্মশালাখনৰ উদ্দেশ্য হৈছে অসমত ৰবি ঋতুৰ বাবে পৰিকল্পনা কৰা আৰু অসমত ৰবি ঋতুত শস্যৰ তীব্ৰতা বৃদ্ধি কৰা। অসম চৰকাৰৰ কৃষি বিভাগ আৰু এপাৰ্টৰ যুটীয়া প্ৰচেষ্টাত অসম বীজ নিগম লিমিটেডে এই কৰ্মশালাখনৰ আয়োজন কৰিছে। "ৰবি শস্য কৰ্মশালা ২০২৩" ৰ উদ্বোধনী অনুষ্ঠানত ড°এইচ.এছ. গুপ্তাই তেওঁৰ ভাষণত কয় যে, যদিও অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয় বৃহত্তম ৰাজ্য, গ্ৰাম্য জনসংখ্যা তুলনামূলকভাৱে অধিক কিন্তু এতিয়াও কৃষিখণ্ডৰ বিকাশৰ অধীনতে আছে।

ড°গুপ্তাই এই কথাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে যে, যেতিয়ালৈকে ৰাজ্যৰ উদ্যানশস্য, পশু চিকিৎসা, মীন পালনকে ধৰি কৃষি বিভাগে একেলগে কাম নকৰে তেতিয়ালৈকে অসমৰ কৃষিখণ্ডত কোনো ধৰণৰ বিকাশ হ'ব নোৱাৰে, লগতে কৃষকসকলৰ উপাৰ্জনো দুগুণে বৃদ্ধি হ'ব নোৱাৰিব। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি বিভাগৰ উৎপাদন আয়ুক্ত ডা°আশীষ কুমাৰ ভূটানীয়ে কৰ্মশালাত ভাষণ প্ৰদান কৰি কয় যে, ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰথমবাৰৰ বাবে অকল চাউলেই নহয়, কৃষকসকলক সহায় কৰাৰ বাবে  সৰিয়হ ক্ৰয় কৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। অসমত এক নতুন বৈপ্লৱিক সূচনাৰে কৃষিৰ ক্ষেত্ৰত এক নতুন দিগন্ত উদয় হোৱাৰ সম্ভাৱনা আছে।  

লগতে পঢ়ক- 

Now Apply : আদা, জালুক, হালধি খেতিৰ কৃষকসকলে আবেদন কৰক

ধান খেতি চপোৱাৰ পিছত বেছিভাগ মাটি পৰিত্যক্ত ভূমি হিচাপে থাকে আৰু বিভিন্ন প্ৰযুক্তিগত, সামাজিক আৰু নীতিগত হস্তক্ষেপৰ জৰিয়তে শস্যৰ বিবিধতা বৃদ্ধি কৰাৰ লগতে আৰু ৰবি ঋতুত শস্যৰ নিৰ্বিৰতা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। এই তথ্য সমূহৰ ওপৰত ভিত্তি কৰি প্ৰত্যাহ্বানৰ লগতে সুযোগৰ কথা মনত ৰাখি, অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ে বীজ, সাৰ, কৃষিগত ৰাসায়নিক দ্ৰৱ্য আদিৰ দৰে উপাদানসমূহ সামৰি কৃষি ভিত্তিক বাতাবৰণ নিৰূপণ কৰাৰ উদ্দেশ্যেৰে অসম বীজ নিগমৰ সমৰ্থনত ৰবি আৰু খাৰিব ঋতুকালীন কৰ্মশালা নিয়মীয়াকৈ অনুষ্ঠিত কৰাৰ ব্যৱস্থা হাতত লৈছে। 

সামগ্ৰীসমূহৰ  চাহিদা আৰু যোগানৰ ব্যৱধান আৰু জিলা অনুসৰি মূল্যাঙ্কন ৰখাৰ ব্যৱস্থাকে ধৰি সকলো কৃষি পৰিস্থিতিৰ মূল্যাঙ্কন কৰাৰ ক্ষেত্ৰত এই কৰ্মশালাই দিক নিৰ্ণয় কৰিব। এই দুদিনীয়া কৰ্মশালাত অসম চৰকাৰৰ কৃষি বিভাগৰ সঞ্চালক ভাস্কৰ পেগু, অসম কৃষি আয়োগৰ সদস্য ক্ৰমে ড°নলিন মোহন, হলধৰ দেৱ শৰ্মা আৰু প্ৰাঞ্জল প্ৰকাশ শৰ্মা, অসম বীজ নিগম লিমিটেডৰ পৰিচালন সঞ্চালক গুণজিৎ কাশ্যপ, অসম বীজ আৰু জৈৱিক প্ৰমাণিকৰণ অভিকৰণৰ সঞ্চালক মৌচম হাজৰিকা, উদ্যানশস্য সঞ্চালক ত্ৰিৰংগ ভাৰতীয় বৰা, অসম বীজ নিগম লিমিটেডৰ অধ্যক্ষ প্ৰবিন হাজৰিকাৰ লগতে অন্যান্য ৰাজ্যিক বিষয়াসকল উপস্থিত আছিল।

লগতে পঢ়ক- 

মুম্বাই আৰু পুণেকে ধৰি ১০০ টা স্থানত কাজি নেমুৰ বাণিজ্যিক প্ৰচাৰ কাৰ্যসূচী

English Summary: “Rabi Crop Workshop 2023” in Khanapara
Published on: 12 October 2023, 04:41 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now