Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 1 February, 2023 3:20 PM IST
PMGKY

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত ২০২৩-২৪ বৰ্ষৰ বিত্তীয় বাজেট উপস্থাপন কৰে। বাজেট ভাষণৰ সময়ত নিৰ্মলা সীতাৰমণে দৰিদ্ৰ লোকসকলক এক ডাঙৰ সকাহ দি কয় যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY) এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে। অৰ্থাৎ, মানুহে পৰৱৰ্তী ১ বছৰৰ বাবে বিনামূলীয়া ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব।

দৰাচলতে, ভাৰতৰ প্ৰতিটো ঘৰত কোনো লোক ভোকত শুব নালাগে বুলি মনত ৰাখি মোডী চৰকাৰে কৰোনা মহামাৰীৰ সময়ত প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা (PMGKA) আৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত দৰিদ্ৰ লোকসকলক ৫ কিলোগ্ৰাম বিনামূলীয়া খাদ্যশস্য দিয়াৰ ব্যৱস্থা আছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত ৮০ কোটি দৰিদ্ৰ লোকক বিনামূলীয়া ৰেচনৰ সুবিধা প্ৰদান কৰা হৈছে। ছেপ্টেম্বৰ ২০২২-ক আঁচনিখন বন্ধ কৰাৰ সময়সীমা হিচাপে বাছনি কৰা হৈছিল যদিও পিছত চৰকাৰে ইয়াৰ সময়সীমা আৰু বৃদ্ধি কৰে।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, ‘এইখন দেশৰ স্বাধীনতাৰ প্ৰথম বাজেট। বাজেটত চৰকাৰে সমাজৰ প্ৰতিটো শাখাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিছে। আমাৰ প্ৰয়াস হৈছে যুৱ আৰু সকলো শ্ৰেণীৰ লোকক অৰ্থনৈতিক শক্তি প্ৰদান কৰা। বিশ্বত মন্দাৱস্থাৰ সত্বেও, ভাৰতত বৰ্তমান বিকাশৰ হাৰ প্ৰায় ৭ শতাংশ হৈ আছে।

প্ৰত্যাহ্বানৰে ভৰি থকা সময়ত ভাৰতে দ্ৰুত বিকাশৰ দিশে আগবাঢ়িছে। সমগ্ৰ বিশ্বৰ মানুহে ভাৰতৰ উন্নয়নৰ প্ৰশংসা কৰিছে। এই বাজেট পৰৱৰ্তী ২৫ বছৰৰ ব্লুপ্ৰিণ্ট। কৰোনা মহামাৰীৰ বিৰুদ্ধে অভিযানে দেশখনক এক নতুন স্তৰলৈ লৈ গৈছে আৰু বিশ্বই ভাৰতৰ শক্তিক স্বীকৃতি দিছে।‘

উল্লেখ্য, এই বাজেট মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ অন্তিম পূৰ্ণ বাজেট। মোডী চৰকাৰে অহা বছৰ নিৰ্বাচনৰ আগতে কেৱল এখন পৰিপূৰক বাজেট উপস্থাপন কৰিব। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দেশৰ কোটি কোটি কৃষকক সন্তুষ্ট কৰিবলৈ যথাসাধ্য চেষ্টা কৰিব। এইকাৰণেই দেশৰ ৰাজধানীৰ জনসাধাৰণেও এইবাৰ বাজেটৰ পৰা উচ্চ প্ৰত্যাশা কৰিছে।

লগতে পঢ়কঃ AGRICULTURE BUDGET: কৃষক, পশু/মীন পালক, কৃষি উদ্যোগীৰ বাবে নতুন আঁচনি ঘোষণা

English Summary: PMGKAY: Budget 2023
Published on: 01 February 2023, 03:20 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now