Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 September, 2022 4:53 PM IST
প্ৰতিখন জিলাত ৭৫ টাকৈ পুখুৰী খান্দিব ৰাজ্য চৰকাৰে

শনিবাৰে ৰাজ্যত মিছন অমৃত সৰুবৰৰ অধীনত ২,৬২৫ টা সৰুবৰ খননৰ শুভাৰম্ভণি কৰে ৰাজ্য চৰকাৰে। প্ৰতিখন জিলাত কমেও ৭৫ টাকৈ সৰুবৰ খান্দিব এই আঁচনিৰ অধীনত। য'ত বিজ্ঞানসন্মতভাৱে মীন পালনৰ লগতে মূল্যবান বৃক্ষৰোপণৰ ব্যৱস্থা থাকিব । ১১,২০৮ কোটি টকাৰ ব্যয়েৰে মুঠ ২,৬২৫ টা সৰোবৰ খন্দাৰ বাবে পৰিকল্পনা কৰা হৈছে৷  অসমৰ প্ৰতিখন জিলাতে অতি কমেও এক হেক্টৰ আকাৰৰ এনে ৭৫ টাকৈ সৰোবৰ নিৰ্মাণ কৰা হ’ব৷ অৱশ্যে কামৰূপ মেট্ৰ’, দক্ষিণ শালমৰা আৰু ডিমা হাচাওত এই সৰোবৰৰ নূ্যনতম আকাৰ হ’ব এক একৰ৷

আজি ৰাজ্যৰ ভিন্নপ্ৰান্তত মন্ত্ৰী-বিধায়কসকলে প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি পুখুৰীসমূহ খন্দাৰ শুভাৰম্ভ কৰিছে। বজালীত ৰঞ্জিত দাসে, নলবাৰীত চন্দ্ৰমোহন পাটোৱাৰীয়ে, বাক্সা গৌৰী ব্ৰহ্ম, কাছাৰত পৰিমল শুক্লবৈদ্যই, নগাওঁৱত কেশৱ মহন্ত, ধেমাজিত ৰণোজ পেগু, শোণিতপুৰত অশোক সিংঘাল, চৰাইদজেউত যোগেন মহন, তিনিচুকীয়াত সঞ্জয় কিষাণ, দৰঙত অজন্তা নেওগ, মৰিগাঁৱত পীযুষ হাজৰিকা, ডিব্ৰুগড়ত বিমল বৰা, ডিমা-হাছাওত নন্দিতা গাৰ্লোচা আৰু কামৰূপত জয়ন্তমল্ল বৰুৱাই মিছন সৰুবৰ আঁচনিৰ শুভাৰম্ভ কৰে।

উল্লেখ্য যে অসম কেবিনেটে ২৯ মে’ত অনুষ্ঠিত এখন বৈঠকত মিছন অমৃত সৰোবৰৰ বাবে এক মান নিৰ্ধাৰণ প্ৰক্ৰিয়া (SOP)ৰ বাবে অনুমোদন জনাই, যি ক্ষুদ্ৰ আৰু প্ৰান্তৱৰ্তী কৃষকসকলৰ বাবে পানীৰ উৎসৰ লগতে সংহত মীনপালন আৰু ব্যৱসায়ভিত্তিক খেতিৰে উপাৰ্জন সৃষ্টিৰ বাট মুকলি কৰিব৷ এই সৰোবৰসমূহৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত থাকিব খণ্ড পৰ্যায়ৰ মহিলা আত্মসহায়ক গোট।

এই অমৃত সৰোবৰসমূহে আগন্তুক দিনত ৰাজ্যখনৰ গ্ৰাম্য অর্থনীতিৰ ভেটি সৱল কৰি তোলাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব আশা প্ৰকাশ কৰা হৈছে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, মীন বিভাগ আৰু মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ যুটীয়া প্ৰচেষ্টাৰে মিছন অমৃত সৰোবৰ কাৰ্যকৰী কৰি তোলা হ'ব ।

লগতে পঢ়ক- বিদেশৰ জৈৱিক কৃষি পথাৰত শাক-পাচলিৰ মাজে নাৰ্জীফুল কিয় ৰুৱে!

English Summary: mission amrit sorubar
Published on: 17 September 2022, 03:27 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now