
কৰ্ণাটকৰ উডুপিত আজিৰে পৰা টোলগেটৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ। প্ৰতিবাদত অংশগ্ৰহণ কৰে উডুপি আৰু দক্ষিণ কানাড়া জিলাৰ টেক্সিৰ মালিক আৰু চালকসকলৰ লগতে সাধাৰণ জনতায়ো। প্ৰতিবাদৰ প্ৰতি লক্ষ্য কৰি জিলাখনখনৰ প্ৰশাসনো ইতিমধ্য ইতিমধ্যে সষ্টম হৈ পৰিছে।
লগতে পঢ়ক-
ধান দোৱা পথাৰসমূহত শেহতীয়াকৈ কৰিব পাৰিব এই শাক-পাচলিসমূহৰ খেতি
উল্লেখ্য যে টোলকৰ বিষয়টোক লৈ উডুপিৰ বিধায়ক কে ৰঘুপতি ভাটে বৃহস্পতিবাৰে দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে আৰু হেজমাদী টোলগেটত টোল শুল্ক বৃদ্ধিৰ সম্ভাৱ্য পৰিণতিৰ বিষয়ে আলোচনা কৰে।

সাক্ষাতৰ পাছতে সংবাদমাধ্যত আগত বিধায়কগৰাকীয়ে কয়-"সুৰাথকালৰ টোলগেট হেজমাদী প্লাজাৰ সৈতে একত্ৰীকৰণৰ সৈতে জড়িত বিষয়সমূহৰ বিষয়ে বুজাই দিছো। মন্ত্ৰীগৰাকীক উপযুক্ত সিদ্ধান্ত ল'বলৈ অনুৰোধ জনাইছো। সোমবাৰে এনএইচএআইৰ বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে সন্মতি প্ৰকাশ কৰিছে। জিলা প্ৰশাসনক অনুৰোধ জনাইছো যেতিয়ালৈকে কেন্দ্ৰীয় মন্ত্ৰীয়ে এনএইচএআইৰ বিষয়াসকলৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়ালৈকে হেজমাডীত যাতে টোল বৃদ্ধি নহয়।’
ইফালে উডুপি জিলাপ্ৰশাসনে গাডকাৰী আৰু এনএইচএআইৰ বিষয়াসকলৰ আলোচনালৈ বাট নাচায় টোলকৰ পূৰ্বৰ দৰেই সংগ্ৰহ কৰি আহিছে। তাৰেই প্ৰতিবাদত আজি বিৰোধীৰ লগতে উডুপি আৰু দক্ষিণ কানাড়া জিলাৰ টেক্সিৰ মালিক আৰু চালকসকলৰ লগতে সাধাৰণ জনতায়ো প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক-
Share your comments