1. News

নয়ডাত আন্তঃৰাষ্ট্ৰীয় দুগ্ধ ফেডাৰেচনৰ বিশ্ব দুগ্ধ সন্মিলন-২০২২

PANKAJ KHANIKAR
PANKAJ KHANIKAR
নয়ডাৰ আন্তৰাষ্ট্ৰীয় দুগ্ধ সন্মিলনত মোডী
নয়ডাৰ আন্তৰাষ্ট্ৰীয় দুগ্ধ সন্মিলনত মোডী

নয়ডাত আজিৰে পৰা আন্তঃৰাষ্ট্ৰীয় দুগ্ধ ফেডাৰেচনৰ বিশ্ব দুগ্ধ সন্মিলন-২০২২। সন্মিলনখন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। সন্মিলনত ৫০খন দেশৰ প্ৰায় ১৫০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। উল্লেখ্য যে প্ৰায় পঞ্চাছ বছৰ পূৰ্বে ১৯৭৪ চনত ভাৰতত এনে এখন সন্মিলন অনুষ্ঠিত হৈছিল।

১২ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ চাৰিদিন ধৰি অনুষ্ঠিত হ’ব এই সন্মিলন। সন্মিলনখত বিশ্বৰ আৰু ভাৰতীয় দুগ্ধ উদ্যোগৰ অংশীদাৰ যেনে উদ্যোগী, বিশেষজ্ঞ, কৃষক, দুগ্ধপালক আৰু নীতি নিৰ্ধাৰকসকলে অংশগ্ৰহণ কৰিব। ডেইৰী ফৰ নিউট্ৰিচন এণ্ড লাইভলিহুড (Dairy for Nutrition and Livelihood) হৈছে এই সন্মিলনৰ বিষয়বস্তু।

ইফালে ভাৰতীয় দুগ্ধ উদ্যোগৰ বিশেষত্ব হ’ল ই সমবায় আৰ্হিৰ ওপৰত ভিত্তি কৰি ক্ষুদ্ৰ আৰু প্ৰান্তীয় দুগ্ধ পালক আৰু মহিলাসকলক শক্তিশালী কৰা। ইতিমধ্যে এই দৃষ্টিভংগীৰে পৰিচালিত হৈ চৰকাৰে দুগ্ধ খণ্ডৰ উন্নয়নৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰিছে। যাৰ ফলত যোৱা আঠ বছৰত গাখীৰ উৎপাদন ৪৪ শতাংশতকৈ অধিক বৃদ্ধি পাইছে।

উল্লেখ্য যে বিশ্বৰ ২৩ শতাংশ গাখীৰ উৎপাদন কৰে। বছৰি উৎপাদন কৰে ২১ কোটি টন গাখীৰ। এই দুগ্ধ ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে দেশৰ ৮ কোটিৰো অধিক দুগ্ধ পালক। এই দুগ্ধপালকসকলক শক্তিশালী কৰা ভাৰতীয় দুগ্ধ উদ্যোগৰ সফলতাৰ কাহিনী এইবাৰ আইডিএফ ডব্লিউডিএছ ২০২২ত প্ৰদৰ্শন কৰা হ’ব। এই সন্মিলনৰ জৰিয়তে ভাৰতীয় দুগ্ধ পালকসকলে বিশ্বৰ দুগ্ধ উদ্যোগৰ উত্তম পদ্ধতিৰ বিষয়ে জানিব পাৰিব।

লগতে পঢ়ক- এজোপা অমিতা গছে এবাৰত ৪০ কেজি পৰ্যন্ত ফল দিয়ে

English Summary: PM Narendra Modi inaugurates World Dairy Summit in Greater Noida

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.