Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 20 October, 2022 4:17 PM IST
PM Modi

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলীত দেশৰ যুৱসকলক এটা ডাঙৰ উপহাৰ দিবলৈ ওলাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ ৭৫,০০০ যুৱক-যুৱতীক চাকৰি উপহাৰ দিবলৈ সাজু হৈছ। তেওঁ ২২ অক্টোবৰত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে যুৱক-যুৱতীসকলৰ সৈতে সংযোগ স্থাপন কৰিব। এই সময়ছোৱাত, ৭৫,০০০ যুৱক-যুৱতীক চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব।

চলিত বৰ্ষৰ জুন মাহত মোডীয়ে ঘোষণা কৰিছিল যে তেওঁৰ চৰকাৰে অহা ডেৰ বছৰত অৰ্থাৎ ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত ১০ লাখ চাকৰি প্ৰদান কৰিব। বিৰোধী দলবোৰে প্ৰায়ে নিবনুৱাৰ বিষয়ত মোডী চৰকাৰক প্ৰশ্ন কৰি আহিছে। সকলো বিভাগ আৰু মন্ত্ৰালয়ৰ সৈতে পৰ্যালোচনা কৰাৰ পাছত এই দিশত মিছন মোডত কাম আৰম্ভ হৈছিল। ইয়াৰ অধীনত মোডীয়ে ৭৫,০০০ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই সময়ছোৱাত প্ৰতিৰক্ষা মন্ত্ৰালয়, ৰে'ল মন্ত্ৰালয়, ডাক বিভাগ, গৃহ মন্ত্ৰালয়, শ্ৰম আৰু নিযুক্তি মন্ত্ৰালয়, চিআইএছএফ, চিবিআই, শুল্ক, বেংকিং আৰু আন বহুতো খণ্ডত যুৱসকলক চাকৰি ঘোষণা কৰা হ'ব।

দেশৰ বিভিন্ন চহৰৰ কেন্দ্ৰীয় মন্ত্ৰীসকলেও এই কাৰ্যসূচীত যোগদান কৰিব। ওড়িশাপৰা শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, গুজৰাটৰ পৰা স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়া, চণ্ডিগড়ৰ পৰা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু মহাৰাষ্ট্ৰৰ পৰা বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলে ভিডিঅ’ কনফাৰেন্সত যোগদান কৰিব। ৰাজস্থানৰ পৰা ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, তামিলনাডুৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, উত্তৰ প্ৰদেশৰ উদ্যোগ মন্ত্ৰী মহেন্দ্ৰ পাণ্ডে, ঝাৰখণ্ডৰ অৰ্জুন মুণ্ডা আৰু বিহাৰৰ গিৰিৰাজ সিঙেও ইয়াত যোগদান কৰিব। ইয়াৰ লগতে, সাংসদসকলে তেওঁলোকৰ নিজ নিজ সংসদীয় সমষ্টিৰ পৰাও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

বিৰোধীৰ অভিযোগ

বিৰোধীয়ে অভিযোগ কৰি আহিছে যে মোডী চৰকাৰে যুৱসকলক নিযুক্তি প্ৰদান কৰাত ব্যৰ্থ হৈছে। যোৱা বছৰ, কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে সংসদক কৈছিল যে ১ মাৰ্চ, ২০২০ তাৰিখলৈকে কেন্দ্ৰীয় চৰকাৰৰ বিভাগবোৰত ৮.৭২ লাখ পদ খালী হৈ আছে। কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত মুঠ ৪০ লাখ ৪ হাজাৰ পদ আছে, যাৰ ভিতৰত ৩১ লাখ ৩২ হাজাৰ পদ পূৰণ কৰা হৈছিল। ২০১৬-১৭ বৰ্ষৰ পৰা ২০২০-২০২১ বৰ্ষলৈ এছ.এছ.চি.ত মুঠ ২,১৪,৬০১ জন কৰ্মচাৰী নিয়োগ কৰা হৈছিল। লগতে, আৰ.আৰ.বি.য়ে ২,০৪,৬০১ জন লোকক নিযুক্তি দিছিল। ইউপিএছচিয়েও ২৫,২৬৭ জন প্ৰাৰ্থী বাছনি কৰিছিল।

লগতে পঢ়কঃ দীপাৱলীৰ প্ৰাক মূহুৰ্তত কেইবাটাও ভাল খবৰ ৰাজ্যবাসীলৈ

English Summary: PM modi diwali gift
Published on: 20 October 2022, 04:17 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now