Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 8 December, 2023 1:44 PM IST
বঁটা গ্ৰহণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী পুুৰুষোত্তম ৰূপালাৰ সৈতে ৰাজাৰাম ত্ৰিপাঠী

দেশৰ কৃষকসকলক এক সুকীয়া পৰিচয় প্ৰদানৰ উদ্দেশ্য আগশাৰীৰ কৃষি সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান কৃষি জাগৰণ মিডিয়া গ্ৰুপে আৰম্ভ কৰা ‘ভাৰতৰ কোটিপতি কৃষক বঁটা ২০২৩’ৰ আজি অন্তিম দিন। তিনিদিনীয়া এই বঁটা প্ৰদান অনুষ্ঠানক লৈ কৃষক ৰাইজৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি দেখিবলৈ পোৱা গৈছে। দিল্লীৰ আইএআৰআইৰ মেলা গ্ৰাউণ্ড আয়োজিত তৃতীয় তথা অন্তিম দিনত কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আৰু ভাৰতৰ আটাইতকৈ ধনী কৃষকৰ বঁটা লাভ কৰা ছত্তীশগড়ৰ ৰাজাৰাম ত্ৰিপাঠীক কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই ভাৰতৰ আটাইতকৈ ধনী কৃষকৰ বঁটা প্ৰদান কৰে।

ড° ৰাজাৰাম ত্ৰিপাঠী ছত্তীশগড়ৰ বাষ্টাৰ জিলাৰ বাসিন্দা। কৃষকগৰাকীয়ে যোৱা কেইবা দশক ধৰি খেতি কৰি আহিছে। প্ৰধানকৈ তেওঁ ঔষধি শস্যৰ খেতি কৰে। খেতি কৰাৰ পূৰ্বে দেশৰ আটাইতকৈ ধনী কৃষকৰ সন্মান লাভ কৰা ৰাজাৰাম ত্ৰিপাঠীয়ে পঢ়া-শুনা সমাপ্ত কৰি কলেজত অধ্যাপক আৰু তাৰ পিছত এছ বি আইৰ গ্ৰামীণ বেংকত মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰে। কিন্তু, খেতিৰ প্ৰতি তেওঁৰ সদায় এক আকৰ্ষণ আছিল। পৰৱৰ্তী সময়ত তেওঁ চাকৰি এৰি নিজৰ ভাল লগা ক্ষেত্ৰখনত ভৰি দিয়ে। আৰু বৰ্তমান দেশৰ ধনী কৃষকসকলৰ মাজত এজন।

তেওঁ কয় যে তেওঁ বছৰি কোটি কোটি ২৫ কোটি টকাৰ ব্যৱসায় কৰে। তেওঁ লগতে কয়  তেওঁৰ সমগ্ৰ কৃষকৰ গোটটোৱে অৰ্থাত প্ৰতিষ্ঠানটোৱে প্ৰতি বছৰে প্ৰায় ২.৫ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰি আছে। বঁটা গ্ৰহণ কৰি কৃষকগৰাকীয়ে দেশৰ কৃষকসকলক জৈৱিক কৃষিৰ দিশত আগবাঢ়িবলৈ আৰু ৰাসায়নিক পদাৰ্থৰ ওপৰত নিৰ্ভৰশীলতা ত্যাগ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে ভাৰতৰ আটাইতকৈ ধনী কৃষকৰ সন্মান লাভ কৰা কৃষক ৰাজাৰাম ত্ৰিপাঠীক জাপান এয়াৰ লাইন্সে তেওঁক ৭ দিনৰ বাবে জাপান ভ্ৰমণৰ সকলো খৰচ বহন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে।

লগতে পঢ়ক- 

কৃষকসকলে খেতিৰ দৰে ফুড প্ৰচেচিঙতো গুৰুত্ব দিব লাগিব- সুমন শৰ্মা

English Summary: Millionaires Richest Farmer Of India 2023 to Rajaram Tripathi
Published on: 08 December 2023, 11:52 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now