Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 29 December, 2023 12:53 PM IST
Orange Farming in West Guwahati

পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ জিমিৰ গাঁৱকে ধৰি কাষৰীয়া উমচুৰ, বাখলাপাৰা আদি অঞ্চল কমলা খেতিৰ বাবে বিখ্যাত। গুৱাহাটীৰ পৰা প্ৰায়, ৬০ কিলোমিটাৰ নিলগৰ আৰু অসম চৰকাৰৰ কৃষি বিভাগৰ সুদৃষ্টি নপৰা অঞ্চলটোৰ এই কমলা খেতিৰ লগত জড়িত কেবা শতাধিক কৃষকে চৰকাৰৰ মুখলৈ বাট নাচাই কমলা খেতিৰে স্বাৱলম্বনৰ পথ মোকলোৱাৰ সংগ্রাম অব্যাহত ৰাখিছে। এই সন্দৰ্ভত কমলা খেতিৰ বাবে বিখ্যাত জিমিৰগাঁও অঞ্চলৰ উদীয়মান যুৱক তথা কমলা খেতিৰ লগত জড়িত সুৰজিৎ ৰাভা, শ্রীমন্ত ৰাভা, মিন্টু ৰাভা, খৰ্গেশ্বৰ ৰাভা, ভগৱান ৰাভা, সঞ্জয় ৰাভা, জিমিৰগাঁও ৰাইজ গয়ৰহৰ কৰ্মকর্তা প্ৰণৱ ৰাভাকে ধৰি অঞ্চলটোৰ কেইবাজনো লোকে ব্যক্ত কৰা অনুসৰি অঞ্চলটোত প্ৰায় এশটা পৰিয়াল আছে ।

তেওঁলোকৰ বেছিভাগৰে ডেৰ বিঘাৰ পৰা আৰম্ভ কৰি দহ বিঘা মাটিৰ একোখনকৈ সৰু-বৰ কমলা বাগান আছে। চৰকাৰী সহায় অবিহনে এওঁলোকে বতৰৰ ফল কমলা খেতি কৰি সেয়া বিক্ৰী কৰি দুপইচা অৰ্জন কৰি আহিছে। কিন্তু ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ পৰা কোনো সহায়-সহযোগিতা পোৱা নাই। এইসকল খেতিয়কক উপযুক্ত প্রশিক্ষণ প্রদান কৰিলে তেওঁলোকৰ উৎপাদন বৃদ্ধি হোৱাৰ যথেষ্ট থল আছে।  ইতিমধ্যে নবেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা পকা কমলা বিক্রী কৰি আহিছে আৰু জানুৱাৰী মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহলৈকে বিক্ৰী কৰিব পাৰিব। কিন্তু চৰকাৰে প্ৰশিক্ষণকে ধৰি কিছু সা-সুবিধা আগবঢ়ালে তেওঁলোকৰ উৎপাদন বৃদ্ধি হ'ব বুলি কৃষকসকল আশাবাদী।

লগতে পঢ়ক- 

শিৱসাগৰ জিলাৰপৰা প্ৰথমবাৰৰ বাবে লণ্ডনৰ বজাৰলৈ উৰহী ৰপ্তানিৰ আৰম্ভণি

যাৰ বাবে বিষয়টোত হস্তক্ষেপ কৰি কমলা খেতিয়কসকলক সহায়ৰ হাত আগবঢ়াবলৈ সচেতন লোকে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক দাবী জনাইছে। আনহাতে, এই সন্দৰ্ভত জিমিৰগাঁৱৰ কাষৰীয়া উমচুৰ অঞ্চলৰ কমলা খেতিৰ লগত জড়িত উদ্যামী যুৱক ধ্রুব দলৈয়ে মত ব্যক্ত কৰা অনুসৰি যি সময়ত প্রধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে ছিকিমকে ধৰি উত্তৰ-পূবৰ আঠোখন ৰাজ্যত জৈৱিক কৃষি আৰু উদ্যান শস্যৰ প্ৰচুৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰে।

লগতে এইক্ষেত্রত কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা সহায়-সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰিছে, সেই সময়ত ৰাজ্য চৰকাৰৰ কৃষি বিভাগে ৰাজ্যৰ কমলাকে ধৰি উদ্যান শস্যৰ লগত জড়িত কৃষকসকলক কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ অধীনত সহায় কৰাতো দূৰৈৰ কথা, কৃষিক্ষেত্ৰসমূহ চিনাক্তই কৰিব পৰা নাই। চৰকাৰী কোনো সহায়- সহযোগিতা অবিহনে গাঁঠিৰ ধন ভাঙি কমলা খেতি কৰা এইসকল কৃষকক উপযুক্ত প্রশিক্ষণ প্রদান কৰি উৎপাদন বৃদ্ধিত অৰিহণা যোগাবলৈ চৰকাৰক ৰাইজে দাবী জনাইছে।

উৎস- Headline 8

লগতে পঢ়ক- 

MFOI-2024 : দেশৰ সৰ্ববৃহৎ কৃষি বঁটা MFOI-2024 বাবে আবেদন কৰক

English Summary: Orange Farming in West Guwahati
Published on: 29 December 2023, 12:52 IST