 
            কম খৰচত ভাল লাভৰ বাবে বিহাৰত বৃহৎ সংখ্যক কৃষকে ফলমূলৰ খেতিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে। বিভিন্ন ফলমূলৰ এতিয়া বিহাৰত বৃহৎ পৰিসৰত অমিতা খেতি আৰম্ভ হৈছে। অমিতা ৰোপণৰ বাবে প্ৰতি হেক্টৰত ৬০ হাজাৰ টকা একক ব্যয়ৰ ভিত্তিত চৰকাৰে ৭৫% (৪৫০০০ টকা) ৰাজসাহায্যৰ সুবিধাও প্ৰদান কৰিছে।
উল্লখ্য যে বছৰটোৰ বাৰ মাহলৈকে পেঁপাৰ খেতি কৰিব পাৰি। ইয়াক সৰ্বোচ্চ ৩৮ ডিগ্ৰী চেলছিয়াছৰ পৰা ৪৪ ডিগ্ৰী চেলছিয়াছ উষ্ণতাত খেতি কৰিব পাৰি। অমিতাৰ লগতে মাহজাতীয় শস্য যেনে- মটৰ, মেথি, চমু, ফ্ৰেঞ্চবিন আৰু সৰিয়হ আদিৰ শস্যও ৰোপণ কৰিব পাৰি।
এজোপা অমিতা গছে এবাৰত ৪০ কেজি পৰ্যন্ত ফল দিয়ে। এক হেক্টৰত আপুনি প্ৰায় ২,২৫০ জোপা গছ ৰোপণ কৰিব পাৰে। সেই অনুসৰি এক হেক্টৰ অমিতা খেতিত আপুনি এবাৰত ৯০০ কুইণ্টল অমিতা উৎপাদন কৰিব পাৰে।
বজাৰত ইয়াৰ দাম ৪০ৰ পৰা ৫০ টকা পৰ্যন্ত হয়। সেই অনুসৰি এজন কৃষকে এক হেক্টৰত পেঁপা খেতি কৰি সহজে ১০ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰে।
লগতে পঢ়ক- য'ত প্ৰত্যাহ্বান আছে, তাতেই আশা আছে। আৰু য'ত আশা আছে, তাত সফলতা গজি উঠে।
 
                     
                     
                     
                     
                                         
                                             
                                             
                         
                         
                         
                         
                        
Share your comments