
উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত মুঠ ২.৮৫ কোটি কৃষক বাছনি কৰা হৈছে। নিৰ্বাচিত এই ২.৮৫ কোটি কৃষকৰ ভিতৰত নিৰ্বাচিত ২১ লাখ কৃষক তদন্তত অযোগ্য বুলি বিবেচিত হৈছে। এই সন্দৰ্ভত সংবাদ মাধ্যমক জনাইছে ৰাজ্যৰ কৃষি মন্ত্ৰী সূৰ্য প্ৰতাপ শ্বাহীয়ে।
লগতে তেওঁ কয় যে আঁচনিৰ অধীনত এতিয়ালৈকে যিসকল ভুৱা কৃষকে ধন লাভ কৰিছে তেওঁলোকৰ পৰা ধন ঘূৰাই লোৱা হব বুলি কয়। তেওঁ লগতে জনায় যে চলিত মাহৰ শেষৰ ফালে কিষাণ সন্মান নিধি আঁচনিৰ দ্বাদশ কিস্তি মুকলি কৰা হ’ব আৰু যিসকল কৃষকৰ ভূমিৰ অভিলেখ আৰু স্থানীয় পৰীক্ষণৰ কাম পি এম-কিষাণ প’ৰ্টেলত আপলোড কৰা হ’ব তেওঁলোককহে এই সুবিধা প্ৰদান কৰা হ’ব।
কৃষি বিভাগৰ অতিৰিক্ত মুখ্য সচিব দেৱেশ চতুৰ্বেদীয়ে কয় যে কিষাণ পৰ্টেলত তথ্য আপলোড কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু সকলো যোগ্য কৃষকক কিষাণ সন্মান নিধিৰ দ্বাদশ কিস্তি প্ৰদান কৰা হ’ব।
কৃষি মন্ত্রীগৰাকীয়ে কয় যে এতিয়ালৈকে প’র্টেলত ১.৫১ কোটি কৃষকৰ ভূমি অভিলেখ লোড কৰাৰ কাম হৈছে৷ তেওঁ কৃষকসকলক অতি শীঘ্ৰে তেওঁলোকৰ ডাটাসমূহ আপলোড কৰিবলৈ আহ্বান জনায়।
লগতে পঢ়ক- ২৮ ছেপ্টেম্বৰত অৰ্ধ উলংগ প্ৰতিবাদ কৰিব ভাৰতীয় কিষাণ ইউনিয়নে
Share your comments