Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 29 September, 2022 5:18 PM IST
বানপীড়িত কৃষকে কৰিব লগা এটা কাম

অসম এখন কৃষিপ্ৰধান ৰাজ্য। কৃষিয়েই হৈছে অধিকাংশ কৃষকৰ উপাৰ্জনৰ একমাত্ৰ স্থল। তেনেক্ষেত্ৰত এই খেতি যদি প্ৰাকৃতিক দুৰ্যোগৰ লগতে অন্যান্য কাৰণত নষ্ট হয় তেতিয়া বছৰটোৰ কাৰণে ইয়াৰ দুৰ্ভোগ ভূগিব লগা হয় কৃষকসকল। তদুপৰি এই লোকচান পুৰাবলৈ কৃষকসকলে বছৰ বছৰ লাগে। অসমত দেখিবলৈ পোৱা যায় অসমৰ কৃষকসকলে ধান, ঋণ কৰি, টেক্টৰ লগাই খেতি কৰে। ধান লহপহকৈ বাঢ়ি আহিবলৈ ধৰে কিন্তু বানপানীয়ে এদিনতে এই সকলোবোৰ শ্ৰম পণ্ড কৰি গুচি যায়। দুই-এজনে হেজাৰবাৰ অফিচ-কাছাৰিলৈ তাঁত বাতি কৰি কেতিয়াবা ক্ষতিপূৰণ পায় , অধিকাংশই নাপায়।কিন্তু আপুনি প্ৰধানমন্ত্ৰী শস্য বীমা অধিনত খেতিডৰা শস্য বীমা কৰি থয় তেতিয়া শস্যডৰা  কোনো প্ৰাকৃতিক কাৰণত নষ্ট হয় বা শস্যৰ উতপাদন ভাল নহয় তেতিয়া ইয়াৰ বিনিময়ত ক্ষতিপূৰণ লাভ কৰাটো খাটাং।কথাটো থিক মানুহৰ লাইফ ইঞ্চুৰেঞ্চ কৰাৰ দৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ মোডী শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে কৃষকসকল এই লোকচানৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ ৰাষ্ট্ৰীয় কৃষি বীমা যোজনাখনৰে কিছু সাল-সলনি ঘটাই ‘প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা’ নামৰ আঁচনিখন আৰম্ভ কৰে। এই আঁচনিৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ-

  • যিকোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত কোনো শস্যৰ অনিষ্ট হ’লে সংশ্লিষ্ট কৃষকক আৰ্থিক সকাহ তথা উপযুক্ত ক্ষতিপূৰণ এই বীমাই ইয়াৰ ক্ষতিপূৰণ প্ৰদান কৰিব।
  • বানপানী, খৰাং বা কোনো প্ৰাকৃতিক দুৰ্যোগত কৃষি বিনষ্ট হোৱাৰ লগে লগে সংশ্লিষ্ট বীমা কোম্পানীয়ে ক্ষতিপূৰণৰ সমুদায় ধন আদায় দিয়ে কৃষকসকলক। অৰ্থাৎ এনে বীমা কৰিলে প্ৰাকৃতিক দুৰ্যোগে খেতি বিনষ্ট কৰিলেও কোনো লোকচানৰ সন্মুখীন হ’বলগীয়া নহয় কৃষকসকল।
  • শস্য কঁটাৰ ১৪ দিনলৈ যদি শস্য পথাৰত থাকে আৰু সেই সময়তে কিবা প্ৰাকৃতিক দুৰ্যোগৰ ফলত কৃষকসকল কোনো অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰে তেতিয়াও কৃষকসকলক ক্ষতিপূৰণ প্ৰদান কৰা হ’ব।
  • এই বীমাত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে। য’ত শস্য কটা আৰু লোকচানৰ সমস্যা সমাধান সোনকালেই হয় আৰু কৃষকসকলে ক্ষতিপূৰণো সময়মতে লাভ কৰে।

লগতে পঢ়ক- ছোৱালীৰ বাবে শীৰ্ষ পাঁচখন আঁচনি!

এই বীমা যোজনা সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ কাৰণেই প্ৰযোজ্য হ’ব। ৰাজ্য আৰু কেন্দ্ৰ শাসিত চৰকাৰৰ দ্বাৰা নিৰ্ধাৰিত অঞ্চলৰ যিসকল কৃষকে দানাশস্য, খাদ্যশস্য, তেলবীজ, বাৰ্ষিক উদ্যানজাত বা বাণিজ্যিক শস্যৰ খেতি কৰে সেইসকল কৃষকেও এই বীমা লাভ কৰিব। এই বীমাত কিষাণ ক্ৰেডিট কাৰ্ড থকা কৃষকসকলৰ পৰা বেংকে প্ৰিমিয়ামৰ ধন কাটি নি বীমা সংস্থাক প্ৰদান কৰিব। আৰু যিসকলৰ কিষাণ ক্ৰেডিট কাৰ্ড নাই সেইসকলে নিকটৱৰ্তী বেংক শাখা বা বীমা সংস্থাৰ এজেন্টৰ হাতত প্ৰিমিয়ামৰ ধনৰাশি প্ৰদান কৰাৰ সুবিধাও আছে।

অসমত প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ যথেষ্ট প্ৰাসংগিকতা আছে। কাৰণ অসমত বানপানী আৰু খহনীয়াই প্ৰতিবছৰে হাজাৰ কৃষকৰ কঁকাল ভাঙি যায়। তদুপৰি শেহতীয়াকৈ অসমত খৰাং আৰু চৰহা পোকে কৃষকৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। ফলত কৃষকৰ শ শ বিঘা কৃষিভূমিৰ নষ্ট হৈছে। যদি কৃষকসকলে এই শস্যসমূহৰ শস্য বীমা আঁচনিৰ অধীনত বীমা কৰি থোৱাহেঁতেন লাভ কৰিলেহঁতেন ক্ষতিপূৰণ। কিন্তু দুখৰ কথা যে অসমৰ অধিকাংশ কৃষকেই শস্য বীমা আঁচনিৰ বিষয়ে নাজানে আৰু জনাসকলেও গুৰুত্ব আৰোপ নকৰে।

লগতে পঢ়ক- যদি আপোনাৰ বয়স ৪০ বছৰতকৈ কম, আপুনি প্ৰতিমাহে ১০০০ টকা পাব পাৰে!

English Summary: “Pradhan Mantri Fasal Bima Yojana
Published on: 29 September 2022, 05:04 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now