Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 16 July, 2022 2:38 PM IST
Navneeta's Agricultural Revolution in Jorhat

নাৰ্ছৰ চাকৰি ত্যাগ কৰি নৱনীতা দাস নামৰ যোৰহাটৰ এগৰাকী মহিলাই খেতি কৰাৰ লগতে হাঁহ-কুকুৰাৰ ফাৰ্ম, হোটেল ব্যৱসায়েৰে স্বাৱলম্বী হৈছে। উপাৰ্জনৰ টকাৰে এখন “আশ্ৰম’ স্হাপন কৰি নৱনীতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। নিজেই খেতি কৰি কম সময়ৰ ভিতৰতে আত্মনিৰ্ভৰশীল হৈছে এই মহিলাগৰাকী। হালৰ মুঠিত ধৰাৰ পৰা খেতিপথাৰত ৰোৱনী আৰু দাৱনী আদি সকলো কাম কৰি নতুন পুৰুষক উৎসাহ যোগোৱা নবনীতাই বহু প্ৰত্যাহ্বান নেওঁচি সফল হৈ বঁটা, সন্মান পাবলৈও সক্ষম হৈছে।

উল্লেখ্য যে ২০০৫ চনৰ পৰা ২০১০ চনলৈ নৱনীতা দাসে যোৰহাট অসামৰিক চিকিৎসালয়ত কাম কৰিছিল। ভাল দৰমহাৰ চাকৰি কৰিলেও তেওঁ সমাজত আদৰ্শ স্হাপনৰ সপোন দেখিছিল। নাৰ্ছৰ কামৰ সলনি তেওঁ মহিলা হিচাপে কৃষিৰে আদৰ্শ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য লৈছিল। সেয়ে তেওঁ নাৰ্ছৰ চাকৰি বাদ দি খেতিত মনোনিবেশ কৰিলে। ২০১০ চনৰ পৰাই তেওঁ খেতি আৰম্ভ কৰিছিল। যোৰহাটৰ পতিয়া গাৱঁৰ বাসিন্দা নৱনীতাৰ জন্ম বৰআলি গাৱঁত। খেতিত মনোনিবেশ কৰা নৱনিতাই পৰৱৰ্তী সময়ত নিজৰ পৰিকল্পনা অনুসৰি ক্ৰমে সফলতাৰ জখলা বগাই আছে। চমকপ্ৰদ সফলতাৰ বাবে তেওঁ ৰাজ্য চৰকাৰৰ কৃষি বিভাগকো আকৰ্ষণ কৰিব পাৰিছে।

সফল উদ্যমী নৱনীতা দাসে কয়-যোৰহাটৰ চাৰিগাওঁ চাপৰিৰ বৰঢলা বিলৰ কাষত পৰিয়ালৰ ২০ বিঘা মাটিত প্ৰথমে খেতি কৰিছিলো। ভেণ্ডি, তিয়ঁহ, ৰঙালাউ, জিকা আদি সকলো শাক-পাচলিৰ খেতি আৰম্ভ কৰিছিলো। নিজেই হালৰ মুঠিত ধৰি জৈৱিক শাক-পাচলিৰ খেতি কৰাৰ বাবেই আশা কৰা ধৰণেই বজাৰ দখল কৰিবলৈ সক্ষম হৈছিলো। পৰিশ্ৰমৰ উপযুক্ত মূল্য পোৱাত বিলৰ কাষৰ ছন পৰি থকা বহু বিঘা মাটিটো শাক পাচলিৰ খেতি কৰিবলৈ আৰম্ভ কৰিলো। উপার্জন ভাল পোৱাত ২০১২ চনত  পাচলি কঢ়িওৱা এখন গাড়ীও কিনিলো। সময়ে সময়ে ট্রেক্টৰ ভাড়াত লৈ বতৰৰ সকলো খেতি কৰি অধিক উপার্জন হোৱাত সপোন বাস্তৱায়িত হ’ল।

নৱনীতাই আৰু কয় যে বিলৰ কাষৰ মাটিত খেতি কৰাত প্ৰায় প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলোঁ। কেইবামাহ বান হোৱাত বছৰটোত খেতি কৰাত অসুবিধা হয়। সেয়ে চাৰিগাওঁ চাপৰিৰ বিলৰ পাৰৰ কেৱল খৰালিতহে খেতি কৰাৰ সিদ্ধান্ত ল'লোঁ। নৱনীতাই কয় যে তেনে সিদ্ধান্ত গ্রহণ কৰি ২০১৬ চনত যোৰহাটৰ পতিয়াগাঁৱঁত ৭ বিঘা মাটি খেতি কৰা আৰম্ভ কৰিলোঁ। শাক পাচলি, মধুৰি আম, অন্যান্য খেতি কৰি পতিয়াগৱঁতো সফল হোৱাত গাঁওখনেৰে আৰু ১১ বিঘা মাটি লীজত লৈ খেতি সম্প্রসাৰণ কৰি আৰু অধিক লাভৰ মুখ দেখিলো। চাৰিগাওঁ চাপৰি আৰু পতিয়াগাঁত জৈৱিক পদ্ধতিৰে হোৱা খেতিৰ পাচলিক ৰাইজেও আদৰি লৈছে। শাক পাচলিৰ বতৰৰ সময়ত দৈনিক ৫০০০-১০০০০ টকাৰ পাচলি বিক্ৰী হয়।

অর্থাৎ বতৰৰ সময়ত মাহে বুজন পৰিমাণৰ উত্তৰ পাচলি আমি বিক্ৰী কৰিবলৈ সক্ষম হৈছোঁ। পাচলিৰ লগে আমি বিলৰ পাৰত মাটিত ধান খেতি কৰে। ক’লা আৰু ৰঙা চাউল বছৰি ৮ কুইণ্টল বিক্ৰী কৰো। আন চাউলো বিক্ৰী হৈ আছে। খেতিয়ক নবনীতাই কয় ক’লা আৰু ৰঙা চাউল বিক্ৰী কৰিবলৈ আমি বিভিন্ন প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰো। কেইজনীও গাই আছে যদিও আমি গাখীৰ বিক্ৰী নকৰো। অৱশ্যে আমাৰ হাঁহ-কুকুৰাৰ ব্যৱসায় আছে। গড়ে মাহে ৩০ হাজাৰ টকাৰ হাঁহ কুকুৰা বিক্ৰী হয়। আমি হাঁহ কুকুৰা বিক্ৰী কৰিয়েই জীৱন নিৰ্বাহ কৰিব পাৰো যদিও পাচলি, ধানৰ খেতি এৰা নাই।

পাচলি আৰু ধান খেতি কৰি ধন উপাৰ্জন বৃদ্ধি কৰাটোৱেই নহয় এজন স্বাভিমানী অসমীয়া হিচাপে এয়া আমাৰ গৌৰৱ। কৃষিৰে আমি আই মাতৃ অসমক ভাল পাবলৈ শিকিছো। এয়া আমাৰ জাতীয়তাবাদ বুলি ভাবো। এজন অসমীয়াৰ ইয়াতকৈ আন একো গৌৰৱ হ’ব নোৱাৰে। নৱনীতাৰ মতে যুৱতী মহিলাই খেতিত মনোনিবেশ কৰিলে অসমীয়াৰ গৌৰৱ বৃদ্ধি হোৱাৰ লগতে অৰ্থনীতি সৱল হ’ব । সেয়াই আমাৰ বিকল্প বুলি দৃঢ়মন লৈ সকলোৱে আগবাঢ়িলে অসম আত্মনিৰ্ভৰশীল নিশ্চয় হ’ব।

ভাল কথা যে তা দাসে তেওঁৰ উপাৰ্জনৰে বাস কৰা গাৱঁত এখন আশ্ৰম স্থাপন কৰিছে। অবহেলিত, নিষ্পেষিতি বৃদ্ধক তেওঁৰ আশ্ৰমত ৰখাৰ ব্যৱস্থা কৰিছে আৰু এমাহ দুমাহ যিয়েই তেওঁৰ আশ্ৰমত থাকে তেওঁলোকৰ খোৱা থকাৰ ব্যৱস্হা সম্পূৰ্ণ বিনামূলীয়া কৰিছে নৱনীতা দাসে।

জৈৱিক খেতিৰ উৎপাদন বছৰি বৃদ্ধি হোৱাৰ বাবে নবনীতা দাসে পতিয়াগৱঁত এখন ৰেস্তোৰা স্হাপন কৰিছে। ৰেস্তোৰা স্হাপনৰ বাবে বেংকৰ পৰা চাৰি লাখ টকা ধাৰ লৈছে। ৰেস্তোৰাত জৈৱিক খাদ্যৰ ব্যৱস্হা কৰিছে। শিৱসাগৰৰ নিতাইপুখুৰী কলেজত পঢ়া নৱনীতা দাসৰ এনে আদৰ্শ চৰকাৰে প্ৰচাৰ কৰাৰ প্ৰয়োজন হৈছে। আত্মনিৰ্ভৰশীল অসমৰ শ্ল’গান দিয়া অসম চৰকাৰে নীৰবে সাধনা কৰি ৰাজ্যৰ বাবে অৰিহণা যোগোৱা নৱনীতা দাসৰ দৰে মহিলাক ৰাইজৰ সম্মুখলৈ আনিলেহে চাকৰিৰ বাবে হাবাথুৰি খোৱাসকলে প্ৰেৰণা পাব। অসমক এতিয়া হাজাৰগৰাকী নৱনীতা দাসৰ প্ৰয়োজন হৈছে। এনেবোৰ বিষয়ত সকলোৱে গুৰুত্ব দিলেহে আমাৰ অৰ্থনীতিয়ে নতুন দিগন্তৰ সূচনা কৰিব।

লগতে পঢ়ক-চিৰাঙৰ পানবাৰীৰ ‘বডোফা’ৰ হালধি বীজৰ কোটি টকাৰ ব্যৱসায়

প্ৰেৰকঃ জিতেন্দ্ৰ কুমাৰ চৌধুৰী

English Summary: Navneeta's Agricultural Revolution in Jorhat after quitting her nurse job
Published on: 16 July 2022, 02:38 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now