1. News

নলবাৰীত "বৰো ধান চপোৱা উৎসৱ" উদযাপন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
"Boro Paddy Harvest Festival" is celebrated in Nalbari
"Boro Paddy Harvest Festival" is celebrated in Nalbari

বুধবাৰে নলবাৰী বনগাঁওত অনুষ্ঠিত কৰা হয় "বৰো ধান চপোৱা উৎসৱ" । জিলা কৃষি বিষয়া প্ৰবীণ চন্দ্ৰ মেধিয়ে  শতাধিক কৃষকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত কৃষকসকলক উদ্দেশ্যি আধুনিক কৃষি পদ্ধতি, খেতিত আধুনিক কৃষি যন্ত্ৰ ব্যৱহাৰ, উন্নত প্ৰজাতিৰ বীজৰ ব্যৱহাৰ, কৃষকৰ খৰচ কম আয় বৃদ্ধি, আদি বিষয়ত আলোচনা কৰাৰ লগতে সজাগ কৰে।

অনুষ্ঠানত বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন অভিলাষী আঁচনি যেনে PMKISAN, PMKSY, PMFBY, , CMSGUY আদি আঁচনিৰ বিষয়ে বিশদভাৱে আলোচনা কৰে। উক্ত আঁচনিৰ অধীনত কৃষক ৰাইজে কেনেকৈ সুবিধা সমুহ লাভ কৰিব সেই বিষয়ে  অৱগত কৰে। অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ সহযোগী বিজ্ঞানী ড° বিপিন কুমাৰে ধান ৰোৱাৰ পৰা শস্য চপোৱালৈ আৰু কৃষি যন্ত্ৰিকীকৰণৰ গুৰুত্ব সম্পৰ্কে  বিতংভাৱে জনায় ।

লগতে পঢ়ক- 

Handicrafts : নিজলৈ বুলি আৰম্ভ কৰা কামটোয়ে পূৰ্ণতা পালে সুস্মিতাৰ

আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ কণিষ্ঠ গৱেষক অম্লান দ্বীপ শইকীয়া ই কৃষি যন্ত্ৰ সম্পৰ্কে অৱগত কৰাৰ লগতে কৃষি যন্ত্ৰ সমূহ পৰিচয় কৰাই দিয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বনগাঁওস্থিত কৃষক কল্যাণ এফ পি অ' ৰ পথাৰত বৰো ধানৰ খেতি আধুনিক কৃষি যন্ত্ৰ কম্বাইন হাৰভেষ্টাৰৰ (Combine Harvester) সহায়ত চপোৱাৰ লগতে কৃষক ৰাইজৰ মাজত কৃষি যন্ত্ৰৰ প্ৰদৰ্শনী কৰা হয়।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° মনোজ কুমাৰ ভূঞা আৰু কৃষি উন্নয়ন বিষয়া মৃদুপবন মুদৈ, দি পি দি (আত্ম) ড° জয়া গগৈ লগতে এপাৰ্ট ,আত্মা,বিভাগৰ সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল আৰু কৃষক কল্যাণ এফ পি অ' ৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

লগতে পঢ়ক- 

এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ

English Summary: "Boro Paddy Harvest Festival" is celebrated in Nalbari

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.