1. News

কৃষকৰ সুবিধাৰ্থে মুকলি ''পথাৰ বজাৰ'' নামৰ মোবাইল এপ

RAHUL ALI
RAHUL ALI
"Pothar Bojar" Mobile App Launched By Atul Bora
"Pothar Bojar" Mobile App Launched By Atul Bora

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষক উৎপাদক কোম্পানিৰ ৰাজ্যিক ভিত্তিত দুদিনীয়া অভিবৰ্তন অনুস্থানত কৃষি বিজ্ঞান কেন্দ্ৰ বৰপেটা, দৰং, কোকৰাঝাৰ আৰু ওদালগুৰিৰ সামূহিক প্রচেষ্টাত সাজি উলিওৱা ''পথাৰ বজাৰ'' নামৰ নামৰ এটা মোবাইল এপ  আজি (২১ অক্টোবৰ ২০২২) আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত প্ৰায় দুই শতাধিক কৃষক ৰাইজৰ উপস্থিতিত কৃষি মন্ত্ৰী অতুল বৰাই  মুকলি কৰে এই বিশেষ এপটোৰ। অভিবৰ্তন অনুষ্ঠানত উপস্থিত কৃষক ৰাইজৰ লগতে সামগ্ৰিকভাৱে কৃষক ৰাইজক ইয়াৰ সুবিধা সমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাই বৰাই।

Pothar Bojar Mobile App
Pothar Bojar Mobile App

মুকলি অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা,  সাংসদ কামাখ্যা প্ৰসাদ তাচা, অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকা, কৃষি সম্প্ৰসাৰণ সঞ্চালক ডঃ প্ৰসন্ন কুমাৰ পাঠক, সহযোগী সম্প্ৰসাৰণ সঞ্চালক ডঃ মনোৰঞ্জন নেওগ, ভাৰতীয় কৃষক সংঘৰ কাৰ্যবাহী সম্পাদক শ্ৰীদীনেশ কুলকাৰ্নী উপস্থিত থাকে। প্ৰস্তুত কৰি উলিওৱা

 ''পথাৰ বজাৰ'' নামৰ এপটোত কৃষি সম্বন্ধীয় বিভিন্ন তথ্য যেনে বিভিন্ন শস্যৰ কৃষি প্ৰণালী, পশুপালনৰ যাৱতীয় তথ্য, কাঠফুলা উৎপাদন পদ্ধতি, উন্নত মানৰ ধানৰ জাত, কৃষি বিজ্ঞান  বতৰৰ আগলি বতৰা, বজাৰৰ খবৰ, কৃষকৰ নাম পঞ্জীয়নৰ সুবিধা, কৃষি বিজ্ঞান কেন্দ্ৰ সমূহত উপলব্ধ উন্নত জাতৰ বীজৰ খবৰ ইত্যাদি বিভিন্ন তথ্য সন্নিৱিষ্ট কৰা হৈছে।

অনাগত দিনত আৰু অধিক সেৱা ইয়াত সন্নিবিষ্ট কৰা হব। কৃষক ৰাইজক এই এপটো ডাউনলোড কৰি ইয়াৰ লাভালাভবোৰ গ্ৰহণ কৰিবলৈ এপটোৰ নিৰ্মাতা প্ৰণজিৎ বৰুৱা, প্ৰণৱেশ বর্মন, মৃদুল কুমাৰ হালৈ আৰু চয়নিকা নাথে এক বিবৃতি যোগে জানিবলৈ দিয়ে।

লগতে পঢ়ক-ডিজিটেল ইণ্ডিয়া: গ্ৰাম্য ভাৰতক শক্তিশালী কৰাৰ এক অন্যতম প্ৰয়াস

প্ৰেৰকঃ লিপিকা নাথ 

উদ্যান শস্য বিশেষজ্ঞ

English Summary: Pothar Bojar Mobile App Launched By Atul Bora

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.