Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 August, 2022 4:19 PM IST
The Indian women’s team created history in the lawn ball event of the Commonwealth Games 2022

সপোন দেখাজনক কেৱল এটা যুঁজাৰু মন লাগে ।বাকী জীৱনৰ ঘাত-প্ৰতিঘাত, প্ৰত্যাহ্বানক পানীৰ বুৰবুৰণি দৰে নিমিষতে মাৰ যোৱাব পাৰে এই যুঁজাৰু মনটোৱে। ইয়াকে পুনৰবাৰ প্ৰমাণ কৰিছে কমনৱেলথত স্বর্ণ জিনি ইতিহাস ৰছা অসমৰ বোৱাৰী নয়নমণি শইকীয়াই। বিবাহৰ পাছতে সাধাৰণতে অধিকাংশ মহিলাই সপোন দেখা বা সপোন পূৰ্ণ কৰাৰ সাধনা প্ৰায় ত্যাগ কৰে। কোনোৰ থাকে যদিও বুকুত কোলাৰ কেঁচুৱাৰ দৰেই লৈ ফুৰে, আৰু কোনোৱে সকলো বাদ দিয়ে। ইয়াৰ অন্তৰালত অৱশ্যে আমাৰ কিছুমান সামাজিক কাৰণো নিহিত হৈ আছে।

সাপৰ কণিৰ পৰা বহু পোৱালী ওলায়। মনকৰিবলগীয়া কথাটো হ'ল পোৱালিবোৰ ডাঙৰ হৈ স্বাধীন হোৱাৰ সপোন দেখিলেই মাকে নিজেই নিজৰ পোৱালিবোৰক খাব ধৰে। ইয়াৰ যিটো দুটা-এটাহে সংগ্ৰাম কৰি বাছি আহি জীয়াই থকা তথা জীৱনৰ সোৱাদ ল’ব পাৰে। একেদৰে প্ৰতিজন মানুহক সময়ে, পৰিৱেশে শেষ কৰাৰ পৰিকল্পনাত ব্যস্ত থাকে। কিন্তু এই সকলো প্ৰত্যাহ্বানৰ মাজৰ পৰা ওলাই আহি নিজৰ সাধনাৰ দ্বাৰা সপোনক বাস্তবায়িত কৰাতোহে আটাইতকৈ ডাঙৰ কথা। তাকেই কৰিলে বৰপথাৰৰ নয়নমণি শইকীয়াই।

The Indian women’s team created history in the lawn ball event of the Commonwealth Games 2022

প্ৰথম অৱস্থাত নয়নণিয়ে ভাৰোত্তোলন খেলিছিল নয়নমণিয়ে।কিন্তু ভাৰোত্তোলন খেলি থকা সময়তে ভৰিত পোৱা এক আঘাতে দুর্বিষহ কৰি তুলিছিল নয়নমণিৰ জীৱন । পাছলৈ ভাৰোত্তলন বাদ দি লন বলৰে সপোন পূৰণ কৰাৰ চেষ্টা চলাইছিল নয়নমণিয়ে। ইয়াৰ মাজতেই কৃষক পৰিয়ালৰ সদস্য হোৱা বাবে সত্ত্বেও সীমিত সুবিধাৰ মাজেৰেই অব্যাহত ৰাখিছিল লন বলৰ অনুশীলন । কিয়নো এইবিধ খেলত না আছে ধন , না আছে প্রাপ্য সন্মান। আন্তঃগাঁথনিৰ নামতো বিশেষ সুবিধা নাই । আন্তর্জাতিক কোনো প্রতিযোগিতাত খেলিবলৈ সুযোগ পালেও নিজৰ পকেটৰ ধন খৰচ কৰি যাবলগীয়া হয় । তদুপৰি ব্যৰ্থ হ'লেই শুনিবলগীয়া হয় বিভিন্নজনৰ কটাক্ষ ।কিন্তু এই সকলোবোৰক আওকাণ কৰি আগবাঢ়ি গৈছিল নিজ লক্ষ্যৰ দিশে।

The Indian women’s team created history in the lawn ball event of the Commonwealth Games 2022

বিচলিত নহৈ এনেদৰে নিজ লক্ষ্যৰ দিশে আগবাঢ়ি নয়নমণিয়ে বিবাহিত আৰু এটি সন্তানৰ মাতৃ হৈয়ো। যাৰবাবে  আজি নিজৰ লগতে দেশ তথা ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ’ল নয়নমণিয়ে। এনে অপৰিসীম ধৈৰ্য, সাধনা আৰু একাগ্ৰতাৰ বাবে দ্বিতীয়গৰাকী অসমীয়া ৰূপে কমনৱেলথ গেমছত পদক জয় কৰিলে নয়নমণিয়ে । ইয়াৰ পূৰ্বে তাৰকা আৰ্চাৰ জয়ন্ত তালুকদাৰে ২০১০ চনত দিল্লী কমনৱেলথ গ্ৰেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পাছতে সুদীৰ্ঘ ১২ বছৰ পিছত নয়নমণিয়ে স্বর্ণ পদক জয় কৰি ইতিহাস ৰচাৰ লগতে সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিলে ।

The Indian women’s team created history in the lawn ball event of the Commonwealth Games 2022

নয়নমণিৰ এই বিজয় কেৱল নয়নমণিৰ মাজতেই সীমাৱদ্ধ নাথাকিব। বহুতৰ বাবে এতিয়া নয়নমণি হৈ পৰিছে প্ৰেৰণা স্বৰূপ। বুকুত সপোন পুহি ৰখা প্ৰতিগৰাকী প্ৰতিভাৱানকে জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানক উফৰাবলৈ বুকুত সাহস দিব নয়নমণিয়ে। তদুপৰি আমাৰ সমাজত এটা ধাৰণা আছে বিবাহৰ পাছতে  এগৰাকী নাৰীৰ পৰিয়াল পৰিচালনা কৰা, সন্তানৰ যত্ন লোৱাৰ মাজতে সকলো শেষ হৈ যায়। কিন্তু  ই যে ভুল ধাৰণা প্ৰমাণ কৰিলে নয়নমণিৰ স্বৰ্ণ জয়ে।

লগতে পঢ়ক- “মৃত্যুৰ আগমুহূৰ্তলৈ নিজৰ মাটিত খেতি কৰি যাম”- ধনেশ্বৰী ৰাজখোৱা!

English Summary: Nayanmoni Saikia Lone Bowler secures first medal for Assam at 2022 Commonwealth Games
Published on: 03 August 2022, 03:22 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now