1. News

“কৃষকৰ আত্মহত্যা, হতাশাই কৃষকৰ প্ৰকৃত ছবি নহয়, কৃষিখণ্ডৰে জড়িত লাখপতি ব্যক্তিও আছে” এম চি ডমিনিক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
গৌৰখপুৰত সমৃদ্ধ কিষাণ উৎসৱত   KJৰ মু্খ্য সম্পাদক
গৌৰখপুৰত সমৃদ্ধ কিষাণ উৎসৱত KJৰ মু্খ্য সম্পাদক

দেশজুৰি কৃষি জাগৰণ মিডিয়া গ্ৰুপে অব্যাহত ৰাখিছে MFOI ৰোডশ্ব আৰু সমৃদ্ধ কিষাণ উতসৱ ২০২৪। শেহতীয়াকৈ দেশৰ কেইবাখনো ৰাজ্যৰ কৃষকৰ মাজত কৃষিজাগৰণ মিডিয়া গ্ৰুপে মহিন্দ্ৰা টেক্টৰৰ পৃষ্ঠপোষকতাত আৰু বিভিন্ন কৃষি খণ্ডৰে জড়িত উদ্যোগৰ সহযোগত সম্পন্ন কৰিছে MFOI ৰোডশ্ব আৰু সমৃদ্ধ কিষাণ উতসৱ ২০২৪।

আজি উত্তৰ প্ৰদেশৰ গৌৰখপুৰত এদিনীয়া কাৰ্যসূচীৰে কৃষকৰ মাজত অনুষ্ঠিত হয় MFOI ৰোডশ্ব আৰু সমৃদ্ধ কিষাণ উতসৱ ২০২৪। অনুষ্ঠানটোত গৌৰখপুৰৰ কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকলৰ লগতে উপস্থিত থাকে কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এমচি ডমিনিক। অনুষ্ঠানটোত মহিন্দ্ৰা টেক্টৰছৰ কেইবাজনো বিষয়াৰ লগতে বিজ্ঞানী ড০ ৰাজেশ কুমাৰ, কৃষি বিশেষজ্ঞ এ কে তিৱাৰীৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানটোত কৃষিক্ষেত্ৰলৈ বৈপ্লৱিক পৰিৱৰ্তন অনাত আধুনিক কৃষিযন্ত্ৰসমূহৰ গুৰুত্ব, কৃষিক্ষেত্ৰখনত লুকাই থকা সম্ভাৱনা, কৃষিৰ আধুনিক পদ্ধতি, MFOI কৃষি বঁটা আদি সন্দৰ্ভত আলোচনা হয়। অনুষ্ঠানটোত কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এমচি ডমিনিকে কয়- প্ৰতিবছৰে দেশত কৃষকৰ আত্মহত্যা সংখ্যা, কৃষকৰ হতাশাৰ কথা আমি সংবাদ মাধ্যমসমূহ আমি পাঁও। গতিকে কৃষকক বা কৃষি বৃত্তিক আমাৰ সমাজত এক সহানুভূতিসূচক দৃষ্টিৰে চোৱা হয়।

তেওঁ কয়-কিন্তু কৃষক বা কৃষিবৃত্তি বুলিলে যি পৰম্পৰাগত ধাৰণা এটা আমি কঢ়িয়াই লৈ ফুৰিছো তাৰ এখন বিপৰীত ছবিয়ো আছে। কৃষি বৃত্তিৰে জড়িত ব্যক্তিয়ে আত্মহত্যা কৰাৰ দৰেই কৃষিক বৃত্তি হিচাপে লৈ দেশৰ অগণন ব্যক্তিয়ে এক স্বচ্ছল জীৱন কটাই আহিছে। দেশত বহু কোটিপতি ব্যক্তিয়ো আছে। যাৰ বৃত্তি কৃষি। দেশৰ এই স্বচ্ছল জীৱন কটোৱা কৃষকসকলক লোকচক্ষুৰ সন্মুখলৈ লৈ অনাটো আমাৰ কৰ্তব্য। তেওঁলোকৰ সফলতাৰ কাহিনীৰ মাজেৰে কৃষিখণ্ডত লুকাই সম্ভাৱনাসমূহক লৈ যাবলৈ চেষ্টা চলাই আছে বুলি কয় কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এম চি ডমিনিকে। তেওঁ লগতে কয়- কৃষকসকলৰ সফলতাৰ কাহিনী দেশৰ অগণন লোকৰ মাজলৈ লৈ যাবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে আয়োজন কৰিছে MFOI কৃষক বঁটা।

লগতে পঢ়ক- 

জুনৰ পৰা অক্টোবৰৰ ভিতৰত এবিঘা মাটিত কৰক মাটিকঁঠালৰ খেতি

English Summary: millionaires involved in agriculture

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.