
মঙলবাৰে বিশ্বনাথৰ পিছপৰা অঞ্চল কৈলাজুলীত গাহৰি পালকৰ মাজত গাহৰি পালনৰ লগত জড়িত আৱশ্যকীয় সামগ্ৰী যেনে- দানা, বুটজোতা, ছাতি, পানী উঠোৱা পাম্প, খনিজ পদাৰ্থ মিশ্রন বিতৰণ।

বিশ্বনাথ জিলাৰ পশুপালন ও পশু চিকিৎসা বিভাগ আৰু বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়ৰ পৃষ্ঠপোষকতাত তথা গুৱাহাটীৰ ৰাণীস্হিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ সক্রিয় সহযোগিতাত বিতৰণ কৰা হয় এই সামগ্ৰীসমূহ। পিছপৰা জনগোষ্ঠীয় উন্নয়ন পুজিৰ অধীনত ৯০ গৰাকী ক্ষুদ্ৰ গাহৰি পালকৰ মাজত বিতৰণ কৰা হয় এই সম্পদসমূহ।
লগতে পঢ়ক-
Ash gourd farming : এবিঘা মাটিত কোমোৰাৰ খেতি কৰক

এই সামগ্ৰী প্ৰদান অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত মনীন্দ্ৰ নাথ নাকটে। উপস্থিত থাকে বিশিষ্ট বিজ্ঞানী ড০ কে বৰ্মন, ড০ প্রণৱ জ্যোতি দাস, বিশ্বনাথ মহকুমা পশুচিকিৎসা বিষয়া ডাঃ দিগন্ত শৰ্মা, পশুচিকিৎসা বিষয়া ডাঃ কংকণ বৰুৱা আৰু আঞ্চলিক কৃত্ৰিম গো-প্ৰজনন কেন্দ্ৰৰ পশুচিকিৎসা বিষয়া ডাঃ পাৰ্থ প্ৰতিম বৰা।

লগতে উপস্থিত থাকে লগতে স্বেচ্চাসেৱী সংগঠন CADAT ৰ বিষয়ববীয়া ক্রমে ধীৰেন ডেকা আৰু মনোৰঞ্জন হাজৰীকা। অনুষ্ঠানতে পেলনীয়া শাক-পাচলিৰ পৰা পৰা 'ছাইলেজ' বনোৱাৰ ওপৰত বিজ্ঞানীসকলৰ দ্বাৰা কাৰিকৰী শিক্ষা প্ৰদান কৰা হয়।
লগতে পঢ়ক-
Share your comments