1. News

PM Kisan 14th installment : ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মৰিগাঁৱতো পিএম কিষাণ শিবিৰ কাৰ্যসূচী অব্যাহত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
E-KYC, Adhar link, 14th installment etc.
E-KYC, Adhar link, 14th installment etc.

কৃষকসকললৈ এটা গুৰুত্বপূৰ্ণ খবৰ। ১২ জুনৰ পৰা ১৯ জুনলৈ ৰাজ্যৰ প্ৰতিখন জিলাত অনুষ্ঠিত হ’ব "পি এম কিষাণ শিবিৰ" । ৰাজ্যৰ প্ৰকৃত কৃষকে যাতে ১৪নং কিস্তিৰ ধন লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে কৃষকসকলৰ সহায়ক হোৱাকৈ "পি এম কিষাণ শিবিৰ"ৰ আয়োজন কৰিছে ৰাজ্যৰ কৃষি বিভাগে।

মৰিগাঁৱত পিএম কিষাণ শিবিৰৰ কিছু দৃশ্যাংশ
মৰিগাঁৱত পিএম কিষাণ শিবিৰৰ কিছু দৃশ্যাংশ

ৰাজ্যৰ অন্য জিলাসমূহৰ দৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিভাগ, মৰিগাৱঁৰ সহযোগত প্ৰধানমন্ত্ৰী কৃষি সম্মান নিধি (PM kisan) আঁচনিৰ অধীনত ৬ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া বিশেষ সহযোগিতামূলক শিবিৰ অব্যাহত আছে।  

লগতে পঢ়ক- 

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২০০০ টকাৰ পৰৱৰ্তী কিস্তি কেতিয়া আহিব কৃষকৰ একাউণ্টত?

সোমবাৰে পি এম কিষাণ শিবিৰৰ শুভাৰম্ভনি কৰে জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাই। শিবিৰৰ জৰিয়তে মৰিগাঁও জিলাৰ যিসকল পি. এম. কিষাণ আঁচনিৰ তালিকাত নাম অন্তর্ভুক্ত যোগ্য হিতাধীকাৰীৰ ই. কে. ৱাই. চি (Ekyc) জৰিয়তে আধাৰ সংযোগ হোৱা নাই আৰু আধাৰ জৰিয়তে প্ৰত্যক্ষভাৱে একাউন্টত  আঁচনিৰ ধন সোমোৱা নাই সেইসকল হিতাধীকাৰীয়ে যাতে দুয়োটা কাম সম্পন্ন কৰি আঁচনিৰ ধন লাভ কৰিব পাৰে তাৰ বাবে ১২ জুনৰ পৰা ১৭ জুনলৈ জিলাখনৰ ৯টা শিবিৰ অনুষ্ঠিত কৰা হৈছে।

PM Kisan-14th installment
PM Kisan-14th installment

গেৰুৱা গাওঁপঞ্চায়ত, বৰডোবাটুপ গাওঁপঞ্চায়ত, লাহৰীঘাট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, মৈৰাবাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, বোৱালগুৰি, বাঘজাপ গাওঁপঞ্চায়ত, গোভা গাওঁপঞ্চায়ত আৰু মিকিৰভেটাৰ পাঘালীত প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ এই বিশেষ সহযোগিতামূলক শিবিৰ সমূহ অনুষ্ঠিত কৰা হৈছে। এই শিবিৰত Ekyc আপডেট কৰা লগতে আধাৰ কাৰ্ডৰ জৰিয়তে পি. এম. কিষাণ আঁচনিৰ ধন হিতাধীকাৰী সকলক উপলব্ধ কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হৈছে।

লগতে পঢ়ক- 

যোৰহাটত' প্ৰধানমন্ত্ৰী কৃষি সন্মান নিধি' আঁচনি বিষয়ক সজাগতা সভা

English Summary: PM Kisan Latest Update,: E-KYC, Adhar link, 14th installment etc.

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.