1. News

কৃষক মৰ্চা তিনিচুকীয়া জিলাৰ পথাৰো আমাৰ বজাৰো আমাৰ কাৰ্যসূচী শুভাৰম্ভ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
কৃষক মৰ্চা তিনিচুকীয়া জিলাৰ পথাৰো আমাৰ বজাৰো আমাৰ কাৰ্যসূচী শুভাৰম্ভ
কৃষক মৰ্চা তিনিচুকীয়া জিলাৰ পথাৰো আমাৰ বজাৰো আমাৰ কাৰ্যসূচী শুভাৰম্ভ

কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে কৃষক মৰ্চা তিনিচুকীয়া জিলাই "পথাৰো আমাৰ বজাৰো আমাৰ" কাৰ্যসূচী হাতত লৈছে। কৃষক মৰ্চা তিনিচুকীয়া জিলাই শনিবাৰে Tingrai Farmers Producer Company Ltd নামৰ FPCটোৰ অধীনত কণীধানৰ খেতি কৰাৰ হালবোৱা কাৰ্যসূচী শুভাৰম্ভ কৰে।

উল্লেখ্য যে বৰ্তমানৰ চৰকাৰখনে বজাৰখন পথাৰলৈ আনিবলৈ সমগ্ৰ ভাৰতবৰ্ষ জুৰি, Farmer Producer Company (কৃষক উৎপাদক কোম্পানী) চমুকৈ FPC গঠনৰ ব্যৱস্থা কৰিছে। FPC জৰিয়তে কৃষক সকল সংঘবদ্ধ কৰি শ্ৰেণীবদ্ধ(Cluster)ভাৱে খেতি কৰিবলৈ সকলো ধৰণৰ চৰকাৰী সা-সুবিধা প্ৰদান কৰিছে। সমগ্ৰ ভাৰতৰ লগতে অসমতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত FPCৰ উদ্যোগত বৃহৎ বৃহৎ কৃষি প্ৰকল্প স্থাপনৰ বাবে সকলো প্ৰকাৰৰ সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰখনে।

লগতে পঢ়ক- 

Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক

ইয়াৰেই অংশস্বৰূপে তিনিচুকীয়া জিলাৰ কৃষক সকলকো FPC জৰিয়তে সংঘবদ্ধ কৰি শ্ৰেণীবদ্ধভাৱে খেতি কৰাই বজাৰখন পথাৰলৈ আনিবলৈ Tingrai Farmers Producer Company Ltd. নামৰ এটা FPC যোৱা কিছুদিনৰ আগতে গঠন কৰা হয়। উক্ত FPCটোৰ প্ৰথম প্ৰদক্ষেপ হিচাপে ভাত আৰু ৰুটিৰ বিকল্প খাদ্য হিচাপে ব্যৱহাৰ কৰিবলৈ সমগ্ৰ ভাৰতবৰ্ষ জুৰি চৰ্চিত হৈ থকা Millet(কণীধান)ৰ খেতি কৰিবলৈ হাল বোৱা কাৰ্যসূচী হাতত লোৱা হয়।

কাৰ্যসূচীত উপস্থিত আছিল FPCটোৰ দুই সঞ্চালক তথা ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা অসম প্ৰদেশৰ সাধাৰণ সম্পাদক সঞ্জীৱ বড়া আৰু তিনিচুকীয়া জিলা কৃষক মৰ্চাৰ সাধাৰণ সম্পাদকচিত্ৰ ৰঞ্জন গগৈৰ লগতে কৃষক উৎপাদক কোম্পানীটোৰ সদস্য কৃষকসকল।

লগতে পঢ়ক- 

মন্ত্ৰী পীযুষ হাজৰিকাক ‘অতি ভক্তি চুৰৰ লক্ষণ’ বুলি কটাক্ষ বিধায়ক অখিল গগৈৰ

English Summary: Millet farming start Tinsukia district Kisan Morcha

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.