Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 4 January, 2023 11:48 AM IST

অসমৰ প্ৰত্যেকজন মানুহেই পদিনা চিনি পায়। গাঁওবোৰত প্ৰায় মানুহৰ ঘৰৰ পিড়ালীত সাধাৰণতে পদিনা থাকে। বৰ্তমান গাঁৱৰ পৰা চহৰলৈ অহা মানুহবোৰেও পদিনা ফুলৰ টাব অথবা মাছৰ কাৰ্টুনত ৰুৱে। অসমীয়া মানুহে সাধাৰণতে পদিনা চাটনিৰ লগতে খায়। আৰু চাটনি কৰি খাবৰ বাবেই পিড়ালীত এনেদৰে কম পৰিমাণে কৰে। ব্যৱসায়িক উদ্দেশ্য অৱশ্যে দুই এজনে কৰে ঘৰৰ বাৰীতে। কিন্তু পদিনাৰ যে খেতি কৰি যে কোনো খেতিয়ক আত্মনিৰ্ভৰ হৈ এক স্বচ্চল জীৱন-যাপন কৰিব পাৰে সেই কথা বহুতে নাজানে।

তদুপৰি পদুনাৰ পৰা যে পদিনাৰ তেল, পিপাৰমেণ্ট, প্ৰসাধন সামগ্ৰী, সুগন্ধি দ্ৰব্য, টুথপেষ্ট, বিষনাশক, বাম, জেলি, চৰবত, চুপ, মৰ্টন, চকলেট, চুয়িংগাম ইত্যাদিৰ লগতে আমেৰিকা আৰু জাপানত মদিৰাৰ লগত গালফত মাংসৰ ব্যঞ্জনৰ স’তে পদিনা ব্যৱহৃত হয় কৰে তেনে কথাবোৰো নাজানে৷ ভিয়েটনাম, থাইলেণ্ড আদি দেশত পদিনাৰ চালাডৰ প্ৰচলন বেছি৷ অসমতো পদিনাৰ চাহিদা বহুত বেছি। এমুঠি পদিনাৰ দাম ৭ ৰ পৰা ৮ টকা। গতিকে কৃষকসকলে পদিনা খেতি কৰি যথেষ্ট লাভান্বিত হোৱাৰ স্থল আছে। পিছে কিদৰে কৰিব ব্যৱসায়িকভাৱে পদিনা খেতি! এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজিৰ লেখাটো প্ৰস্তুত কৰা হৈছে।

লগতে পঢ়ক- 

গুৱাহাটীত অনুষ্ঠিত হ’ব দেশৰ জৈৱিক সামগ্ৰীৰ সৰ্ববৃহৎ বাণিজ্য মেলা

পদিনাৰ জাত :

জাপানী পদিনা আৰু স্থানীয় জাতসমূহ৷ পদিনাৰ পুলি সাধাৰণতে পদিনাৰ গা-গছৰ পৰাই ওলায়। গা-গছৰ ওলোৱা ডালসমূহ পৰাই পুলি পাব কৃষকগৰাকীয়ে।

মাটি নিৰ্বাচন  :

পানী আৱদ্ধ নোহোৱা সাৰুৱা মাটি পদিনা খেতিৰ বাবে উপযোগী। মাটিখিনি ভাল দৰে চহাই আলু তলিৰ দৰে কৰি পুলিবোৰ ৰুব লাগে। পুলিবোৰ ৰুওঁতে পুলি পৰা পুলিৰ দূৰত্ব ডেৰ ফুট আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব আঢ়ৈ ফুট হ’ব লাগে। এনে কৰিলে গছবোৰ ডাঙৰ হৈ যোৱাৰ পাছতো সাৰ-পানী যোগান ধৰিবলৈ আৰু অলাগতিয়াল বনসমূহ নিয়াবলৈ সুবিধা হয়। পুলিবোৰ ৰুৱাৰ আগতে ডায়োথেন এম ৪৫ ঔষধৰ ১ শতাংশ শক্তিৰ মিশ্ৰণত ৰোৱাৰ আগতে পদিনা বোৰ ৫–১০ মিনিট মান তিয়াব লাগে। এনে কৰিলে শিপা পচা বেমাৰে বাবে পদিনা পুলিটো নষ্ট কৰিব নোৱাৰে।

সাৰ-পানী যোগান :

প্ৰয়োজন অনুসৰি কৃষকগৰাকীয়ে সাৰ-পানী যোগান ধৰিব লাগিব। সাৰ-পানী যোগান, প্ৰতিপালনৰ ওপৰত আপোনাৰ উপাৰ্জন নিৰ্ভৰ কৰিব। গতিকে এই তিনিটা খুৱ গুৰুত্বপূৰ্ণ। পদিনা খেতি ৰাসায়নিক আৰু জৈৱিক দুয়োটা পদ্ধতিৰে কৰিব পাৰে। কিন্তু কৰিব লাগিব বিজ্ঞানসন্মত পদ্ধতিৰে।

ধাৰাপুৰৰ অক্ষয় কলিতাই ব্ৰহ্মপুত্ৰৰ পাৰত কৰিছে পদিনাৰ খেতি। প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে কৰিছিল কিন্তু ফল পাইছিল অভাৱনীয়ভাৱে। তেওঁ কয় যে পদিনা খেতি কৰি পোৱা পইচাৰে তেওঁ ছবিঘা মাটি ক্ৰয় কৰিছিল। তেওঁ কয় যে দুকঠা মাটিত পদিনা খেতি কৰি এজন খেতিয়কে খা-খৰচ ২০ হেজাৰ টকা বাদ দিও প্ৰায় ৩০ হেজাৰ টকা উপাৰ্জন কৰিব পাৰে।

লগতে পঢ়ক-

Ash gourd farming : এবিঘা মাটিত আৰম্ভ কৰক ফেব্ৰুৱাৰী-এপ্ৰিলৰ ভিতৰত

English Summary: Mint Farming in Assam
Published on: 04 January 2023, 11:37 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now